যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে কে’বাহাজাৰ ভাৰতীয় শিক্ষাৰ্থীৰ লগতে ভাৰতীয় নাগৰিক৷ ইউক্ৰেইনত আৱদ্ধ হৈ ৰোৱা প্ৰায় ২০ হাজাৰ ভাৰতীয়ক সুৰক্ষা আৰু উদ্ধাৰৰ বাবে ভাৰতে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷
ভাৰতীয় শিক্ষাৰ্থী তথা নাগৰিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ বৈদেশিক সচিব হৰ্ষ ভি শ্ৰীংলাই নিশ্চিত কৰিছে যে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক সুৰক্ষিত কৰা হ’ব৷
বৈদেশিক মন্ত্ৰালয়ে ইউক্ৰইনত আৱদ্ধ ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত আৰু উদ্ধাৰৰ বাবে তলত উল্লেখ কৰা পদক্ষেপসমূহ গ্ৰহণ কৰিছে৷
- প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় নাগৰিক তথা শিক্ষাৰ্থীসকৰ সুৰক্ষাৰ দিশটোক বিশেষ অগ্ৰাধিকৰা দিছে৷
- যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ পৰা সুৰক্ষিত স্থানলৈ ভাৰতীয়সকলক স্থানান্তৰ কৰা হৈছে৷
- ইউক্ৰেইনত থকা ভাৰতীয়সকলৰ এমাহৰ পূৰ্বৰে পৰা অনলাইন পঞ্জীয়ন কৰি অহা হৈছে৷
- ইউক্ৰেইনস্থিত ভাৰতীয় দূতাবাসে দেশখনৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ সৈতে অতি সক্ৰিয়তাৰে যোগাযোগ ৰক্ষা কৰি চলিছে৷
- প্ৰয়োজন অনুসাৰে ভাৰতীয়সকলক স্থানান্তৰকৰণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি থকা হৈছে৷
- ইউক্ৰেইনৰ বিশ্ববিদ্যালয়সমূহক অনলাইন শ্ৰেণী আৰম্ভ কৰিবলৈ ভাৰতে অনুৰোধ জনাইছে৷
- ৰাছিয়াৰ ওপৰত আমেৰিকা, ব্ৰিটেইন, জাপানকে ধৰি কিছুমান দেশে নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতে এই সমগ্ৰ বিষয়টোৰ দেশৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে তালৈ দৃষ্টি ৰাখিছে।
- ইউক্ৰেইনৰ প্ৰতিবেশী ৰাষ্ট্ৰ পোলেণ্ড, ৰোমানিয়া, শ্ল’ভাকিয়া, হাংগেৰীৰ বৈদেশিক মন্ত্ৰীৰ সৈতে ভাৰতীয় বৈদেশিক মন্ত্ৰীয়ে যোগাযোগ ৰক্ষা কৰিছে৷ যাতে বিশেষ পৰিস্থিতিত ভাৰতীয় লোকসকলক সেই প্ৰতিবেশী ৰাষ্ট্ৰসমূহলৈ স্থানান্তৰ কৰিব পাৰে৷
- বৈদেশিক মন্ত্ৰালয়ে ইউক্ৰেইনত আৱদ্ধ থকা ভাৰতীয়সকলৰ সহায়ক হোৱাকৈ তথ্য আগবঢ়োৱাৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে৷
.যোৱা কেইদিনত চাৰি হাজাৰ ভাৰতীয়ক ইউক্ৰেইনৰ পৰা দেশলৈ ওভতাই অনা হৈছে। যিকোনো সমস্যাৰ বাবে আৱদ্ধ হৈ থকা ভাৰতীয়সকলক নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰকেইটা হৈছে- 1800118797 (Toll free) Phones: +91 11 23012113 +91 11 23014104 +91 11 23017905 ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ