কাইলৈ ৮ এপ্ৰিল ২০২৬ বুধবাৰে চন্দ্ৰই বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ চ’তৰ কৃষ্ণা ষষ্ঠী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বৰিয়ান যোগ আৰু পৰিঘ যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব জ্যেষ্ঠ নক্ষত্ৰ আৰু মূল নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ৮ এপ্ৰিল চন্দ্ৰধা যোগৰ প্ৰভাৱত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ মা লক্ষ্মীৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ সম্পত্তিৰ লেনদেন কৰিব খুজিলে কাইলৈৰ দিনটো আপোনাৰ বাবে বিশেষ শুভ৷ দাম্পত্য জীৱনত প্ৰেমৰ সুখ বৰ্তি থাকিব৷ প্ৰয়োজনৰ সময়ত জীৱনসংগীক নিজৰ কাষত পাব৷ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা আগুৱাব পাৰে৷
মিথুন ৰাশি
কাইলৈ বৰিয়ান যোগৰ শুভ প্ৰভাৱ লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ সকলো আনন্দ আপুনি লাভ কৰিব৷ ঘৰ বা বাহন কিনাৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হব পাৰে৷ কাইলৈ পেছাগত জীৱনত কিছু পজিটিভ প্ৰভাৱ লক্ষ্য কৰিব৷ কাইলৈ আপুনি যিমানেই পৰিশ্ৰম কৰিব তাৰেই সম্পূৰ্ণ ফল লাভ কৰিব৷ কোনো ভাল চাকৰিৰ প্ৰস্তাব পাব পাৰে৷
কন্যা ৰাশি
চন্দ্ৰধা যোগৰ প্ৰভাৱত অৰ্থলাভ কৰিব পাৰে কন্যা ৰাশিৰ জাতকে৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ সকলো কামতে কাইলৈ প্ৰচুৰ সাফল্য লাভ কৰিব৷ পৰিয়ালৰ সৈতে আনন্দেৰে সময় কটাব পাৰে৷ যিসকলে নতুন চাকৰি বিচাৰি আছে কাইলৈ তেঁওলোকে কোনো সুখবৰ পাব পাৰে৷ সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভালে থাকিব আপোনাৰ৷
তুলা ৰাশি
কাইলৈ জ্যেষ্ঠ নক্ষত্ৰত নাৰায়ণৰ আশীৰ্বাদ বৰ্ষিত হব তুলা ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহী হ’ব৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হব পাৰে৷ তুলাৰ জাতকৰ ব্যৱহাৰ কিছু উগ্ৰ হৈ উঠিব পাৰে৷ আপোনাৰ ব্যৱহাৰ কিছু নৰম কৰাৰ পৰামৰ্শ দিয়া হৈছে৷ কৰ্মক্ষেত্ৰত লাভৱান হব৷ আৰ্থিকভাৱে লাভৱান হব পাৰে৷
মকৰ ৰাশি
পৰিঘ যোগৰ শুভ প্ৰভাৱ বৰ্তি থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ সমাজত বহুতৰে সৈতে মিলামিছা হব আপোনাৰ৷ সকলোৰে সৈতে ভাল সম্পৰ্ক বজায় ৰাখিব পাৰিব৷ নিজৰ সকলো অসম্পূৰ্ণ কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ মানসিক চাপ মুক্ত হৈ কাইলৈ দিনটো কটাব পাৰিব৷ নিজৰ কোনো লক্ষ্য পূৰ্ণ কৰিব পাৰিব৷ হঠাৎ কিছু ধন আপোনাৰ হাতলৈ আহিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















