বহু লোকৰ গাডী়ত ভ্ৰমণ কৰাৰ কথা ক’লেই ভয় শংকাত সংকোচিত হৈ পৰে৷ কাৰণ তেওঁলোকে গাড়ীত যাত্ৰা কৰিলেই বমি কৰে৷
কিছুমানে মানুহে নাতি দীৰ্ঘ দূৰত্ব গাড়ীৰে যাত্ৰা কৰিলেও বমি কৰাৰ পৰিৱৰ্তে আন একাংশই দীৰ্ঘ দূৰত্ব যাত্ৰা কৰিলে এই সমস্যাত ভোগে৷
গাড়ীৰে ভ্ৰমণ কৰাৰ সময়ত বমি হোৱা বা বমি বমি লগা ৰোগক Motion Sickness Symptoms বুলিও কোৱা হয়।বিশেষজ্ঞৰ প্ৰকাশ কৰা অনুসৰি সাধাৰণে শংকা বা ভয়ে ভয়ে ভ্ৰমণ কৰিলেও এনে ধৰণৰ সমস্যাই দেখা দিয়ে।
লগতে পঢ়ক উলংগ হৈ শুৱাৰ উপকাৰিতা: ৰাতি উলংগ হৈ শুলে স্বাস্থ্যৰ কি কি উপকাৰ হয়?
বহুতে এনে সমস্যাৰ পৰা ৰেহাই পাবলৈ টেবলেটো গ্ৰহণ কৰা দেখা যায়৷ এনে সমস্যাৰ মুক্তি পাবলৈ কিছুমান ঘৰুৱা নিয়ম মানি চলিলেও সুফল পোৱা যায়৷
১. নেমুৱে এনে সমস্যাৰ আপোনাক ৰেহাই দিব পাৰে৷ বমি বমি ভাব আহিলে নেমু খাই দিব পাৰে৷ নেমু পাত শুঙি দিলেও এই সমস্যাৰ পৰা হেৰাই পোৱা যায়৷ সেয়ে তেনে সমস্যাত ভুগি থকা মানুহে যাত্ৰাৰ সময়ত কটা টেঙা নেমু আৰু পাতো লৈ থাকিব পাৰে৷ আনহাতে কটা নেমুত জালুক দি অলপ ক’লা নিমখ লগাই খালে বমি ভাব নাইকিয়া হয়।
২. আৰু এটা ঘৰুৱা উপায়ো আছে৷ সেই উপায়েও আপোনাক ইয়াৰ পৰা সকাহ দিব পাৰে৷ সেয়া হৈছে আদা। অৰ্থাৎ বমি বমি ভাব অহাৰ সময়ত আদা খাই দিলেও আপুনি এই সমস্যাৰ সকাহ পাব পাৰে৷
লগতেপঢ়ক অৰুণাচলৰ পৰা পলুৱাই আনিলে কিশোৰীক, বাল্য বিবাহকলৈ উত্তপ্ত অসমৰ এখন গাঁও
৩. লং গুটি চুবাই থাকিলেও এনে সমস্যাৰ হাত থাকিব পাৰিব৷ সেয়ে যাত্ৰাৰ সময়ত লং গুটি লৈ থাকিব পাৰে৷ আৰু বমি ভাব আহিলেই লং গুটি এটা চুবাই দি ইয়াৰ পৰা মুক্ত হৈ থাকিব পাৰে৷
৪. তুলসী পাত খালেও এই সমস্যাৰ পৰা হাত হাৰিব পাৰি৷ অৰ্থাৎ বমি বমি ভাৱ আহিলে তুলসী পাত চুবাই থাকিলেই এনে সমস্যাই দেখা নিদিব৷
৫. নেমু আৰু পদিনাৰ ৰস ক’লা নিমখ সৈতে খালেও আপুনি তেনে সমস্যাৰ মুক্ত হৈ থাকিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















