• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

3 months ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

22 minutes ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

45 minutes ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

1 hour ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

2 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

2 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

3 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

3 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

5 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

6 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

6 hours ago
কালিকা লাগিছে নেকি বিলাস INNত?

কালিকা লাগিছে নেকি বিলাস INNত?

6 hours ago
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

EMI পৰিশোধ কৰিব নোৱাৰা অৱস্থাত কি কৰিব?

editor by editor
July 31, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি মোবাইল এপ বা বেংকৰ পৰা ব্যক্তিগত ঋণ লোৱাটো অতি সাধাৰণ কথা। ঋণ লোৱা টকাখিনি নিমিষতে আপোনাৰ বেংক একাউণ্টত জমা হৈ যায়। কিন্তু প্ৰকৃত মানসিক চাপ আৰম্ভ হয় যেতিয়া কোনো কাৰণত আপুনি চাকৰি হেৰুৱাই পেলায়, আপোনাৰ ব্যৱসায় কেতিয়াবা ভালকৈ নচলে বা আন কোনো কাৰণত আৰ্থিক অনাটনৰ সন্মুখীন হয় আৰু ফলস্বৰূপে EMIবোৰ সময়মতে দিয়া নহয় বা দিবলৈ থাকি যায়। পৰিস্থিতি বেয়া হ’লে এজন সাধাৰণ মানুহৰ মনত আটাইতকৈ ডাঙৰ ভয়টো হ’ল- ঋণ পৰিশোধ নকৰিলে আপুনি জেললৈ যাবলাগীয়া হব পাৰে নেকি? ইয়াৰ সহজ আৰু স্পষ্ট উত্তৰটো হ’ল ‘নালাগে’। কেৱল ঋণ পৰিশোধ নকৰাটো অপৰাধ নহয়। আপোনাৰ পৰিস্থিতিয়েই নিৰ্ভৰ কৰে আপুনি EMI দিব পাৰিছে নে নাই। উদাহৰণস্বৰূপে পৰিস্থিতি বেয়া হোৱাৰ বাবে যদি EMI দিব পৰা নাই, তেন্তে সেই কাৰণে আপোনাক জেললৈ পঠিয়াব নোৱাৰি।

যদি আপুনি ধাৰাবাহিকভাৱে আপোনাৰ EMI পৰিশোধ কৰিব নোৱাৰে, তেন্তে বেংকে তৎক্ষণাত কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে। প্ৰথমে কল আৰু মেছেজৰ জৰিয়তে ধন পৰিশোধ কৰিবলৈ সোঁৱৰাই দিয়া হয়। তাৰ পিছত, আইনী জাননী প্ৰেৰণ কৰা হয়। যদিহে ধনখিনি দীৰ্ঘদিন ধৰি পৰিশোধ নকৰাকৈ থাকে, তেন্তে বেংকে আপোনাৰ ঋণ একাউণ্টক “NPO” বুলি গণ্য কৰে। ইয়াৰ ফলত আপোনাৰ চিবিল স্ক’ৰত যথেষ্ট প্ৰভাৱ পৰে। ইয়াৰ অৰ্থ হ’ল ভৱিষ্যতে নতুন ঋণ বা ক্ৰেডিট কাৰ্ড লাভ কৰাত আপুনি যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব। ইয়াৰ পিছত বেংকে আইনী আশ্ৰয় ল’ব পাৰে আৰু আদালতৰ জৰিয়তে নিজৰ ধন আদায়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। যদি আপুনি জামিন হিচাপে কিবা এটা প্ৰতিশ্ৰুতি দিছে, তেন্তে তাৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ’ব পাৰে।

অৱশ্যে ঋণ লোৱাৰ সময়ত তথ্য জালিয়াতিৰ ক্ষেত্ৰতহে জেলৰ শাস্তি সম্ভৱ। উদাহৰণস্বৰূপে, কোনোবাই জাল নথি-পত্ৰ ব্যৱহাৰ কৰি ঋণ লাভ কৰিছিল, চাকৰি বা উপাৰ্জনৰ বিষয়ে বেংকক মিছা তথ্য দিয়া বা ইচ্ছাকৃতভাৱে ধন লৈ পলায়ন কৰা। এনে ক্ষেত্ৰত বেংকে পোনপটীয়াকৈ আৰক্ষীৰ ওচৰলৈ গৈ FIR দাখিল কৰিব পাৰে, যাৰ ফলত অপৰাধমূলক গোচৰৰ সৃষ্টি হয়। অৰ্থাৎ ইচ্ছাকৃতভাৱে বেংকক প্ৰতাৰণা কৰা আৰু বাধ্যবাধকতাৰ বাবে ধন পৰিশোধ নকৰাটো সম্পূৰ্ণ বেলেগ দুটা কথা।

ঋণ পৰিশোধ নকৰাসকলৰ মাজত আটাইতকৈ ডাঙৰ আশংকা হৈছে ৰিকাভাৰী এজেণ্ট। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়মাৱলীই সাধাৰণ মানুহক সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰে। ৰিকাভাৰী এজেণ্টে আপোনাক ফোন কৰি তেওঁলোকৰ ধন বিচাৰিব পাৰে, আনকি আপোনাৰ ঘৰ বা কাৰ্যালয়লৈও আহিব পাৰে। কিন্তু কোনো কাৰণতে তেওঁলোকে আপোনাক গালি-গালাজ কৰা বা ভাবুকি দিয়াৰ অনুমতি নাই। মাজনিশা বা অদ্ভুত সময়ত ফোন কৰিও হাৰাশাস্তি কৰিব নোৱাৰে। যদি কোনো এজেণ্টে তেওঁলোকৰ সীমা অতিক্ৰম কৰে বা আপোনাক অপমান কৰিবলৈ চেষ্টা কৰে তেন্তে আপুনি নিঃসংকোচে আৰক্ষী বা RBIৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে। এই বিষয়ত আইন সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত আছে।

মানুহে প্ৰায়ে ভয়ত বেংকৰ ফোন ৰিচিভ কৰাৰ পৰা বিৰত থাকে। এইটো এটা ডাঙৰ ভুল। তেনে কৰিলে সমস্যাটো হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৃদ্ধি পায়। যদি আপুনি অনুভৱ কৰে যে আপুনি আৰু EMI দিব পৰা নাই, তেন্তে পোনে পোনে বেংকলৈ যাওক। বেংকৰ বিষয়াসকলক আপোনাৰ প্ৰকৃত সমস্যাটো মুকলিকৈ বুজাওক। বহু ক্ষেত্ৰত বেংকে সহায় কৰে। প্ৰয়োজন হ’লে তেওঁলোকে আপোনাৰ EMI হ্ৰাস কৰিব পাৰে, ঋণ পৰিশোধৰ সময় বৃদ্ধি কৰিব পাৰে বা কেইমাহমানৰ বাবে মৰেটৰিয়ামৰ প্ৰস্তাৱ দিব পাৰে। কেতিয়াবা এককালীন নিষ্পত্তিও উপলব্ধ হয়, যিয়ে আইনী হেঁচা চিৰদিনৰ বাবে নাইকিয়া কৰে আৰু আপোনাৰ মানসিক চাপৰ পৰা উপশম দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24emiloanrbi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?
ৰাজনীতি

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

October 27, 2026
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক
বিনোদন

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

October 27, 2026
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!
জীৱনশৈলী

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

October 27, 2026
Next Post
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ'ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.