অসম লাইভ২৪ঃ পূজাৰ মাজতেই বন্ধ হ’ব হোৱাটছআপ। দশমীৰ দিনাৰ পৰাই কাম কৰা বন্ধ হ’ব এই মেছেজিং এপে। নিৰ্দিষ্ট কেইটামান স্মাৰ্টফোনত চলাব নোৱাৰিব whatsapp, ছবি ভিডিঅ’ আদান-প্ৰদানৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব বিশেষ কেইটামান ফোনত। অক্টোবৰ মাহৰ মাজৰ ভাগৰ পৰাই পুৰণা অপাৰেটিং চিষ্টেম অচল হৈ পৰিব এই এপত। এণ্ড্ৰইড অপাৰেটিং চিষ্টেম ইউজাৰসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰখনলৈ দৃষ্টি ৰাখিয়েই আপডেট কৰা হৈছে whatsapp. এই আপডেটৰ মাধ্যমেৰে ইউজাৰৰ মেছেজিং হিষ্ট্ৰী সুৰক্ষিত কৰিব বিচৰা হৈছে।
সম্প্ৰতি এটা ঘোষণাত whatsappকৰ্তৃপক্ষই জনাইছে যে, ২৪ অক্টোবৰৰ এণ্ড্ৰইড অপাৰেটিং চিষ্টেম ৪.১ আৰু তাতকৈ পুৰণা ভাৰ্ছনসমূহত বন্ধ হৈ পৰিব whatsapp. পুৰণা অপাৰেটিং চিষ্টেমসমূহত whatsapp চাপৰ্ট বন্ধ কৰিছে মেটাই। কি কি ফোনত বন্ধ হ’ব whatsapp? তালিকাত আছে
Nexus 7
Samsung Galaxy Note 2
HTC One
Sony Xperia Z
LG Optimus G Pro
Samsung Galaxy S2
Samsung Galaxy Nexus
HTC Sensation
Motorola Droid Razr
Sony Xperia S2
Motorola Xoom
Samsung Galaxy Tab 10.1
Asus Eee Pad Transformer
Acer Iconia Tab A5003
Samsung Galaxy S
HTC Desire HD
LG Optimus 2X
Sony Ericsson Xperia Arc3
উপৰোক্ত এইকেইটা ফোনৰ মাজত যদি আপোনাৰো স্মাৰ্টফোন আছে তেন্তে ২৪ অক্টোবৰৰ ভিতৰতেই এই ফোন সলনি কৰক। অন্যথা আপুনি whatsapp চাটিঙৰ অভ্যাস এৰিব লাগিব। সংস্থাটোৰ মতে উক্ত স্মাৰ্টফোন কেইটা এতিয়াও বহু কোটি কোটি মানুহে চলাই আছে। স্মাৰ্টফোনসমূহৰ অপাৰেটিং চিষ্টেম পুৰণা হোৱাৰ বাবে নিৰাপত্তাজনিত কাৰণতেই এই আপডেট কৰা হৈছে। এই তালিকাত আপোনাৰ ফোনটোও আছে নেকি পৰীক্ষা কৰিবলৈ আপুনি আপোনাৰ ফোনৰ এবাউট ফোন অপশ্ব্যনত ক্লিক কৰি ছফটৱেৰ ইনফৰমেশ্ব্যন অপশ্ব্যনত গৈ অপাৰেটিং চিষ্টেম পৰীক্ষা কৰক। ইউজাৰৰ ফোনৰ অপাৰেটিং চিষ্টেম যদি ৪.১ বা তাতকৈয়ো পুৰণা হয় তেন্তে whatsapp চিষ্টেম বন্ধ হৈ পৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















