২০১৩ চনত প্ৰথমে আৰম্ভ হৈছিল কিটকাট অ এছ৷ তাৰপাছৰে পৰা ধীৰে ধীৰে ইয়াৰ ব্যৱহাৰ কমি গৈ আছে৷ এতিয়া অধিকাংশ ক্ষেত্ৰত ইয়াৰ পৰা আৰু আধুনিক ছফ্টৱেৰ ব্যৱহাৰ কৰা হৈছে৷ সেই কাৰণেই মেটাই সিদ্ধান্ত লৈছে যে কিটকাটৰ পৰা ছাপৰ্ট চিষ্টেম উঠাই লোৱা হ’ব৷ আধুনিক অপাৰেটিং চিষ্টেমৰ যাৱতীৰ কামৰ সৈতে ইমান পিছুৱাই থকা প্ৰযুক্তিৰ আপডেট কৰাটো যথেষ্ট সমস্যা আহিছে৷ সেয়ে এইবাৰ বিশেষ সিদ্ধান্ত লোৱাৰ পথত আগুৱাইছে মেটা৷ মেটাই জনাইছে যে পুৰণি অপাৰেটিং চিষ্টেমে বহুসময়তেই নতুন আপডেটসমূহ চাপৰ্ট নকৰে৷ ইয়াৰ ফলত কামত যেনেকৈ অসুবিধা হয় তেনেকৈ নিৰাপত্তাক লৈয়ো আশংকা তৈয়াৰ হয়৷
হোৱাটছএপক লৈ সেয়ে এইবাৰ ডাঙৰ সিদ্ধান্ত লৈছে মেটাই৷ নতুন বছৰৰ পৰা আৰম্ভ হৈছে এই নিয়ম৷ কিছু এণ্ড্ৰয়েড ডিভাইছত হোৱাটছএপে আৰু কাম নকৰিব বুলি জনাইছে মেটাই৷ নতুন বছৰ, অৰ্থাৎ ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে এই নিয়ম৷
মেটাই জনাইছে যে যিসমূহ এণ্ড্ৰয়েড ডিভাইছত কিটকাট অপাৰেটিং ছফ্টৱেৰ (KitKat OS)বা তাতোকৈ পুৰণি এণ্ড্ৰয়েড ছফ্টৱেৰ চলি আছে সেইসমূহত ২০২৫ৰ ১ জানুৱাৰীৰ পৰা আৰু হোৱাটছএপ চিষ্টেমে কাম নকৰিব৷ নতুন টেকনলজিৰ সৈতে হোৱাটছএপৰ কম্পেটিবিলিটি আৰু নিৰাপত্তাৰ স্বাৰ্থতেই এই পদক্ষেপ বুলি জনাইছে মেটাই৷
মেটাৰ এই সিদ্ধান্তৰ কাৰণেই একাধিক ফোনৰ মডেলত হোৱাটছএপে আৰু ছাপৰ্ট নকৰিব৷ এইসমূহৰ মাজত প্ৰায় সকলোবোৰেই পুৰণি মডেলৰ৷
ছেমছাংঃ গেলেক্সি S3, নোট-২, Ace 3, এছ ফৰ মিনি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















