আজি মহালয়া বা সৰ্বপিতৃ অমাবস্যাৰে অৱসান ঘটিল পিতৃপক্ষৰ৷ কাইলৈ ৩ অক্টোবৰ আহিনৰ শুক্লা প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হ’ব দেৱীপক্ষ৷ কাইলৈৰ পৰা শাৰদীয় নৱৰাত্ৰি পালন কৰা হ’ব৷ ১২ অক্টোবৰ পৰ্যন্ত চলিব নৱৰাত্ৰি৷ ইয়াৰ পাছতেই দেৱীক বিদায় জনোৱা হ’ব বিজয়া দশমীৰে৷ ৰাম লক্ষ্মণৰ ৰাৱন বধক শ্ৰদ্ধা জনাই বহুতেই পালন কৰে দশেৰা উৎসৱো৷ প্ৰচলিত বিশ্বাস অনুসৰি দুৰ্গাপূজাৰ এই দিনকেইটাত দেৱীয়ে মৰ্ত্যত অৱস্থান কৰে৷ এই সময়ত তেওঁ জাগ্ৰত হৈ থাকি সমস্ত বিপদৰ পৰা ভক্তক ৰক্ষা কৰে৷
যদিও ষষ্ঠীৰ পৰা দশমী পৰ্যন্ত দুৰ্গাপূজাৰ প্ৰতিটো দিনেই গুৰুত্বপূৰ্ণ তথাপিও অষ্টমী আৰু নৱমী তিথিৰ বিশেষ মাহাত্ম্য আছে৷ জানি থওক এই বছৰৰ মহাষ্টমী আৰু মহানৱমীৰ তাৰিখ, পুজা আৰু অঞ্জলীৰ সময়৷
শাৰদীয় নৱৰাত্ৰিত ঘট স্থাপন
৩ অক্টোবৰ প্ৰতিপদ, অৰ্থাৎ শাৰদীয় নৱৰাত্ৰিৰ প্ৰথম দিনটোত ঘট স্থাপন কৰা হয়৷ এই দিনটোত পুৱা ৬বাজি ১৫ মিনিটৰ পৰা ৭বাজি ২২ মিনিট পৰ্যন্ত আছে ঘট স্থাপনৰ শুভ সময়৷ নৱৰাত্ৰিৰ প্ৰথম দিনা পূজা কৰা হয় মাতা শৈলপুত্ৰীৰ৷
মহাষ্টমী কেতিয়া?
এই বছৰ দুৰ্গাপূজাত মহাষ্টমী পৰিছে আগন্তুক ১১ অক্টোবৰ ২০২৪ৰ শুকুৰবাৰে৷ আহিনৰ শুক্লা অষ্টমী তিথি পৰিব ১০ অক্টোবৰৰ দুপৰীয়া ১২ বাজি ৩১ মিনিটত৷ অষ্টমী থাকিব ১১ অক্টোবৰৰ দুপৰীয়া ১২বাজি ০৬ মিনিট পৰ্যন্ত৷
মহাষ্টমীৰ পূজাৰ সময়ঃ পুৱা ৫বাজি ৩০ মিনিটৰ পৰা পুৱা ৯বাজি ২৭ মিনিটলৈকে থাকিব পূজাৰ সময়৷
মহাষ্টমীৰ অঞ্জলীৰ সময়ঃ পুৱা ৬বাজি ২৮ মিনিটৰ পৰা পুৱা ৬.৪৮ মিনিট পৰ্যন্ত৷
মহাষ্টমীত কুমাৰী পূজাৰ সময়ঃ পুৱা ৯ বজাৰ পৰা৷
সন্ধি পূজাৰ সময়ঃ দুপৰীয়া ১১.৪৩ মিনিটৰ পৰা দুপৰীয়া ২১.৩১ মিনিটলৈকে৷
মহানৱমী কেতিয়া?
এই বছৰ দুৰ্গাপূজাৰ মহানৱমী পৰিছে আগন্তুক ১২ অক্টোবৰ ২০২৪ শনিবাৰে৷ নৱমী আৰু দশমী এইবাৰ পৰিছে একেদিনাই৷ ১১ অক্টোবৰৰ দুপৰীয়া ১২ বাজি ২৭ মিনিত পৰিছে নৱমী৷ ১২ অক্টোবৰৰ পুৱা ১০ বাজি ৫৮ মিনিটৰ পৰা নৱমী আৰম্ভ হ’ব৷ এই কাৰণতেই এই বছৰ একে দিনাই হ’ব নৱমী আৰু দশমীৰ পুজা৷
দুৰ্গাপুজাৰ মহাষ্টমীত বহুতে কন্যা পূজা বা কুমাৰী পুজা কৰে৷ মহানৱমী তিথিতো কুমাৰী পূজা কৰাৰ ৰীতি আছে৷ দুৰ্গাপূজাত কুমাৰী ৰূপেৰে দেৱীক উপাসনা কৰিলে তেওঁৰ বিশেষ আশীৰ্বাদ লাভ কৰা যায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ