ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিনিৰ পুটিনে ইউক্ৰেইন আক্ৰমণৰ নিৰ্দেশ দিয়াৰ লগে লগেই ৰাছিয়ান সেনাই ইউক্ৰেইনৰ ওপৰত জঁপিয়াই পৰিল৷
ক্ষেপণাস্ত্ৰ, বিমানৰ লগতে পদাতিক সৈন্যৰেও ইউক্ৰেইনক আক্ৰমণ কৰিছে ৰাছিয়াই৷
ইতিমধ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি ৪০ ৰো অধিক ইউক্ৰেইনৰ সেনা যুদ্ধত নিহত হৈছে৷ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত ৯ গৰাকী সাধাৰণ নাগৰিকো নিহত হোৱাৰ বাতৰি আহিছে৷
অৱশ্যে ইউক্ৰেইনেও ৰাছিয়াৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ লগতে প্ৰত্যাক্ৰমণ কৰিছে৷ ইউক্ৰেইনে ৰাছিয়াৰ সৰ্বাগ্ৰাসী আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ বিশ্ব সম্প্ৰদায়ৰ ওচৰত পাঁচটা কাতৰ আহ্বান জনাইছে৷
এই বিশেষ পাঁচটা কাতৰ আহ্বান হৈছে ক্ৰমে—
১. বিশ্বৰ সকলো ৰাষ্ট্ৰকে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ আহ্বান৷
২. সকলোবোৰ মঞ্চৰ পৰা সকলো প্ৰকাৰে ৰাছিয়াক বহিষ্কাৰৰ আহ্বান৷
৩. ৰাছিয়াক প্ৰতিৰোধ কৰিবলৈ ইউক্ৰেইনৰ বাবে অস্ত্ৰ-শস্ত্ৰ মজুত কৰিবলৈ আহ্বান৷
৪. ইউক্ৰেইনক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আহ্বান৷
৫. মানৱীয় দৃষ্টিৰে ইউক্ৰেইনৰ কাষত থিয় হ’বলৈ আহ্বান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ