ৰাছিয়াৰ সন্মুখত এতিয়া ডাঙৰ সমস্যা৷ সমস্যা সমাধানৰ বাবে দেশৰ নাগৰিকসকলক কৰ্মক্ষেত্ৰত মধ্যাহ্নভোজন আৰু কফি বিৰতিৰ মাজে মাজে সংগমৰ পৰামৰ্শ দিছে ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ চৰকাৰে৷ এই পুৰামৰ্শক সকলোৱে আচৰিত মানিলেও এয়াই সত্য৷ সমস্যা সমাধানৰ বাবে এই কাম কৰিবই লাগিব বুলি পৰামৰ্শ দিছে ৰাছিয়াৰ চৰকাৰে৷ কিন্তু কি সমস্যা হৈছে ৰাছিয়াত যাৰ বাবে সংগমৰ পৰামৰ্শ দিবলগীয়াত পৰিছে পুটিনৰ চৰকাৰে?
বিভিন্ন সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি ৰাছিয়াত জন্মৰহাৰ এনেকৈ কমিছে যে তাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰুছ চৰকাৰ৷ আৰু সেই সমস্যাৰ মোকাবিলাৰ বাবে দেশৰ জনসাধাৰণক কামৰ মাজে মাজে সংগমৰ পৰামৰ্শ দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা৷ সংবাদমাধ্যম মেট্ৰোৰ প্ৰতিবেদন অনুসৰি, ৰাছিয়াত শিশু জন্মৰ হাৰত বৰ্তমান মহিলা পিছুৱাই গৈছে৷ অন্যহাতে স্থিতিশীল জনসংখ্যা বজায় ৰখাৰ বাবে সেই দেশত জন্মৰ হাৰ বঢ়োৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ সেই কথা মূৰত ৰাখিয়েই কৰ্মক্ষেত্ৰত কামৰ মাজত সংগম কৰাৰ আৰ্জি জনাইছে চৰকাৰে৷
পুটিনৰ সংগম সংক্ৰান্তীয় পৰামৰ্শ দিয়াৰ নেপথ্যত কেৱল এয়াই কাৰণ নহয়৷ চৰকাৰী ৰিপৰ্টে কৈছে যে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পাছৰ পৰা প্ৰায় ১০ লাখ ৰুছ তৰুণ তৰুণীয়ে সেই দেশ এৰিছে৷ এই বিষয়টোক লৈয়ো চিন্তা বাঢ়িছে ৰাছিয়াৰ৷ আৰু সেই কাৰণ আগত ৰাখিয়েই পুটিনৰ চৰকাৰে কৰ্মক্ষেত্ৰত মধ্যাহ্নভোজ আৰু কফি বিৰতিৰ সময়ত সংগমৰ আৰ্জি জনোৱা হৈছে দেশবাসীয়ে৷ ৰাছিয়াৰ স্বাস্থ্যমন্ত্ৰী ইয়েভজেনি চেস্তোপলোভে সম্প্ৰতি সংবাদমেল আয়োজন কৰি ৰাছিয়াৰ চাকৰিয়াসকলক এই আৰ্জি জনাইছে৷
চেস্তোপলোভৰ দাবী, সন্তানধাৰণৰ বাবে কৰ্মক্ষেত্ৰত অতিৰিক্ত ব্যস্ততাৰ অজুহাত সেই দেশত দেখুৱালে নহ’ব৷ কৰ্মক্ষেত্ৰতেই মধুসময় কটোৱাৰ সুযোগ চৰকাৰী কৰ্মচাৰীক দিয়া হৈছে৷ কৰ্মক্ষেত্ৰত সেই বিশেষ সময়ৰ বাবে বিৰতি দিয়া হ’ব৷ কোনোৱে ইয়াক বেআইনী বুলি দাবী কৰিব নোৱাৰিব৷
কিন্তু কেনেকৈ ১২-১৩ ঘণ্টা কাম কৰি এজন কৰ্মীয়ে সন্তান ধাৰণ কৰাৰ কথা চিন্তা কৰিব? সাংবাদিকেও এই একেই প্ৰশ্ন কৰিছিল সংবাদমেলত৷ তেতিয়া উত্তৰত ৰাছিয়াৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘জীৱন খুব দ্ৰুতগতিত আগুৱাই৷ কামত ব্যস্ত থকাৰ অজুহাত খুব এটা যুক্তিগ্ৰাহ্য হ’ব নোৱাৰে৷ কামৰ মাজতো ব্যক্তিগত সময় কটাব পাৰি৷ প্ৰিয়জনক সময় দিবলৈ কাম অজুহাত কেনেকৈ হ’ব পাৰে?’
উল্লেখ্য যে ইয়াৰ পূৰ্বে খোদ পুটিনেও জন্মহাৰ কমি যোৱাটোক ৰাষ্ট্ৰীয় পৰ্যায়ত বিবেচনা কৰিবলগা বিষয় বুলি প্ৰকাশ কৰিছিল৷ জনসংখ্যা হ্ৰাসৰ উদ্বেগ কমাবলৈ দেশৰ জনগণক কৰ্মক্ষেত্ৰত সংগমৰ পৰামৰ্শ দিয়াৰ বাবে গত্যন্তৰ নাছিল ৰাছিয়া চৰকাৰৰ৷ ইয়াৰোপৰি বিনামূলীয়াকৈ মহিলাসকলৰ প্ৰজনন ক্ষমতা পৰীক্ষাৰো ব্যৱস্থা কৰা আছে সেই দেশত৷ সন্তানধাৰণ কৰা কৰ্মীসকলক অনুপ্ৰাণিত কৰাটো কোনো ত্ৰুটি ৰখা নাই পুটিন চৰকাৰে৷ এক প্ৰতিবেদনে প্ৰকাশ কৰা অনুসৰি ৰাছিয়াৰ চেলিয়াবিনস্ক অঞ্চলত ২৪ বছৰৰ কম বয়সীয়াই প্ৰথম সন্তানৰ জন্ম দিয়া মহিলাক ৮,৫০০ পাউণ্ড কৰি দিয়াৰ সিদ্ধান্ত লৈছে স্থানীয় প্ৰশাসনে৷ ইয়াৰোপৰি গৰ্ভপাতো নি৷ষিদ্ধ কৰা হৈছে ৰাছিয়াত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ