নিকৃষ্ট, ভাৰতৰ পতাকা বাদ দি কেৱল ৭ দলৰ পতাকা উৰিল পাকিস্তানৰ ষ্টেডিয়ামত
চেম্পিয়নছ ট্ৰফীত বিচিচিআই আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মাজত হোৱা সংঘাতৰৰ বাবে এইবাৰ আন এক নতুন দিশ দেখিবলৈ পোৱা গৈছে। পাকিস্তানৰ ষ্টেডিয়ামত পতাকা উত্তেলনৰ সময়ত দেখিবলৈ পোৱা যায কেৱল ৭ দেশৰ পতাকা।
আই চি চি চেম্পিয়নছ ট্ৰফীৰ আয়োজক পাকিস্তানে লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত ভাৰতৰ পতাকা উত্তোলন কৰা নাছিল পাকিস্তান ক্ৰিকেট বৰ্ডে। ভাৰতক বাদ দি বাকি কেউখন দেশৰ পতাকা উৰুৱাইছিল পাকিস্তান ক্ৰিকেট বৰ্ডে।
উল্লেখ্য যে, যিকোনো প্ৰতিযোগিতাৰ আয়োজক দেশৰ বাবে সকলো দলৰ পতাকা উত্তোলন কৰাটো বাধ্যতামূলক, কিন্তু এই নিয়ম থকাৰ পাছতো ভাৰতীয় পতাকা বাদে লাহোৰত সাতখন দেশৰ পতাকা উত্তোলন কৰা হয়।
পাকিস্তানৰ এই ঘৃণনীয় কাণ্ডৰ ভিডিঅ’ বৰ্তমানে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ভাৰতীয় অনুৰাগীয়ে ধিক্কাৰ দিছে পাকিস্তানৰ এনে কাৰ্যত।
https://x.com/Rnawaz31888/status/1891070145314906408
পিচিবিয়ে এই পতাকা উৰি থকা এটা ভিডিঅ’ মুকলি কৰাৰ লগে লগে ভাইৰেল হৈ পৰে। অনুৰাগীসকলে লগে লগে দাবী কৰে যে পাকিস্তানে ইচ্ছাকৃতভাৱে এই কাম কৰে কাৰণ ভাৰতে সুৰক্ষাজনিত কাৰণত পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছিল। যি কাৰ্যত অপমানবোধ কৰিছিল দেশখনে।।
মন কৰিবলগীয়া যে দীৰ্ঘদিন ধৰি পিচিবি আৰু বিচিচিআইৰ মাজত অচলাৱস্থা চলি আহিছে। বিচিচিআইয়ে স্পষ্ট কৰি দিছিল যে যিহেতু ভাৰত চৰকাৰে দলটোক পাকিস্তান যাবলৈ অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল, সেয়ে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানলৈ নাযায় প্ৰতিযোগিতাখন খেলিবলৈ। দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত অৱশেষত দুয়োপক্ষই এই কথাত সন্মতি প্ৰকাশ কৰিছিল যে ভাৰতে নিজৰ সকলো খেল নিৰপেক্ষ স্থান অৰ্থাৎ ডুবাইত খেলিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ