পুনৰ পানীৰ হাহাকাৰ ! আজিৰে অহা ৩ দিনলৈ গুৱাহাটীৰ ২৮ অঞ্চলত বন্ধ পানী যোগান
পুনৰ মহানগৰীত পানীৰ বাবে হাহাকাৰ কৰিব লাগিব জনসাধাৰণে। কিয়নো অহা ৩ দিনৰ বাবে গুৱাহাটী মহানগৰীত বন্ধ থাকিব পানী যোগান। মুঠ ২৮ টা অঞ্চলত বন্ধ থাকিব পানীৰ যোগান।
আজি ১৫ নৱেম্বৰ শুকুৰবাৰৰ পৰা অহা ১৭ নৱেম্বৰ দেওবাৰলৈ বন্ধ থাকিব পানী। গুৱাহাটী জল ব’ৰ্ডে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ জাননী। পানী যোগানৰ বাবে সংযোজন কৰিব নতুন অঞ্চল, যাৰ পৰিপ্ৰেক্ষিত উক্ত ২৮টা অঞ্চলত বন্ধ থাকিব পানী যোগান।
পানী যোগান বন্ধ থাকিব লগা অঞ্চল সমূহ- লতাশিল, পাণবজাৰ, খাৰঘূলি, উলুবাৰী, ৰূপনগৰ, তৰুণ নগৰ, ভাস্কৰ নগৰ, হেঙেৰাবাৰী, ড০ জাকিৰ হুছেইন ৰোড, অমিয় নগৰ, চানমাৰি, ৰাজগড়, লাচিত নগৰ, উলুবাৰী, ৰূপনগৰ, বৰা ছাৰ্ভিচ, জু-ৰোড, অনিল নগৰ, নবীন নগৰ, শ্ৰীনগৰ, গীতানগৰ, অম্বিকাগিৰি নগৰ, সুন্দৰপূৰ, মানিকনগৰ, ডাউন টাউন, বৰমটৰীয়া, ৰামছাহিল, শিলপুখুৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















