NEET প্ৰশ্নকাকত ফাদিল কেলেংকাৰীক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক প্ৰতিবাদ অব্যাহত আছে। হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিৰোধী দলৰ সমৰ্থকসকলে ৰাজপথলৈ ওলাই আহিছে। ২০ জুলাইত দিল্লীৰ যন্তৰ মন্তৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ পিছত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাত হোৱা অনিয়মৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, লগতে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)-ক ভংগ কৰা অথবা সম্পূৰ্ণ সংস্কাৰ কৰাৰ দাবী উত্থাপন হৈছে।
ইয়াৰ মাজতে আন্দোলন সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছে NEET UG Re-Exam 2026ৰ অল ইণ্ডিয়া ৰেংক-২ (যুটীয়াভাৱে প্ৰথম স্থান) লাভ কৰা হৰিয়ানাৰ পংশুল বন্সালে। তেওঁ ৭২০ নম্বৰৰ ভিতৰত ৭১৫ নম্বৰ লাভ কৰি দেশৰ ভিতৰতে যুটীয়াভাৱে প্ৰথম স্থান লাভ কৰিছে। এক সাক্ষাৎকাৰত পংশুলে কয় যে, ৩ মে’ ২০২৬ তাৰিখে অনুষ্ঠিত হোৱা NEET UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱাত তেওঁ প্ৰথমে হতাশ হৈছিল। কিন্তু পিছত ইয়াক নিজৰ নম্বৰ উন্নত কৰাৰ এক নতুন সুযোগ হিচাপে গ্ৰহণ কৰিছিল। দিল্লীৰ যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ মাজতে এই মন্তব্য কৰিছে পংশুলে।
দিল্লীৰ প্ৰতিবাদ সন্দৰ্ভত কি ক’লে topper পংশুল?
সাক্ষাৎকাৰত পংশুলে জনায় যে, তেওঁ নিজকে সুধিছিল—“মই কিয় প্ৰতিবাদত যোগ দিম? ইয়াৰ সলনি দেখোন মই ঘৰতে থাকি পঢ়িব পাৰোঁ, নিজৰ দক্ষতা আৰু স্ক’ৰ উন্নত কৰিব পাৰোঁ।” পংশুলে লগতে কয়, “প্ৰথমতে মই দুখ আৰু হতাশা অনুভৱ কৰিছিলোঁ। কিন্তু এঘণ্টা-দুঘণ্টাৰ পিছত মই বিষয়টোক ইতিবাচকভাৱে চাবলৈ আৰম্ভ কৰিলোঁ আৰু নিজকে প্ৰতিশ্ৰুতি দিলোঁ যে এইবাৰ আৰু ভাল ফলাফল কৰিম।” প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতো তেওঁ নেতিবাচক চিন্তা এৰি পুনৰ পৰীক্ষাৰ বাবে সম্পূৰ্ণ মনোযোগেৰে প্ৰস্তুতি চলায়। হৰিয়ানাৰ বাসিন্দা পংশুল বন্সালে জীৱবিজ্ঞানৰ প্ৰতি আগ্ৰহৰ বাবে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমক বাছি লয়। তেওঁ কয়, পৰিয়ালে কেতিয়াও কেৰিয়াৰ বাছনিৰ ক্ষেত্ৰত কোনো চাপ দিয়া নাছিল। নিজৰ পছন্দমতে আগবাঢ়িবলৈ উৎসাহ দিছিল। এতিয়া তেওঁৰ এই সফলতাত পিতৃ-মাতৃ দুয়ো অত্যন্ত আনন্দিত।
পংশুলক সাক্ষাৎ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
NEETত দ্বিতীয় স্থান লাভ কৰাৰ পিছত পংশুল বন্সালে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু হৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সাইনীক সাক্ষাৎ কৰে। শিক্ষামন্ত্ৰীয়ে ছচিয়েল মিডিয়া এপ এক্সত এই সন্দৰ্ভত সদৰী কৰি কয় “পংশুলৰ এই অসাধাৰণ সফলতাই ভাৰতৰ যুৱ প্ৰজন্মৰ নিষ্ঠা, অধ্যৱসায় আৰু উচ্চাকাংক্ষাৰ প্ৰতীক। মোৰ সম্পূৰ্ণ বিশ্বাস যে তেওঁ ভৱিষ্যতে দেশৰ স্বাস্থ্য সেৱা ব্যৱস্থাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।”
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















