• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

2 months ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

12 seconds ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

56 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

2 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

3 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

4 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

6 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

8 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

EMI পৰিশোধ কৰিব নোৱাৰা অৱস্থাত কি কৰিব?

editor by editor
July 31, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি মোবাইল এপ বা বেংকৰ পৰা ব্যক্তিগত ঋণ লোৱাটো অতি সাধাৰণ কথা। ঋণ লোৱা টকাখিনি নিমিষতে আপোনাৰ বেংক একাউণ্টত জমা হৈ যায়। কিন্তু প্ৰকৃত মানসিক চাপ আৰম্ভ হয় যেতিয়া কোনো কাৰণত আপুনি চাকৰি হেৰুৱাই পেলায়, আপোনাৰ ব্যৱসায় কেতিয়াবা ভালকৈ নচলে বা আন কোনো কাৰণত আৰ্থিক অনাটনৰ সন্মুখীন হয় আৰু ফলস্বৰূপে EMIবোৰ সময়মতে দিয়া নহয় বা দিবলৈ থাকি যায়। পৰিস্থিতি বেয়া হ’লে এজন সাধাৰণ মানুহৰ মনত আটাইতকৈ ডাঙৰ ভয়টো হ’ল- ঋণ পৰিশোধ নকৰিলে আপুনি জেললৈ যাবলাগীয়া হব পাৰে নেকি? ইয়াৰ সহজ আৰু স্পষ্ট উত্তৰটো হ’ল ‘নালাগে’। কেৱল ঋণ পৰিশোধ নকৰাটো অপৰাধ নহয়। আপোনাৰ পৰিস্থিতিয়েই নিৰ্ভৰ কৰে আপুনি EMI দিব পাৰিছে নে নাই। উদাহৰণস্বৰূপে পৰিস্থিতি বেয়া হোৱাৰ বাবে যদি EMI দিব পৰা নাই, তেন্তে সেই কাৰণে আপোনাক জেললৈ পঠিয়াব নোৱাৰি।

যদি আপুনি ধাৰাবাহিকভাৱে আপোনাৰ EMI পৰিশোধ কৰিব নোৱাৰে, তেন্তে বেংকে তৎক্ষণাত কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে। প্ৰথমে কল আৰু মেছেজৰ জৰিয়তে ধন পৰিশোধ কৰিবলৈ সোঁৱৰাই দিয়া হয়। তাৰ পিছত, আইনী জাননী প্ৰেৰণ কৰা হয়। যদিহে ধনখিনি দীৰ্ঘদিন ধৰি পৰিশোধ নকৰাকৈ থাকে, তেন্তে বেংকে আপোনাৰ ঋণ একাউণ্টক “NPO” বুলি গণ্য কৰে। ইয়াৰ ফলত আপোনাৰ চিবিল স্ক’ৰত যথেষ্ট প্ৰভাৱ পৰে। ইয়াৰ অৰ্থ হ’ল ভৱিষ্যতে নতুন ঋণ বা ক্ৰেডিট কাৰ্ড লাভ কৰাত আপুনি যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব। ইয়াৰ পিছত বেংকে আইনী আশ্ৰয় ল’ব পাৰে আৰু আদালতৰ জৰিয়তে নিজৰ ধন আদায়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। যদি আপুনি জামিন হিচাপে কিবা এটা প্ৰতিশ্ৰুতি দিছে, তেন্তে তাৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ’ব পাৰে।

অৱশ্যে ঋণ লোৱাৰ সময়ত তথ্য জালিয়াতিৰ ক্ষেত্ৰতহে জেলৰ শাস্তি সম্ভৱ। উদাহৰণস্বৰূপে, কোনোবাই জাল নথি-পত্ৰ ব্যৱহাৰ কৰি ঋণ লাভ কৰিছিল, চাকৰি বা উপাৰ্জনৰ বিষয়ে বেংকক মিছা তথ্য দিয়া বা ইচ্ছাকৃতভাৱে ধন লৈ পলায়ন কৰা। এনে ক্ষেত্ৰত বেংকে পোনপটীয়াকৈ আৰক্ষীৰ ওচৰলৈ গৈ FIR দাখিল কৰিব পাৰে, যাৰ ফলত অপৰাধমূলক গোচৰৰ সৃষ্টি হয়। অৰ্থাৎ ইচ্ছাকৃতভাৱে বেংকক প্ৰতাৰণা কৰা আৰু বাধ্যবাধকতাৰ বাবে ধন পৰিশোধ নকৰাটো সম্পূৰ্ণ বেলেগ দুটা কথা।

ঋণ পৰিশোধ নকৰাসকলৰ মাজত আটাইতকৈ ডাঙৰ আশংকা হৈছে ৰিকাভাৰী এজেণ্ট। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়মাৱলীই সাধাৰণ মানুহক সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰে। ৰিকাভাৰী এজেণ্টে আপোনাক ফোন কৰি তেওঁলোকৰ ধন বিচাৰিব পাৰে, আনকি আপোনাৰ ঘৰ বা কাৰ্যালয়লৈও আহিব পাৰে। কিন্তু কোনো কাৰণতে তেওঁলোকে আপোনাক গালি-গালাজ কৰা বা ভাবুকি দিয়াৰ অনুমতি নাই। মাজনিশা বা অদ্ভুত সময়ত ফোন কৰিও হাৰাশাস্তি কৰিব নোৱাৰে। যদি কোনো এজেণ্টে তেওঁলোকৰ সীমা অতিক্ৰম কৰে বা আপোনাক অপমান কৰিবলৈ চেষ্টা কৰে তেন্তে আপুনি নিঃসংকোচে আৰক্ষী বা RBIৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে। এই বিষয়ত আইন সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত আছে।

মানুহে প্ৰায়ে ভয়ত বেংকৰ ফোন ৰিচিভ কৰাৰ পৰা বিৰত থাকে। এইটো এটা ডাঙৰ ভুল। তেনে কৰিলে সমস্যাটো হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৃদ্ধি পায়। যদি আপুনি অনুভৱ কৰে যে আপুনি আৰু EMI দিব পৰা নাই, তেন্তে পোনে পোনে বেংকলৈ যাওক। বেংকৰ বিষয়াসকলক আপোনাৰ প্ৰকৃত সমস্যাটো মুকলিকৈ বুজাওক। বহু ক্ষেত্ৰত বেংকে সহায় কৰে। প্ৰয়োজন হ’লে তেওঁলোকে আপোনাৰ EMI হ্ৰাস কৰিব পাৰে, ঋণ পৰিশোধৰ সময় বৃদ্ধি কৰিব পাৰে বা কেইমাহমানৰ বাবে মৰেটৰিয়ামৰ প্ৰস্তাৱ দিব পাৰে। কেতিয়াবা এককালীন নিষ্পত্তিও উপলব্ধ হয়, যিয়ে আইনী হেঁচা চিৰদিনৰ বাবে নাইকিয়া কৰে আৰু আপোনাৰ মানসিক চাপৰ পৰা উপশম দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24emiloanrbi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
Next Post
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ'ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.