এক ডাঙৰ অভিলেখ গঢ়িলে বিৰাটে, যি আনৰ বাবে ভংগ কৰাটো হৈ পৰিব কিছু টান
নিউজিলেণ্ডৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ খেলত খেলপথাৰত নামিয়ে অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে। ১৪ টা বলত ১১ ৰান কৰিয়ে আউট হলেও নিজৰ নামত কৰি গ’ল এক অভিলেখ।
ভাৰতীয় দলৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ইতিহাস সৃষ্টি কৰি ডাঙৰ অভিলেখ গঢ়ে। চেম্পিয়নছ ট্ৰফী ২০২৫ৰ অন্তিমখন লীগ মেচত বিৰাটে আজি খেলপথাৰত নামিয়ে এনে এক অভিলেখ গঢ়ে, যি ভংগ কৰাটো কিছু টান হৈ পৰিব অন্য খেলুৱৈৰ সাপেক্ষে।
আজি দেওবাৰে ২ মাৰ্চ তাৰিখে নিউজিলেণ্ডৰ বিৰুদ্ধে খেল পথাৰত নামিছে ভাৰতীয় দলটোৱে। দুয়োটা দলে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে আৰু এই মেচখন তেওঁলোকৰ বাবে এক আনুষ্ঠানিকতা মাথোঁ। বিজয়ী দলটোৱে পইণ্ট তালিকাত শীৰ্ষ স্থানত থাকিব।
বৰ্তমানলৈ ভাৰতে মাথো ৭ অভাৰতেই ৩০ ৰান কৰি ৩ টা উইকেট হেৰুৱালে। তাকো ৰোহিত, গিল, বিৰাটৰ দৰে তাৰকা হেৰুৱালে ভাৰতে। কিন্তু এই ক্ষেত্ৰত বিৰাট কিছু ভিন্ন।
বিৰাট কোহলিয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ ৩০০খন এদিনীয়া, ১০০খন টেষ্ট আৰু ১০০খন টি-২০ মেচ খেলা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হ’য়।
ইয়াৰ উপৰি বিৰাটে ২৯৯খন এদিনীয়া, ১২৩খন টেষ্ট আৰু ১২৫খন টি-২০ মেচ খেলিছে। এদিনীয়াত ১০ হাজাৰ ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত বেটছমেন বিৰাটে এদিনীয়াত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াই আহিছে আৰু শেহতীয়াকৈ ১০ হাজাৰ ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত বেটছমেন হিচাপে পৰিগণিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ