• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

3 weeks ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

19 minutes ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

50 minutes ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

1 hour ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

2 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

3 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

4 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

4 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

5 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

6 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

20 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

21 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

ব্যক্তিগত খণ্ডৰ চাকৰিত যোগদান, পাব লাখ লাখ টকা দৰমহা

editor by editor
September 3, 2026
in নিয়োগ, বিবিধ, ভাৰত, লেখা
0
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ
0
SHARES
320
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বালাকোট এয়াৰষ্ট্ৰাইকৰ সময়ত পাকিস্তানৰ হাতত বন্দী হৈ প্ৰায় ৬০ ঘণ্টা কটোৱা ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্তমানে বায়ুসেনাৰ চাকৰিৰ পৰা স্বেচ্চামূলক অৱসৰ লৈ এতিয়া নতুন কেৰিয়াৰ আৰম্ভৰ বাবে মন মেলিছে। প্ৰায় দুটা দশক ভাৰতীয় বায়ুসেনাত সেৱা আগবঢ়োৱাৰ পিছত তেওঁ বায়ুসেনাৰ পৰা অৱসৰ লৈ ব্যক্তিগত বিমান সংস্থা FLY91ত যোগদান কৰিছে। নিউজ এজেন্সী PTIৰ তথ্য অনুসৰি, অভিনন্দনে চলিত বৰ্ষৰ ৩১ মাৰ্চতে ভাৰতীয় বায়ুসেনা এৰিছিল আৰু আগষ্ট মাহত ব্যক্তিগত বিমান সংস্থাটোত যোগদান কৰে। এতিয়াৰ পৰা তেওঁ যুদ্ধবিমানৰ পৰিৱৰ্তে যাত্ৰীবাহী বাণিজ্যিক বিমান চলাব।

অভিনন্দন বৰ্তমানে বায়ুসেনাৰ পৰা স্বাভাৱিকভাৱে অৱসৰ লোৱাৰ সময় আছিল ২০৩৭ চন। সেই সময়ত তেওঁৰ বয়স প্ৰায় ৫৪ বছৰ হ’লহেঁতেন। কিন্তু তাৰ পূৰ্বেই তেওঁ বায়ুসেনাৰ পৰা অৱসৰ লৈ অসামৰিক বিমান পৰিবহণ ক্ষেত্ৰত কেৰিয়াৰ গঢ়াৰ সিদ্ধান্ত ল’লে। বায়ুসেনাৰ সেৱাৰ সময়ত অভিনন্দন MiG-21 Bison যুদ্ধবিমানৰ পাইলট আছিল। ২০১৯ চনৰ ভাৰত-পাকিস্তানৰ সামৰিক সংঘাতৰ সময়ত তেওঁ সাহসিকতাৰ বাবে দেশজুৰি পৰিচিত হৈ পৰিছিল।

২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত CRPFৰ কনভয়ত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। এই আক্ৰমণত ৪০জনকৈ CRPF জোৱান শ্বহীদ হৈছিল। ইয়াৰ পিছত ২৬ ফেব্ৰুৱাৰী ২০১৯ত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত এয়াৰষ্ট্ৰাইক চলায়। তাৰ পিছদিনা, অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীত, পাকিস্তানৰ কেইবাখনো যুদ্ধবিমান ভাৰতীয় আকাশসীমাৰ ফালে আগবাঢ়ি আহে। সেই সময়ত শ্ৰীনগৰ বায়ুসেনা ষ্টেচনত MiG-21 Bison স্কোৱাড্ৰনত নিয়োজিত আছিল অভিনন্দন। তেওঁক পাকিস্তানী যুদ্ধবিমানক বাধা দিবলৈ পঠিওৱা হৈছিল। পাকিস্তানী F-16 ধ্বংস কৰাৰ পিছত গুলীবিদ্ধ হৈছিল তেওঁৰ MiG-21। বায়ুযুদ্ধৰ সময়ত অভিনন্দনে এখন পাকিস্তানী F-16 যুদ্ধবিমানক গুলীয়াই ধ্বংস কৰাৰ দাবী ভাৰতীয় পক্ষই কৰিছিল। অৱশ্যে সেই সময়তে তেওঁৰ MiG-21 Bison বিমানখনো ক্ষেপণাস্ত্ৰৰ আঘাতত ক্ষতিগ্ৰস্ত হয়। বিমানখন নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ পিছত অভিনন্দনে ইজেক্ট কৰি পেৰাছুটৰ সহায়ত তললৈ নামি আহে। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ ভাৰতীয় ভূখণ্ডত নহয়, পাকিস্তান-অধিকৃত কাশ্মীৰৰ (PoK) অঞ্চলত অৱতৰণ কৰে। তাতেই পাকিস্তানী সেনাই তেওঁক আটক কৰে। অভিনন্দন বন্দী হোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছিল। ভাৰত চৰকাৰে তেওঁৰ সুৰক্ষিত আৰু শীঘ্ৰে মুক্তিৰ বাবে পাকিস্তানৰ ওপৰত তীব্ৰ কূটনৈতিক চাপ সৃষ্টি কৰে। অৱশেষত পাকিস্তানে অভিনন্দনক ভাৰতলৈ ঘূৰাই দিয়াৰ ঘোষণা কৰে। ২০১৯ চনৰ ১ মাৰ্চত প্ৰায় ৬০ ঘণ্টা পাকিস্তানৰ জিম্মাত থকাৰ পিছত অভিনন্দন ৱাঘা-আটাৰী সীমান্তৰে ভাৰতলৈ উভতি আহে। তেওঁৰ উভতি অহাৰ দৃশ্য সেই সময়ত সমগ্ৰ দেশতে ব্যাপক চৰ্চিত হৈছিল।

২০১৯ চনৰ বায়ুযুদ্ধত দেখুওৱা সাহসিকতাৰ বাবে অভিনন্দন বৰ্তমানক ২০২১ চনত ‘বীৰ চক্ৰ’ সন্মানেৰে সন্মানিত কৰা হয়। বীৰ চক্ৰ ভাৰতৰ যুদ্ধকালীন সাহসিকতাৰ অন্যতম সন্মানীয় সামৰিক পদক। অভিনন্দনৰ সাহসিকতা আৰু কৰ্তব্যনিষ্ঠাৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হৈছিল।

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ লোৱাৰ পিছত অভিনন্দনে পেঞ্চন লাভ কৰিব। প্ৰাক্তন সৈনিক কল্যাণ বিভাগৰ তথ্য অনুসৰি, গ্ৰুপ কেপ্টেইন পদৰ মূল দৰমহা আৰু Military Service Pay (MSP) মিলি যথেষ্ট পৰিমাণৰ হয়। তেওঁৰ প্ৰকৃত পেঞ্চন তেওঁৰ শেষ দৰমহা, সেৱাৰ মুঠ সময় আৰু অন্যান্য সেৱা-সংক্রান্ত তথ্যৰ ওপৰত নিৰ্ভৰ কৰিব। আনহাতে, পেঞ্চনৰ সৈতে নিয়ম অনুসৰি মহাৰ্ঘ ভাট্টাৰ সুবিধাও লাভ কৰিব পাৰে। অৰ্থাৎ, বায়ুসেনাৰ পৰা অৱসৰ লোৱাৰ পিছতো তেওঁৰ নিয়মীয়া পেঞ্চনৰ আয় অব্যাহত থাকিব। এতিয়া অভিনন্দন বৰ্তমান ব্যক্তিগত বিমান সংস্থা FLY91ৰ পাইলট। ব্যক্তিগত বিমান সংস্থাত পাইলটসকলৰ দৰমহা অভিজ্ঞতা, পদ, বিমানৰ ধৰণ আৰু উৰণৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে অভিজ্ঞসম্পন্ন পাইলটসকলে মূল দৰমহাৰ উপৰি উৰণৰ ঘণ্টাৰ ওপৰত ভিত্তি কৰি ভাট্টাসহ বিভিন্ন সুবিধা লাভ কৰে। অভিজ্ঞতা বৃদ্ধি পালে কেপ্টেইন হিচাপে অধিক দৰমহা লাভ কৰাৰ সুযোগো থাকে।

এতিয়া ATR 72-600 বিমান উৰুৱাব অভিনন্দনে। বায়ুসেনাত তেওঁ MiG-21ৰ দৰে ছুপাৰছনিক যুদ্ধবিমান উৰুৱাইছিল। কিন্তু FLY91ত তেওঁৰ কামৰ ধৰণ সম্পূৰ্ণ বেলেগ হ’ব। তেওঁ ATR 72-600ৰ দৰে যাত্ৰীবাহী টাৰ্ব’প্ৰপ বিমান উৰুৱাব। এই বিমানসমূহ মূলতঃ কম দূৰত্বৰ আঞ্চলিক বিমান সেৱাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু সাধাৰণতে প্ৰায় ৭০জন যাত্ৰী কঢ়িয়াব পাৰে। অৰ্থাৎ, দেশৰ সুৰক্ষাৰ বাবে যুদ্ধবিমান উৰুৱাই থকা অভিনন্দনে এতিয়া সাধাৰণ যাত্ৰীক এক স্থানৰ পৰা আন স্থানলৈ সুৰক্ষিতভাৱে লৈ যোৱাৰ দায়িত্ব পালন কৰিব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: airforceasom live24India Pakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে
অপৰাধ

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

September 23, 2026
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম
প্ৰযুক্তি

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

September 23, 2026
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?
জীৱনশৈলী

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

September 23, 2026
Next Post
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.