প্ৰথম বিবাহত সুখ নাছিল৷ মানসিকভাৱে বিপৰ্যস্ত কৰি তুলিছিল শেফালি জেৰিৱালাক৷ কেইবছৰমান পূৰ্বে দিয়া এক সাক্ষাৎকাৰত কৈছিল সদ্যপ্ৰয়াত অভিনেত্ৰীগৰাকীয়ে৷ মাত্ৰ ৪২ত পৃথিৱীক বিদায় জনালে শেফালিয়ে৷ শেফালিৰ প্ৰথম বিবাহৰ কথা তেওঁ এক সাক্ষাতকাৰত কৈছিল, ‘মই ভয়ংকৰ মানসিক নিৰ্যাতনৰ চিকাৰ হৈছিল৷ প্ৰথম বিবাহে মোক মানসিকভাৱে গুৰি কৰি দিছিল৷’ তেওঁৰ মৃত্যুৰ আপছতেই এক সাক্ষাৎকাৰতো আকৌ এবাৰ ভাইৰেল হৈছে৷
মিত ব্ৰাদাৰ্ছৰ জনপ্ৰিয় গায়ক জুঁটিৰ অন্যতম হৰমিত সিং৷ শেফালিয়ে সেই মিউজিক ভিডিঅ’ কাঁটা লাগাৰে নিশাৰ ভিতৰতে খ্যাতনামা অভিনেত্ৰী হৈ পৰিছিল৷ তেওঁ জনপ্ৰিয় হোৱাৰ পাছতেই প্ৰেমো আহিছিল জীৱনলৈ৷ তাৰপিছতেই গায়ক হৰমিতৰ সৈতে ২০০৪ চনত বিয়াত বহে শেফালি৷ কিন্তু সেই বিবাহ মুঠেও সুখৰ নহল শেফালিৰ৷ শেফালিক মাৰপিট নকৰিলেও প্ৰতিদিনে মানসিক অত্যাচাৰ চলাইছিল হৰমিতে৷ শেষত সহ্যৰ সীমা অতিক্ৰম হোৱাত ২০০৯ চনত বিচ্ছেদ ল’বলৈ বাধ্য হয় তেওঁ৷
শেফালিয়ে কৈছিল, ‘নিজে উপাৰ্জন কৰিছিলো৷ সেয়ে বিচ্ছেদৰ সিদ্ধান্ত ল’ব পাৰিছো৷ মোৰ দৰে বহু নাৰীয়েই এনেকৈ অত্যাচাৰৰ বলি হৈ আহিছে৷ বহুতে সহ্য কৰে৷ নিজৰ উপাৰ্জন নাথাকিলে পদক্ষেপ লব নোৱাৰে৷’ অভিনেত্ৰীয়ে এই বিষয়ক লৈ সমাজৰ দিশতো আঙুলি তুলিছিল৷ তেওঁৰ মতে সমাজে কি ক’ব? আশেপাশে থকা মানুহৰ ডিভোৰ্ছ লোৱা নাৰীগৰাকীক লৈ দৃষ্টিভংগী কি হব সেই ভয়ে আচ্ছন্ন কৰি ৰাখে নাৰীসকলক৷ আনকি উচ্চ শিক্ষিতসকলেও বিচ্ছেদ মানিব নোৱাৰে৷ বিবাহ বিচ্ছিন্নাসকলক অন্য নজৰেৰে চোৱা হয়৷ সেই কাৰণেই বহুতে স্বামীৰ অত্যাচাৰ সহ্য কৰি দিনৰ পাছত দিন সম্পৰ্ক ধৰি ৰখাৰ চেষ্টা কৰে৷ আৰু সেই বিয়াই এদিন এক ডাঙিব নোৱৰা বোজা হৈ পৰে নাৰীৰ বাবে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















