আপুনি এটা নিৰাপদ আৰু নিয়মিত মাহিলী আয় কৰিব খুজিছে? ডাকঘৰ মাহিলী আয় স্কিমে আপোনাৰ প্ৰয়োজন পূৰণ কৰিব পাৰে৷ চৰকাৰ সমৰ্থিক এই স্কিমে বাৰ্ষিক ৭.৪শতাংশ সুদৰ হাৰত এটা নিৰ্দিষ্ট মাহিলী আয় প্ৰদান কৰে যি প্ৰতিমাহে আপোনাৰ একাউণ্টত জমা হয়৷ নিৰাপদ এই স্কিম বিনিয়োগকাৰীৰ বাবে এক স্থিতিশীল আৰু নিৰ্ভৰযোগ্য বিকল্প হিচাপে প্ৰমাণিত হয়৷
এম আই এছ একাউণ্ট খুলিবলৈ বিনিয়োগৰ সীমা কিমান আৰু প্ৰতিমাহে ৭৫০০ টকা আয় কৰিবলৈ কিমান বিনিয়োগ কৰিব লাগিব?
কোনে কোনে এম আই এছ একাউণ্ট খুলিব পাৰে?
যিকোনো প্ৰাপ্তবয়স্ক ব্যক্তি (একক একাউণ্ট)
২-৩ জন প্ৰাপ্তবয়স্কৰ মাজত যৌথ একাউণ্ট
অভিভাৱকৰ মাধ্যমেৰে নাবালক বা মানসিকভাৱে অসুস্থ ব্যক্তিৰ বাবে একাউণ্ট
১০ বছৰতকৈ বেছি বয়সীয়া নাবালকে তেওঁলোকৰ নামত এটা একাউণ্ট খুলিব পাৰে৷
বিনিয়োগৰ নিয়ম আৰু সীমা?
একাউণ্টটো সৰ্বনিম্ন ১০০০ টকা দি খুলিব পাৰে আৰু তাৰপিছত ১০০০ টকাৰ গুণিতকত আপুনি বিনিয়োগ কৰিব পাৰে৷
এজন ব্যক্তিয়ে সৰ্বোচ্চ ৯ লাখ টকা বিনিয়োগ কৰিব পাৰে৷
এটা একাউণ্টত মুঠ বিনিয়োগ সৰ্বোচ্চ ১৫ লাখ টকা পৰ্যন্ত হব পাৰে৷ যাতে সকলো বিনিয়োগকাৰীৰ সমান অংশ থাকে৷
অপ্ৰাপ্তবয়স্কসকলৰ বাবে অভিভাৱক একাউণ্টৰ সীমা ভিন্ন৷
সুদ আৰু অৰ্থ প্ৰদান?
প্ৰতিমাহে একাউণ্টত সুদ জমা হব৷
এম আই এছ একাউণ্ট থকা সুবিধাভোগীৰ অট ক্ৰেডিট বা ই চি এছৰ মাধ্যমেৰে যিকোনো চিবিএছ পোষ্ট অফিচ সঞ্চয় একাউণ্টত তেওঁলোকৰ সুদ জমা হব বা ওলিয়াবও পাৰিব৷
সুদৰ ওপৰত আয়কৰ প্ৰযোজ্য৷
কিমান টকা বিনিয়োগ কৰিলে মাহিলী পাব ৭৫০০ টকা?
পোষ্ট অফিচত মাহিলী আয় প্ৰকল্পত ৭.৪শতাংশ সুদৰ হাৰত প্ৰতি মাহে ৭৫০০ টকা আয় কৰিব খুজিলে আপুনি প্ৰায় ১২.১৬ লাখ টকা বিনিয়োগ কৰিব লাগিব৷ অন্যহাতে ১৩ লাখ টকা বিনিয়োগ কৰিলে বিনিয়োগকাৰীয়ে প্ৰতি মাহত পাব ৮০১৭ টকা৷ যিসকলে নিৰাপদ বিনিয়োগৰ মাধ্যমেৰে নিয়মিত মাহিলী আয়ৰ পৰিকল্পনা কৰিব খুজিছে তেওঁলোকৰ বাবে এই প্ৰকল্পটো আদৰ্শ৷ ইয়াৰ মাধ্যমেৰে বিনিয়োগকাৰীয়ে নিৰ্দিষ্ট ৰিটাৰ্ণ পাব আৰু ধন হেৰুৱাৰো কোনো ভয় নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















