কাইলৈ ২০ আগষ্ট ২০২৫ বুধবাৰে চন্দ্ৰই মিথুন ৰাশি এৰি কৰ্কট ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদৰ কৃষ্ণা দ্বাদশী তিথি৷ কাইলৈ পালিত হব বুধ প্ৰদোষ ব্ৰত৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সিদ্ধি যোগ আৰু ব্যতিপত যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব পুনৰ্বাসু নক্ষত্ৰ আৰু পুষ্য নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ভাদৰ কৃষ্ণা দ্বাদশী তিথিত জীৱনত চকুত লগা উন্নতি কৰিব বৃষ ৰাশিৰ জাতকে৷ সিদ্ধিদাতাৰ দয়াত বেছ কিছু আৰ্থিক লাভ হব পাৰে৷ শিক্ষাক্ষেত্ৰত কোনো সমস্যা চলিলে তাৰ পৰা কাইলৈ মুক্তি পাব পাৰে৷ গণেশৰ আশীৰ্বাদত নিজৰ লক্ষ্যৰ দিশত কাইলৈ আৰু এঢাপ আগুৱাই যাব আপুনি৷
মিথুন ৰাশি
কাইলৈ থাকিব গজকেশৰী যোগ৷ এই যোগৰ শুভ প্রভাৱত লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ কাইলৈ বুধবাৰে আপোনাৰ পৰিয়াললৈ বিশেষ কোনো সুখৰ খবৰ আহিব পাৰে৷ শহুৰৰ ঘৰৰ দিশৰ পৰা সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷ ব্যৱসায়ত ৰৈ থকা টকা উভতাই পাব৷ জনসেৱামূলক কামত সক্ৰিয়ভাৱে যুক্ত হব৷
কৰ্কট ৰাশি
কাইলৈ বুধবাৰে সিদ্ধি যোগৰ শুভ ফল পাব কন্যা ৰাশিৰ জাতকে৷ সন্তানৰ দিশৰ পৰা কাইলৈ সুখবৰ পাব পাৰে৷ সমাজত সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব৷ বন্ধুৰ সৈতে হাঁহি ফুৰ্তিয়ে দিনটো কটাব৷ কাইলৈ যি কামত হাত দিব তাতেই ভৰপুৰ সাফল্য পাব৷
মকৰ ৰাশি
কাইলৈ পুনৰ্বাসু নক্ষত্ৰৰ বিশেষ শুভ প্ৰভাৱ থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ প্ৰতিভাৰ বিকাশ ঘটিব এই ৰাশিৰ জাতকৰ৷ পৰিশ্ৰম কৰিলে গণপতিৰ দয়াত তাৰ সুফল অৱশ্যেই পাব৷ অফিচত চিনিয়ৰৰ কাষৰ পৰা নিজৰ কামৰ প্ৰশংসা পাব৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















