অসম লাইভ২৪ঃ সমগ্ৰ দেশৰ খবৰৰ শিৰোনামত চন্দ্ৰযান-৩। চন্দ্ৰৰ অন্ধকাৰ মাটিত অৱতৰণ কৰিব ভাৰতৰ চন্দ্ৰযান-৩য়ে। চন্দ্ৰযান-৩ৰ অভিযান সফল হ’লে ভাৰতৰ হাতলৈ আহিব চন্দ্ৰৰ বহু অজানা তথ্য। চন্দ্ৰযান-৩ য়ে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰাৰ আগতেই মানুহে ভাৱিবলৈ আৰম্ভ কৰিছে আন এক কথাহে। চন্দ্ৰত মাটি ক্ৰয় কৰাৰ কথা। কিন্তু বহুতৰে মনত উদয় হৈছে আন এক প্ৰশ্ন চন্দ্ৰত মাটি কিনা কেনেকৈ সম্ভৱ। ইতিমধ্যেই একাধিক মিডিয়া ৰিপৰ্টত চন্দ্ৰত মাটি ক্ৰয় কৰাৰ খবৰ পোহৰলৈ আহিছে। কিন্তু এই ৰিপৰ্ট কিমান সঁচা?
আন্তৰ্জাতিক মহাকাশ আইনে কি কয়?
আন্তৰ্জাতিক মহাকাশ আইন অনুসৰি, পৃথিৱীৰ কোনো দেশৰ মহাকাশৰ ওপৰত অধিকাৰ নাই। চন্দ্ৰ, তাৰকা ৰাজ্য, মহাকাশৰ অন্য বস্তুৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য। অৰ্থাৎ চন্দ্ৰত ওপৰত কোনো দেশেই মালিকীস্বত্ব দাবী কৰিব নোৱাৰে। এই বিশয়ে আন্তৰ্জাতিক মহাকাশ আইনত উল্লেখ আছে। এই পৰিস্থিতিত স্বাভাৱিক প্ৰশ্নটোৱেই হৈছে মালিকীস্বত্ব নাপালেও কোনো দেশৰ নাগৰিকে চন্দ্ৰত মাটি কিনিব খুজিলে কিন্তু কোনো বাধা নিষেধ নাই। অৱশ্যে আন্তৰ্জাতিক মহাকাশ আইনে চন্দ্ৰত মাটি কিনাৰ বাবে কোনো আইনি স্বীকৃতি নিদিয়ে। একাধিক মিডিয়া ৰিপৰ্টে দাবী কৰামতে, লুনা ছচাইটি ইণ্টাৰনেশ্ব্যনেল আৰু ইণ্টাৰনেশ্ব্যনেল লুনাৰ লেণ্ডছ ৰেজিষ্ট্ৰী হ’ল এনে এক কোম্পানী যিয়ে চন্দ্ৰত মাটি বিক্ৰী কৰে। মূলত এই সংস্থাৰ মাধ্যমেৰেউ বহুতে চন্দ্ৰত মাটি কিনিছে। যদি দামৰ হিচাপত চোৱা হয় তেন্তে lunarregistry.comত গৈ দাম চাব পাৰে। চন্দ্ৰত এক একৰ মাটিৰ দাম ৩৭.৫০ ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত ৩,০৮০ টকা।
চন্দ্ৰত মালিকানাস্বত্ত্ব
চন্দ্ৰত মাটি কিনি প্ৰিয়জনক উপহাৰ দিয়াটো পৃথিৱীৰ বহু মানুহৰেই এটা চখ। এয়া বৰ্তমান এক ট্ৰেণ্ডলৈকো ৰূপান্তৰ হৈছে। চন্দ্ৰত মানুহৰ বসতি প্ৰায় অসম্ভৱ তথাপিও আমি মানুহ। আৰু মানুহৰ এটা এৰাব নোৱাৰা অভ্যাসেই হৈছে, আকাশত চাং পতা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ