স্তন কেঞ্চাৰৰ সৈতে যুদ্ধ কৰি আগুৱাইছে হিনা খান৷ যিধৰণে কৰ্কট ধৰা পৰাৰ পাছত তেওঁ ভাঙি নপৰি আগুৱাই গৈছে সেয়া দেখি বহুতেই সাহসো পাইছে৷ অৱশ্যে হিনা খানৰ কৰ্কটৰ সৈতে যুদ্ধ এতিয়াও শেষ হোৱা নাই৷ কৰ্কটক দূৰ ৰাখিবলৈ নতুন এক চিকিৎসাপদ্ধতিয়ে চিকিৎসা আৰম্ভ কৰিছে হিনা খানে৷
ইমিউনোথেৰাপি কি?
ইমিউনোথেৰাপি হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাক শক্তিশালী কৰাৰ প্ৰক্ৰিয়া৷ এই পদ্ধতিয়ে শৰীৰক ভৱিষ্যতে কৰ্কটৰ বীজাণুৰ সৈতে মোকাবিলা কৰাত সহায় কৰে৷ কৰ্কটৰ চিকিৎসকৰ মত, ‘কেমোথেৰাপিয়ে যেনেতৈ কৰ্কটৰ সম্ভাৱনাযুক্ত কোষৰ ওপৰিও সুস্থ কোষকো আক্ৰমণ কৰে, ইমিউনথেৰাপিয়ে কিন্তু তেনে নকৰে৷ ইমিউনোথেৰাপিয়ে ৰোগ প্ৰতিৰোধ শক্তিক ইমানেই বঢ়াই দিয়ে যে সি কৰ্কটৰ সম্ভাৱনাময় কোষসমূহক চিনি পায় সেইসমূহক আক্ৰমণ কৰিব পাৰে৷
কোনে কোনে ল’ব পাৰে ইমিউনোথেৰাপি?
যিসকলৰ কৰ্কট হৈছে তেওঁলোকৰ প্ৰত্যেকেই ইমিউনোথেৰাপি ল’ব পাৰিব তেনে নহয়৷ কি ধৰণৰ কৰ্কট আৰু শৰীৰত কিমান বিয়পিছে সেয়া চাইহে এই চিকিৎসা কৰা হয়৷ স্তনৰ কৰ্কট, ছাৰ্ভিকেল, কলোৰেক্টাল, হাওঁফাওঁ আৰু ছালৰ কৰ্কট কিমান কমিছে সেয়া চাইহে ইমিউনোথেৰাপি কৰোৱা হয়৷ সেই সিদ্ধান্ত চিকিৎসকেহে গ্ৰহণ কৰে৷
ইমিউনোথেৰাপিৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া কি কি?
কেমোথেৰাপিৰ যেনেকৈ পাৰ্শ্বপ্ৰতিক্ৰিয়া থাকে তেনেকৈ ইমিউনোথেৰাপিৰো পাৰ্শ্বপ্ৰতিক্ৰিয়া আছে৷ পাৰ্থক্য ইমানেই যে পাৰ্শ্বপ্ৰতিক্ৰিয়াসমূহ ৰোগ প্ৰতিৰোধক শক্তি সংক্ৰান্তিয়৷ ইয়াৰোপৰি ছাল শুকাই যোৱা, পেটৰ অসুখ, থাইৰয়েডৰ সমস্যা ইত্যাদি হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















