২২ অক্টোবৰ ২০২৫ বুধবাৰে চন্দ্ৰই তুলা ৰাশিত গোচৰ কৰিছে৷ বৈদিক পঞ্জিকাই কৈছে কাতিৰ শুক্লা প্ৰতিপদ তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি আছে প্ৰীতি যোগ আৰু আয়ুষ্মান যোগৰ প্ৰভাৱ৷ আজি থাকিব স্বাতী নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্রভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হৈছে৷ হিন্দুধৰ্মত বুধবাৰ হৈছে গণপতিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ আহিছে? জানি থওক ভাগ্যবান ৰাশিৰ তালিকা৷
মেষ ৰাশি
আজি শুক্লা প্ৰতিপদত দিনজুৰি এনাৰ্জিৰে পৰিপূৰ্ণ হৈ থাকিব মেষ ৰাশিৰ জাতক৷ আপোনাৰ নেতৃত্বত আজি সকলো কামেই সফলভাৱে সম্পূৰ্ণ কৰিব৷ আপোনাৰ কামৰ উৎসাহ দেখি বিৰোধীও পিছুৱাই আহিব৷ চেষ্টা কৰিও আপোনাৰ কামত প্ৰভাৱ পেলাব নোৱাৰিব বিৰোধীয়ে৷ নতুন চাকৰি লাভৰ যোগ আছে৷
কৰ্কট ৰাশি
আজি গণপতিৰ আশীৰ্বাদত খুবেই সুন্দৰ দিন কটাব কৰ্কট ৰাশিৰ জাতকে৷ সংগীৰ সৈতে বুজাপৰা বাঢ়িব৷ ইয়াৰ ফলত আপোনাৰ মনত সুখ আৰু শান্তি থাকিব৷ সন্ধিয়া ঘৰলৈ কোনো আত্মীয় আহিব পাৰে৷ ব্যৱসায়ত উন্নতিৰ বাবে আপোনাৰ কোনো পৰিকল্পনা আজি সফল হ’ব৷ অফিচৰ পৰিস্থিতি কৰ্কট ৰাশিৰ জাতকৰ অনুকূল থাকিব৷
কন্যা ৰাশি
আজি বুধবাৰে প্ৰীতি যোগৰ প্ৰভাৱত দিনটো সুখ আৰু সমৃদ্ধিপূৰ্ণ হ’ব কন্যা ৰাশিৰ জাতকৰ৷ ছাত্ৰ ছাত্ৰীয়ে উচ্চশিক্ষাত বিশেষ সাফল্য লাভ কৰিব পাৰে৷ শিক্ষকৰ পৰা প্ৰয়োজনীয় সকলো সহায় পাব৷ বিনিয়োগৰ পৰা মোটা আৰ্থিক লাভ হ’ব পাৰে৷ জ্ঞান আৰু বুদ্ধি কামত লগাই আজি কোনো নতুন কামৰ পৰিকল্পনা কৰিব৷
তুলা ৰাশি
চতুৰ্গ্ৰহী যোগৰ প্ৰভাৱত আজিৰ দিনটো তুলা ৰাশিৰ বাবে শুভ হ’ব৷ আজি আপোনাৰ ঘৰত কোনো আনন্দপূৰ্ণ অনুষ্ঠানৰ আয়োজন হব পাৰে৷ এই অনুষ্ঠানত পৰিয়ালৰ সকলো সদস্যই একেলগে আনন্দময় দিন কটাব৷ আজি আপোনাৰ ঘৰত সুখৰ পৰিবেশ থাকিব৷ নিজৰ প্ৰিয় মানুহৰ যত্ন ল’ব তুলা ৰাশিৰ জাতকে৷
মকৰ ৰাশি
আজিৰ দিনটো উৎসাহ আৰু আত্মবিশ্বাসেৰে টগবগ কৰিব মকৰ ৰাশিৰ জাতকে৷ যি কামতেই হাত দিব তাতেই জয়লাভ কৰিব৷ আজি সন্ধিয়া পুৰণি কেইবাজনো প্ৰিয় বন্ধুৰ সৈতে ভাল সময় কটাব৷ পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক পূৰ্বতকৈ ভাল হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















