ডিজিটেল ডেস্কঃ ২০২৩ শেষ হবলৈ মাজত মাত্ৰ কেইটামান দিন। সময়ৰ গতিত পুনৰ হেৰাই যাব এটা বছৰ। ২৪ডিচেম্বৰৰ পৰা ৩০ডিচেম্বৰলৈ অৰ্থাত বছৰটোৰ শেষৰ সপ্তাহটো আপোনাৰ কেনে যাব। জ্যোতিষ শাস্ত্ৰই বিভিন্ন ৰাশিৰ জাতক-জাতিকাসকলক লৈ কৰিছে ভৱিষ্যতবাণী-
মেঘ ৰাশিঃ এই ৰাশিৰ জাতক-জাতিকা সকলে এই সপ্তাহটোত কাকোৱেই পৰাপক্ষত বাকী নিদিব। যদিহে দিয়ে তেন্তে চৰম আৰ্থিক সংকটত পৰিব। যিকোনো বিবাদৰ পৰা নিজকে বচাই ৰাখক।
বৃষ ৰাশিঃ সন্দেহজনক বা কোনো বিপদযুক্ত লেন-দেনৰ পৰা নিজকে বচাই ৰাখক। যিকোনো লোভৰ বিনিময়তো বেআইনী কাম নকৰিব। চৰকাৰী পক্ষৰ পৰা লাভজনক অফাৰ লাভ কৰিব।
মিথুন ৰাশিঃ আপোনাৰ পৰিয়াললৈ সুখৰ বন্যা বব। বহুদিনৰে পৰা চলি থকা অশান্তিৰ ওৰ পৰিব। ঘৰলৈ আলহী অহাৰ যোগ আছে আৰু নিজকে প্ৰফুল্লিত কৰি ৰাখিব।
কৰ্কট ৰাশিঃ ভুল কাম বা মিছা কথাৰ আশ্ৰয় নলব। এনে কৰিলে আপোনাৰ ব্যক্তিত্বত প্ৰভাৱ পৰিব পাৰে। যি প্ৰতিশ্ৰুতি আপুনি ৰাখিব পাৰে, সেইয়াহে কৰক। আৰ্থিক স্থিতি মধ্যমীয়া।
সিংহ ৰাশিঃ পৰিস্থিতি আপোনাৰ পক্ষত নাথাকিব। যিকোনো ভুল সিদ্ধান্ত লৈ পৰিস্থিতি আৰু অধিক বেয়া নকৰিব। ভাল সময়ৰ বাবে অপেক্ষা কৰক। পাৰ্টনাৰশ্বিপত কোনো কাম আৰম্ভ কৰাৰ যুগ আছে।
কন্যা ৰাশিঃ পৰিস্থিতি আপোনাৰ বিপৰীতে গতি কৰিব পাৰে। আপোনাৰ মান-সন্মানত আঘাত হানিব পাৰে। পৰিয়ালৰ লোকৰ পৰাও কিছু অশান্তি পাব। মহিলা সহকৰ্মীৰ পৰা লোকচান হোৱাৰ আশংকা।
তুলা ৰাশিঃ কেৰিয়াৰ গঢ়িবলৈ যি কষ্ট কৰি আহিছে তাৰ ফলাফল লাভ কৰাৰ যুগ। নতুন দায়িত্ব নাইবা নতুনকৈ প্ৰতিষ্ঠা লাভৰ যুগ আছে। সুখ-সুবিধা-ধন লাভৰ যুগ।
বৃশ্চিক ৰাশিঃ বৃহত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। যদিহে বিনিয়োগ কৰাৰ কথা ভাৱিছে তেন্তে অভিজ্ঞজনৰ পৰা পৰামৰ্শ লৈ আগবাঢ়ক। কাৰ্যক্ষেত্ৰত সম্পূৰ্ণ মনোযোগেৰে কাম কৰিলে লাভ হব।
ধনু ৰাশিঃ এই সপ্তাহটোত আৰাম কৰা মুডত থাকিব। কোনো ভাল খবৰ লাভ কৰিব পাৰে। দ্বৈতভাৱে বেপাৰ কৰা ব্যৱসায়ীসকলৰ বাবে কিছু সমস্যা উদ্ভৱ হোৱাৰ যুগ আছে।
মকৰ ৰাশিঃ আপোনাৰ জীৱন সংগীয়ে ডাঙৰ সহায় কৰিব। আপোনাক এক ডাঙৰ সমস্যাৰ পৰা উদ্ধাৰ কৰিব। ঘৰৰ সৰু সদস্যক মৰমেৰে ৰাখিবলৈ আপুনি যত্ন কৰক।
কুম্ভ ৰাশিঃ বেলেগৰ কামত ভুল ধৰিবলৈ নাযাব। পৰিয়ালৰ লোকৰ সৈতে কাজিয়াও হব পাৰে। নিজৰ স্বভাৱ আৰু কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক।
মীন ৰাশিঃ নিজৰ ভৱিষ্যতৰ আৰ্থিক স্থিতি সবল কৰাৰ বাবে কিছু কামত ব্যস্ত থাকিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে অভিভাৱক নাইবা বিশেষজ্ঞৰ পৰা পৰামৰ্শ লওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ