ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ এটা ভিডিঅ’৷ ভিডিঅ’টো দেখিলে আপোনাৰ দুচকুও ভৰি পৰিব৷ ভাইৰেল ভিডিঅ’টো এটা কণমানি আৰু এটা অপহৰণকাৰীৰ৷ ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে অপহৰণকাৰীটোক সাবটি কান্দোনত ভাঙি পৰিছে শিশুটো৷ কোনো কাৰণতে অপহৰণকাৰীটোক এৰি যাবলৈ সাজু নহয় শিশুটি৷ ১৪ মাহ পূৰ্বে বিশেষ শিশুটোক অপহৰণ কৰিছিল অপহৰণকাৰীটোৱে৷ তেতিয়াৰে পৰা প্ৰায় ডেৰ বছৰ সময় একেলগে আছে শিশু আৰু অপহৰণকাৰী৷
অৱশেষত আৰক্ষীৰ জালত পৰিছে অপহৰণকাৰীটো৷ শিশুটিৰ পিতৃ-মাতৃয়ে শিশুটিক উভতাই পাই আনন্দতে সাবটিব খোজোতেই শিশুটিয়ে কিন্তু পিতৃ-মাতৃক নহয় সাবটি ধৰিছে অপহৰণকাৰীটোকহে৷ অপহৰণকাৰীটোক এৰি পিতৃ-মাতৃৰ কাষলৈকো যাব খোজা নাই শিশুটিয়ে৷ শিশুটিৰ কান্দোন দেখি নকন্দাকৈ থাকিব পৰা নাই অভিযুক্ত অপহৰণকাৰীৰ লগতে আৰক্ষীও৷ এই দৃশ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে এতিয়া ছ’চিয়েল মিডিয়াত।
তথ্য অনুসৰি ১৪ মাহ পূৰ্বে জয়পুৰত এটা শিশু অপহৰণ হৈছিল। ১৪ মাহৰ পাছত আৰক্ষীয়ে শিশুটিৰ সৈতে অভিযুক্তক আটক কৰিছে৷ যেতিয়া শিশুটিক পৰিয়ালৰ লোকক গতাই দিয়াৰ সময় আহিল তেতিয়া শিশুটিয়ে অপহৰণকাৰীক এৰি যাবলৈ মান্তি হোৱা নাই। এই পৰিস্থিতিত আৰক্ষীয়ে অভিযুক্তৰ লগত থকা শিশুটিক বলপূৰ্বক মুক্ত কৰি পৰিয়ালৰ হাতত গতাই দিয়ে। শিশুটিয়ে কান্দি থকা দেখি অপহৰণকাৰীজনেও কান্দিবলৈ ধৰিলে।
https://x.com/_RishabhRajput/status/1829411365901021254
সমগ্ৰ ঘটনাটো কি?
বিগত বৰ্ষৰ ১৪ জুনত জয়পুৰৰ সংগনেৰৰ পৰা ১১ মহীয়া পৃথ্বী ওৰফে কুকুক অপহৰণ কৰা হৈছিল। ১৪ মাহৰ পাছত আৰক্ষীয়ে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰি শিশুটিক উদ্ধাৰ কৰে। এই সময়ছোৱাত যেতিয়া শিশুটিক গতাই দিয়াৰ পাল আহিল, তেতিয়া শিশুটিয়ে অপহৰণকাৰীক জোৰেৰে সাবটি কান্দিবলৈ ধৰে। এই দৃশ্য দেখি আৰক্ষীৰ চকুও সেমেকি উঠিল৷ জানিব পৰা মতে প্ৰায় ১৪ মাহ ধৰি শিশুটি অপহৰণকাৰীৰ জিম্মাত আছিল যদিও শিশুটিৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই। ইয়াৰ বিপৰীতে অভিযুক্তই শিশুটিৰ যত্ন লোৱাৰ লগতে নতুন কাপোৰ আৰু খেলনাও কিনি দিছে। প্ৰতিবেদন অনুসৰি অভিযুক্তৰ নাম তনুজ চহৰ, পূৰ্বে উত্তৰ প্ৰদেশ আৰক্ষীৰ মুখ্য কনিষ্টবল আছিল৷ বৰ্তমান নিলম্বিত হৈ আছে। শিশুটিক অপহৰণ কৰাৰ পিছত তেওঁ চেহেৰা সলনি কৰি দাড়ি গোঁফ গজাই সাধু হিচাপে জীৱন কটায় আছিল৷ শেষত আৰক্ষীয়ে আলিগড়ৰ পৰা শিশুসহিতে তেওঁক গ্ৰেপ্তাৰ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ