মানুহৰ ৩২টা দাঁত থাকে বুলি কোৱা হয়৷ কিন্তু সকলোৰে ৩২ টা দাঁত নাথাকে৷ কাৰোবাৰ ৩১ টা, কাৰোবাৰ ৩০ টা আৰু কাৰোবাৰ ২৯ যদি কাৰোবাৰ ২৮টা দাঁত থাকে৷ সামুদ্ৰিক শাস্ত্ৰই দাঁতৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিৰ ব্যক্তিত্বৰ বৰ্ণনা দিয়ে৷
ইয়াৰ মানে হৈছে দাঁতৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ভৱিষ্যৎ সম্পৰ্কে ভৱিষ্যদ্বাণী কৰিব পাৰে৷ দাঁতৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কৰা ভৱিষ্যদ্বাণী কেইটামান তলত দিয়া হ’ল৷
৩২টা দাঁতৰ অৰ্থ
সামুদ্ৰিক শাস্ত্ৰ অনুসৰি ৩২টা দাঁতযুক্ত ব্যক্তি ৰজাৰ দৰে৷ তেওঁলোকে সকলো ধৰণৰ আৰাম আৰু বিলাসিতা লাভ কৰে৷ তেওঁলোক সাহসী, নিৰ্ভীক আৰু উদাৰো হয়৷ তেওঁলোকৰ গাত ৰজাৰ দৰে গুণাৱলী থাকে৷
৩১টা দাঁতৰ অৰ্থ
সামুদ্ৰিক শাস্ত্ৰ অনুসৰি ৩১ দাঁতযুক্ত ব্যক্তি বস্তুবাদী স্বভাৱৰ হয়৷ তেওঁলোকে প্ৰাপ্ত সম্পদ পূৰ্ণৰূপে ভোগ কৰে৷
৩০ টা দাঁতৰ অৰ্থ
যাৰ ৩০টা দাঁত থাকে তেওঁলোকৰ তুলনামূলকভাৱে কম ধনী হয়৷ ইয়াৰ অৰ্থ হৈছে অৰ্থৰ অভাৱত তেওঁলোকৰ কাম সকলো সময়তে ব্যাহত হয় আৰু তেওঁলোকে যিকোনো স্থানৰ পৰা ধন সংগ্ৰহ কৰিব লগা হয়৷
২৯টা দাঁতৰ অৰ্থ
সামুদ্ৰিক শাস্ত্ৰত ২৯ দাঁতযুক্ত ব্যক্তি সম্পৰ্কেও ভৱিষ্যদ্বাণী আছে৷ ২৯ দাঁতযুক্ত ব্যক্তি দৰিদ্ৰ হয়৷ দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ পৰা বঞ্চিত হয় আৰু অসুখীও হয়৷
২৮ দাঁতৰ অৰ্থ
সামুদ্ৰিত শাস্ত্ৰ অনুসৰি ২৮ দাঁতযুক্ত ব্যক্তি সুখী বুলি ধাৰণা কৰা হয়৷ এই ব্যক্তিৰ জাগতিক সুখ লাভৰ সকলো পথ খোলা থাকে৷ তেওঁলোকে দুশ্চিন্তামুক্ত আৰু সুখী জীৱন যাপন কৰে৷ তেওঁলোকে কোনো সামগ্ৰীৰে অভাৱবোধ নকৰে৷
যিসকলৰ ২৮তকৈয়ো কম দাঁত থাকে তেওঁলোক অসুখী হয়৷ তেওঁলোকৰ জীৱন দুঃখ, মানসিক যন্ত্ৰণা, মানসিক চাপ, উদ্বেগ, অৰ্থৰ অভাৱ ইত্যাদিৰে পৰিপূৰ্ণ থাকে৷
সামুদ্ৰিক শাস্ত্ৰ অনুসৰি যিসকলৰ দাঁত ভোঁতা বা ফুলৰ পাহিৰ দৰে, বা খুব ঘন মসৃণ, পৰিষ্কাৰ আউ ধৰাল দাঁত থকা ব্যক্তি ধনী হয়৷ সামুদ্ৰিক শাস্ত্ৰত কোৱা হৈছে যিসমূহ শিশুৰ তলৰ দাঁত ১ বছৰৰ ভিতৰত ওঠে তেওঁলোকৰ ৰাজদন্ত বুলি কোৱা হয়৷ যিয়ে শুভ ফল প্ৰদান কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ