দেশৰ ৫ খন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা। আজি বিয়লি ৪ বজাত নিৰ্বাচন আয়োগে ঘোষণা কৰে নিৰ্বাচনৰ দিন। অসমৰ লগতে পশ্চিম বংগ, কেৰালাম, তামিলনাডু আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে নিৰ্বাচন আয়োগে।
৯ এপ্ৰিলত অনুষ্ঠিত হ’ব নিৰ্বাচন। অসমত এটা পৰ্যায়তে ১২৬ টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মাৰ্চ, মনোনয়ন পৰীক্ষণৰ অন্তিম দিন ২৪ মাৰ্চ আনহাতে
মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মাৰ্চ হ’ব। ইফালে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ৯ এপ্ৰিলত। আজি আনুষ্ঠানিক ঘোষণা কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে।

উল্লেখ্য যে, এইবাৰ অসমত মুঠ ভোটাৰৰ সংখ্যা ২.৫০ কোটি। ইয়াৰে মহিলা ভোটাৰৰ সংখ্যা ১ কোটি ২৫ লাখ, পুৰুষ ভোটাৰৰ সংখ্যা ১ কোটি ২৫ লাখ, তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৩৪৩ গৰাকী। অসমত সৰ্বমুঠ ভোট কেন্দ্ৰৰ সংখ্যা ৩১,৪৮৪ গৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














