অসম লাইভ২৪ঃ জ্যোতিষ শাস্ত্ৰত কুবেৰ যোগক অত্যন্ত শুভ যোগ হিচাপে চিহ্নিত কৰা হৈছে৷ জ্যোতিষ অনুসৰি যি ব্যক্তিৰ জীৱনত কুবেৰ যোগ সৃষ্টি হয় তেতিয়াই ব্যক্তিজনৰ জীৱন ভৌতিক সুখ-সম্পদেৰে ভৰি উঠিব৷ কুবেৰ যোগক ধন লাভৰ সৈতে সম্পৰ্কযুক্ত বুলি কোৱা হয়৷ কোন ব্যক্তিৰ কোষ্ঠীত কুবেৰ যোগ তৈয়াৰ হয়, ইয়াৰ উপকাৰিতা কি, বিস্তাৰিতভাৱে জানি থওক৷
কোষ্ঠীত কুবেৰ যোগ
কোষ্ঠীত গ্ৰহৰ কিছু বিশেষ পৰিস্থিতিত তৈয়াৰ হয় কুবেৰ যোগ৷ কোষ্ঠীৰ দ্বিতীয় আৰু একাদশ স্থানৰ অধিপতিয়ে নিজৰ ৰাশি বা উচ্চ ৰাশিত উপস্থিত থাকিলে এই যোগ সৃষ্টি হয়৷ দ্বিতীয় আৰু একাদশ স্থানৰ অধিপতিৰ মাজত পৰস্পৰ ৰাশি বিনিময় বা যুঁটি হ’লে এই কক্ষৰ অধিপতিসকলৰ ওপৰত অন্য শুভ গ্ৰহৰ দৃষ্টি থাকিলে কুবেৰ যোগ আৰু শক্তিশালী হয়৷
জ্যোতিষ শাস্ত্ৰ অনুসৰি দ্বিতীয় কক্ষত ধন, অৰ্থ, সম্পত্তি, পাৰিবাৰিক সংসাধনৰ কাৰক গ্ৰহ৷ একাদশ স্থানটো লাভ, আয় আৰু ইচ্ছাপূৰণৰ প্ৰতিনিধিত্ব কৰি থাকে৷ জন্মছকৰ দ্বিতীয় কক্ষৰ অধিপতি ধন আৰু সম্পত্তিৰ কাৰক গ্ৰহ৷ দ্বিতীয় কক্ষ আৰু তাৰ সৈতে সম্পৰ্কযুক্ত গ্ৰহে ব্যক্তিৰ আৰ্থিক পৰিস্থিতি আৰু ভৌতিক সম্পত্তিক অত্যন্ত প্ৰভাৱিত কৰে৷ কোষ্ঠীৰ একাদশ স্থান আৰু তাৰ অধিপতি গ্ৰহ লাভ, আয় আৰু ইচ্চাপূৰণৰ কাৰক গ্ৰহ৷ আশা, আকাংশা আৰু বিভিন্ন মাধ্যমেৰে ধন লাভৰ কাৰক কক্ষ এয়া৷
কোষ্ঠীত কুবেৰ যোগৰ প্ৰভাৱ
কোনো ব্যক্তিৰ কোষ্ঠীত কুবেৰ যোগ তৈয়াৰ হ’লে তেওঁলোকৰ জীৱনত কেতিয়াও অৰ্থাভাৱে দেখা নিদিয়ে৷ অৰ্থ সঞ্চয়ৰ সুযোগ লাভ কৰে এই জাতকে৷ কেৰিয়াৰত নতুন সাফল্য আহিব৷ আৰ্থিক স্থায়ীত্ব বজায় ৰাখিব পাৰিব৷ জীৱনত সুখ-সমৃদ্ধি সদায়ে থাকিব৷
যি জাতকৰ কোষ্ঠীত কুবেৰ যোগ তৈয়াৰ হয় তেতিয়াই দৰমহাৰ ওপৰিও অন্যান্য উৎসৰ পৰা ধন লাভ কৰিব পাৰিব৷ বিশেষকৈ ব্যৱসায়ীসকলৰ আমদানি দ্ৰুততাৰে বৃদ্ধি পাব৷ ভৌতিক সুখ বৃদ্ধি হ’ব৷ ব্যক্তিয়ে নতুন ঘৰ, বাহন, সম্পত্তি ক্ৰয় কৰিব পাৰিব৷
কোষ্ঠীত কুবেৰ যোগ তৈয়াৰ হোৱাৰ ফলত ব্যৱসায়ত লাভ হ’ব৷ যি জাতকৰ জন্মছকত এই যোগ থাকে তেওঁ সামান্য চেষ্টাতেই ব্যৱসায়ত প্ৰচুৰ মুনাফা অৰ্জন কৰিব পাৰিব৷ ইয়াৰোপৰি কুবেৰ যোগৰ প্ৰভাৱত অৰ্থ সঞ্চয়ৰ পৰিমাণ বৃদ্ধি পায়৷ এই জাতকে সঠিক স্থানত অৰ্থ বিনিয়োগ কৰিব জানে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















