• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আমি এতিয়াও লাৰ্ণিং কাৰ্ভতে আছোঁ…’

‘আমি এতিয়াও লাৰ্ণিং কাৰ্ভতে আছোঁ…’

5 years ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

8 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

8 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

9 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

9 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

11 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

11 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

12 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

13 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

13 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

14 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

14 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

‘আমি এতিয়াও লাৰ্ণিং কাৰ্ভতে আছোঁ…’

editor by editor
May 22, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
‘আমি এতিয়াও লাৰ্ণিং কাৰ্ভতে আছোঁ…’
0
SHARES
576
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি এতিয়াও লাৰ্ণিং কাৰ্ভতে আছোঁ 

ডাঃ মৃগাংক শেখৰ চলিহা

কোভিড-১৯ সম্পৰ্কে মানৱ জ্ঞানৰ গ্ৰাফডালে শিখৰ পাবলৈ এতিয়াও বহুত বাকী আছে। বৈজ্ঞানিক নিৰ্দেশাৱলীৰ সঘন সাল-সলনিয়ে তাকেই বুজাইছে। We are still in the learning curve. আজিৰ দিনতো এই নতুন বেমাৰবিধৰ বিষয়ে মানৱ জ্ঞানৰ সীমাবদ্ধতা আছে। আমি এতিয়াও জানিবলৈ বা শিকিবলৈ বহুত বাকী আছে। কোভিড সম্পৰ্কে এটা কথাই বৰ্তমান নিশ্চিত হৈছে যে আজিৰ তাৰিখত প্ৰকৃতাৰ্থত কোনো কোভিড  এক্সপাৰ্ট নাই। কালি যিটো চিকিৎসা পদ্ধতিক ইয়াৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় বুলি ভবা হৈছিল আজি সি আঁতৰি গৈছে। WHOৰ নিৰ্দেশাৱলীত আৰম্ভণিতে কোভিডত ষ্টেৰইডৰ কোনো প্ৰয়োজন নাই বুলি কোৱা হৈছিল । পিছত দেখা গ’ল যে কিছু ক্ষেত্ৰত ষ্টেৰইডেই জীৱন-দায়িনী। এটা সময়ত হাইড্ৰ’ক্সিক্লৰ’কুইনক লৈ আমি অতুৎসাহী আছিলোঁ। পিছত সেই উৎসাহ কমিল। অন্যান্য কিছুমান চিকিৎসা পদ্ধতি যেনে প্লাজমা থেৰাপীক লৈও খুব হৈ- চৈ হৈছিল। কিন্তু পিছত বৰ ফলদায়ক বুলি প্ৰতিপন্ন নহ’ল। গতিকে এনেদৰে কোভিডৰ চিকিৎসাও এক বিৱৰ্তনৰ মাজেৰে আগবাঢ়িব যেতিয়ালৈকে সৰ্বোত্তম পন্থাটো আমি বিচাৰি উলিয়াব নোৱাৰো। নতুনকৈ কিবা এটা চিকিৎসা পদ্ধতি ওলালেই তাক লৈ প্ৰথমতেই অতুৎসাহী হৈ অতিৰঞ্জিত কৰাৰ দৰকাৰ নাই। ইংৰাজীত overhype শব্দটো এইক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। বিকল্প আৰু ঘৰুৱা চিকিৎসা পদ্ধতিয়েও কিবা এটা সমাধান সূত্ৰ উলিৱাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কঠালগুটি, কৰ’নিলৰ বাটেৰে। এনেকুৱা নতুন নতুন নাম ওলাই থাকিব। ওলালেই অতুৎসাহী হৈ তাৰ সপক্ষে ঘৰৰ মুধচত উঠি চিঞৰাৰ প্ৰয়োজন নাই। এই ইতিবাচক মানৱীয় বৈজ্ঞানিক প্ৰচেষ্টাবোৰৰ সফলতাক লৈ যেনেকৈ নামটো শুনা মাত্ৰকে উত্ৰাৱল হ’বলগীয়া নাই তেনেকৈ সিবিলাকৰ ব্যৰ্থতাটো নিৰুৎসাহিত হ’ব লগা কথা নাই।  এই অতুৎসাহী ইতিবাচকৰ বিপৰীতটোও ভাল নহয়। মানে কিবা নেতিবাচক খবৰ আহিলেই তিলটোকে তাল কৰি বাতৰি পৰিবেশন কৰিব নালাগে। প্ৰতিক্ৰিয়াবোৰ বৈজ্ঞানিক ভিত্তিত হ’ব লাগে। কিছুমান পাৰ্শ্বক্ৰিয়া আৰু জটিলতাৰ খবৰ পালে আশংকা প্ৰকাশ কৰিব লাগে সচাঁ, কিন্তু নতুন জিভালুটি খোৱা বা অলপ দৃষ্টি আকৰ্ষিত কৰিব পৰা বেমাৰ বা জটিলতাৰ নাম এটা পালেই সেই বিষয়ে প্ৰকৃত তথ্য আহৰণ নকৰি knee jerk প্ৰতিক্ৰিয়াও প্ৰদৰ্শন কৰিব নেলাগে। এই ধৰক বৰ্তমানৰ বহুচৰ্চিত ‘ব্লেক-ফাংগাছ’ নামৰ শব্দটো। ইয়াক প্ৰয়োজনাধিক গুৰুত্ব দিয়া হৈছে। কোনো নতুন আশংকাৰ ভিত্তি কিমান সেইটো চিকিৎসা বিজ্ঞানীয়ে ক’ব। ক’ৰবাত কিবা এটা শুনিলেই বা পঢ়িলেই ‘কৰ’না ভাইৰাছ আজিকালি  বতাহত উৰি ফুৰে’ , ‘অসম পাইছেহি মাৰাত্মক ব্লেক ফাংগাছ’ –  এনেকুৱা চাঞ্চল্যকৰ শব্দগুচ্ছৰে তাক অত্যাধিকভাবে অলংকৃত কৰিব নেলাগে। এই কথাবোৰৰ প্ৰকৃত বৈজ্ঞানিক ওজন আৰু আয়তন নজনাকৈ অতিৰঞ্জিত কৰিলে মানুহৰ মাজলৈ সঠিক বাৰ্তাটো নাযায়। এই ‘অসম পালেহি ব্লেক ফাংগাছ’ কথাটো  তাহানিৰ ‘যোৰহাট পাইছেহি বাংলাদেশৰ ৰাজাকাৰ দল’ বা ‘গুৱাহাটীত সোমাইছেহি হিজবুল মুজাহিদীন’ জাতীয় আতংকৰ কথা নহয়। এইটো কোনো চিকিৎসা বিজ্ঞানৰ নতুন কথা নহয়। আগৰেপৰা প্ৰতিৰোধ ক্ষমতা অলপ কম থকা মানুহৰ কোভিড ৰোগ হ’লে আৰু সেই ৰোগৰ চিকিৎসাত   ষ্টেৰইডজাতীয় ঔষধ বেছিকৈ দিবলগীয়া হ’লে তেওঁৰ দেহত  মিউকৰমাইক’ছিছ নামৰ ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে। কিন্তু ক’ৰনাৰ সামগ্ৰিক বৃহৎ সমস্যাটোৰ তুলনাত এই ‘ব্লেক ফাংগাছ’ক লৈ প্ৰয়োজনাধিক হৈ-চৈ বা এটা হাইপ ( hype) সৃষ্টি কৰাটো অবাঞ্ছনীয়। ভেঁকুৰ এটা সন্ত্ৰাসবাদীৰ দল নহয় যে মনে মনে লুকাই লুকাই অসমত আত্মগোপন কৰি আছেহি। তেনেকুৱা কথা নহয়। কিন্তু ‘অসম আহি পালেহি ব্লেক ফাংগাছ’ বুলি ক’লে সি তেনেকুৱা এটা অনাহুত ভীতিগ্ৰস্ততাৰ কাৰক হৈ পৰিব পাৰে। তেনেকুৱা সংবাদ-নীতি পৰিহাৰ কৰিব পাৰিলে ভাল। কাৰণ ‘ব্লেক ফাংগাছ’ নামটোৱেই এজন সাধাৰণ মানুহৰ বাবে ভয় লগা। তাৰ লগতে ‘অসম পালেহি’ এই দুই শব্দ যোগ হ’লে কথাটো আৰু ভয়াবহ হয়। মই আগতেও কৈছো যে কোভিডক লৈ মানুহে ভয় খাব লাগে। সাৱধান হ’ব লাগে। কিন্তু সেই ভয় সংক্ৰমণবিধৰ বৈজ্ঞানিক  চৰিত্ৰগত বা লজিকেল ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব। ই উৰাবাতৰি আৰু অৰ্দ্ধসত্যৰ ওপৰত প্ৰতিষ্ঠিত হ’ব নালাগিব। আমাৰ মানুহ স্বভাৱতে  হুজোগপ্ৰিয় বা উত্তেজনাপ্ৰিয়। ৰাস্তাত জে চি বিৰে মাটি খন্দা চাবলৈও এশজন মানুহ গোট খায়। গতিকে ‘ব্লেক ফাংগাছ’- এনেকুৱা এটা চাঞ্চল্যকৰ শব্দ পালে আৰু লাগিছে কি ?

কোভিড আৰু বিজ্ঞানীৰ ৰণখন চলি থাকিব যেতিয়ালৈকে কোভিড নামৰ প্ৰশ্নটোৰ আমি সঠিক উত্তৰ নেপাওঁ। ই এখন বিশ্বজোৰা যুদ্ধ। এই যুদ্ধখন চিকিৎসক, বৈজ্ঞানিক, জনসাধাৰণ- সকলোৱে মিলি  যুঁজিব লাগিব শুদ্ধ বৈজ্ঞানিক, সামাজিক আৰু ৰাজনৈতিক নীতিৰে। ড’নাল্ড ট্ৰাম্পৰ দিনত ভয়াৱহ ৰূপ লোৱা কোভিডক আমেৰিকাৰ চিকিৎসক আৰু বিজ্ঞানীয়ে বিডেনৰ দিনত ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আনিছে। গতিকে ৰণনীতি শুদ্ধ হ’ব লাগিব। নতুন কথা কিছুমান আহি থাকিব যেতিয়ালৈকে সুৰংগৰ শেষত বেলিৰ পোহৰ নোলায়। সেই সুৰংগৰ মাজত থকা সময়ছোৱাত টৰ্চৰ পোহৰকে বেলিৰ পোহৰ বুলি আহ্লাদিত হ’ব নেলাগে। ক’ৰবাত জেঠী এটা দেখিলেই সাপ বুলি হুলস্থুলো  কৰিব নেলাগে। জিভা ঘোৰ খাই যোৱা হাইদ্ৰস্কিক্লৰ’কুইন বুলি শব্দ এটা শুনিলেই উত্তেজিত হ’বৰ একো কথা নাই। চিকিৎসা বিজ্ঞানত তাতকৈও জটিল শব্দ বহুত আছে। চিকিৎসা বিজ্ঞানে পথৰ সন্ধান কৰি আছে। We are still in the learning curve. But we shall overcome someday.

লেখক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24dr mriganka shekhar chaliha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

March 12, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
Next Post
ভাৰতে উৎপাদন কৰিব ৰাছিয়াৰ ‘স্পুটনিক-৫’

ভাৰতে উৎপাদন কৰিব ৰাছিয়াৰ ‘স্পুটনিক-৫’

খোদ কটনত অসমীয়া ভাষাক অৱহেলা!

খোদ কটনত অসমীয়া ভাষাক অৱহেলা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.