মানুহৰ আগ্ৰহ বহুত৷ বিভিন্ন ধৰণৰ আগ্ৰহৰ মাজতেই আজিও এটা বিষয়ৰ প্ৰতি থকা আগ্ৰহ প্ৰকাশ্যে ক’বলৈ বেয়া পায় প্ৰায়সংখ্যক লোকেই৷ যৌন সুখ বিষয়টোক লৈ আজিও কথা পাতিবলৈ লাজ কৰে প্ৰায়সংখ্যক লোকেই৷ ২০১৩ চনত এই বিষয়টোক লৈ এক সমীক্ষা চলাইছিল এটা বেচৰকাৰী সংস্থাই৷ তাতেই তেওঁলোকে সমীক্ষা কৰিছিল যে কোন দেশৰ মানুহ যৌনতাত সকলোতকৈ বেছি তৃপ্ত৷ জানক কি কৈছে সমীক্ষাই?
যি দেশৰ মানুহৰ যৌনজীৱন অত্যন্ত সুখৰ সেই দেশৰ লিষ্টৰ প্ৰথমতেই আছে ছুইজাৰলেণ্ড৷ সেই সমীক্ষা অনুযায়ী ২১ শতাংশ ছুইচ নাগৰিকৰেই যৌন জীৱন চূড়ান্ত সুখৰ৷ ৩১ শতাংশ মানুহে প্ৰকাশ্যে যৌনতাত লিপ্ত হয়৷ সেই তালিকাত ওপৰতেই আছে পশ্চিমৰ আৰু এখন দেশ৷ দেখা গৈছে স্পেনিছ নাগৰিকসকলৰ মাজত প্ৰায় ৯০ শতাংশ মানুহ যৌনজীৱন অত্যন্ত তৃপ্তিদায়ক৷ প্ৰাকৃতিক দিশৰ পৰা অপৰূপ সৌন্দৰ্যৰ অধিকাৰী ইটালী৷ ভাল খাদ্য, উচ্চ মানৰ ৱাইন এই দেশৰ সম্পদ৷ তেনেকৈ এই দেশৰ মানুহৰ যৌনজীৱন অত্যন্ত সুখৰ৷
হালধীয়া জাৰ্ছিৰ দেশ ব্ৰাজিল৷ ব্ৰাজিলৰ ফুটবল টিমৰ ফেন সমগ্ৰ বিশ্বতেই আছে৷ সমীক্ষাই কৈছে এই দেশৰ ৮২ শতাংশ মানুহেই সপ্তাহত অন্তত এবাৰ হ’লেও লিপ্ত হয় শাৰীৰিক সম্পৰ্কত৷ ইয়াৰ মানুহৰ যৌন জীৱন বেছ সুখৰ৷ প্ৰেমৰ আদৰ্শ দেশ গ্ৰীছ৷ ইয়াৰ সুন্দৰ মনোৰম জলবায়ু সকলোৰে বাবেই ইয়াৰ মানুহৰ যৌনজীৱন অত্যন্ত সুখৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ