অসম লাইভ২৪ঃ ‘জান ভাত খালানে? কি কৰিছা, ক’ত আছা?’ এনেধৰণে মেছেজ কৰোতে এতিয়াৰে পৰা সাবধান হওক। প্ৰিয়জনৰ সৈতে যোগাযোগ কৰাৰ পৰা অফিচৰ গ্ৰুপলৈ সকলোতেই এতিয়া ৱাটছএপে এৰাব নোৱাৰা সংগী। পৃথিৱীৰ বেছিসংখ্যক লোকৰেই চাটিং এপ হিচাপে ৱাটচএপ প্ৰথম পছন্দ। কিন্তু এই ৱাটছএপে নিৰাপত্তাৰ ক্ষেত্ৰত ভৰষাৰ যোগ্য এপনে? সম্প্ৰতি ৱাটছএপৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। গ্ৰাহকৰ একাউণ্ট সুৰক্ষিত ৰখাত ৱাটচএপ ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।
ৱাটচএপৰ বিৰুদ্ধে উত্থাপিত হোৱা এই অভিযোগৰ পিছতেই ৱাটচ এপে এই বিষয়ে বিবেচনা আৰম্ভ কৰা বুলি প্ৰকাশো কৰিছে। ইতিমধ্যে ৱাটচএপে পুৰণা ৱাটছএপসমূহ আপডেটৰ বাবে পৰামৰ্শ আগবঢ়াইছে। চেপ্টেম্বৰৰ আৰম্ভণিতে ৱাটছএপৰ এইসমূহ গাফিলতিৰ কথা পোহৰলৈ আহিছিল। হেকাৰে বিশেষ কোড ব্যৱহাৰ কৰি ৱাটছএপ ব্যৱহাৰকাৰীৰ ফোন বা ভিডিঅ কল ৰিচিভ কৰিব পাৰে। ইণ্টিজাৰ অভাৰফ্ল পদ্ধতিৰে এই কাম কৰিব পাৰে হেকাৰে। এই বিবৃতি প্ৰকাশ হোৱাৰ পিছতেই WhatsApp-এ ইণ্টিজাৰ অভাৰফ্ল পদ্ধতি ব্যৱহাৰৰ কথা স্বীকাৰ কৰিছে। অৰ্থাৎ ইয়াৰ মাধ্যমেৰে বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা বিশেষ কোড ব্যৱহাৰ কৰি ৱাটছএপ নিয়ন্ত্ৰণ কৰিব পাৰিছিল হেকাৰে।
এপটোক লৈ এতিয়া আৰু চিন্তাৰ কাৰণ নাই। ৱাটছএপে প্ৰকাশ কৰা অনুসৰি অচিৰেই ব্যৱহাৰকাৰীসকলে নিজৰ একাউণ্টসমূহ আপডেট কৰিলেই সুৰক্ষাৰ দিশটোত আৰু কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















