জানেনে, জাপানী সকলে ভাৰতক এটা বেলেগ নামেৰেহে জানে বা মাতে, ইণ্ডিয়া বুলি ভুল নকৰিব
ভাৰত নাইবা ভাৰতবৰ্ষ নাইবা হিন্দুস্তান নাইবা ইণ্ডিয়া , ইয়াৰে এই কেইটা নামেৰেই আমাৰ দিশৰ পৰিচয় সমগ্ৰ বিশ্বৰ আগত । পাছে জানেনে ভাৰতক সমগ্ৰ বিশ্বৰ লোকে যি বুলি নামাতক কিয় জাপানী সকলে ভাৰতক এটা বেলেগ নামেৰেহে জানে তথা মাতে।
বহু শতিকা জুৰি ভাৰতক জাপানী সকলে বেলেগ বেলেগ নামেৰেই মাতি আহিছে। জাপানৰ সৈতে ভাৰতৰ সম্পৰ্ক বহু পুৰণি। ভাৰতক জাপানী সকলে টেনজিকু বুলি মাতে। অৱশ্যে চীনৰো কিছু অংশত ভাৰতক অন্য নামেৰে মাতে, সেই নাম হৈছে টিয়ানঝু।
টেনজিকু আৰু টিয়ানঝু কিছু সাদৃশ্য শব্দ। এই শব্দ প্ৰাচীন চীনৰ শব্দৰ পৰা লোৱা। টিয়ানঝু আৰু টেনজিকুৰ অৰ্থ স্বৰ্গীয় ক্ষেত্ৰ অথবা স্বৰ্গ। ভাৰতৰ জাপানী সকলে অতীজত স্বৰ্গীয় ক্ষেত্ৰ বুলি মানি আহিছিল।
অৱশ্যে ভাৰতক প্ৰাচীন কালত জম্বুদ্বীপ বুলিও জনা গৈছিল। জম্বুদ্বীপ শব্দটোৱে আক্ষৰিক অৰ্থত “জম্বু গছৰ দেশ”ক বুজায় য’ত জাম্বু (Syzygium cumini) গজে। এই শব্দটো দ্বিপা ধাৰণাটোৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, যাৰ অৰ্থ হৈছে “দ্বীপ” বা “মহাদেশ”। জম্বুদ্বীপ শব্দটো অশোকে নিজৰ ভূখণ্ডক প্ৰতিনিধিত্ব কৰিবলৈ ব্যৱহাৰ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ