অসম লাইভ২৪ঃ শিক্ষাক লৈ সচেতনতা বাঢ়িছে বিশ্ববাসীৰ। স্কুল-কলেজৰ সংখ্যা যেনেকৈ বৃদ্ধি হৈছে তেনেকৈয়ে বাঢ়িছে শিক্ষিতৰো সংখ্যা। প্ৰত্যেকটো পৰিয়ালেই নিজৰ সন্তানক শিক্ষিত কৰি তুলিবলৈ যত্ন কৰে। ইয়াৰ মাজতেই সমগ্ৰ পৃথিৱীৰ শিক্ষিতৰ তালিকা প্ৰকাশ কৰিছে এটা সংস্থাই৷ কিন্তু এই তালিকাত এক বা দুই নম্বৰত নাই আমেৰিকাৰ দৰে শক্তিশালী ৰাষ্ট্ৰ৷ কোন দেশত শিক্ষিতৰ হাৰ বেছি জানেনে?
অৰগেনাইজেশ্যন ফৰ ইকনমিক ক’-অপাৰেশ্যন এণ্ড ডেভলপমেণ্ট(OECD) য়ে প্ৰকাশ কৰা সমীক্ষাত শিক্ষাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে কানাডা৷ কানাডাৰ ৫৯.৯৬ শতাংশ মানুহেই শিক্ষিত৷ আনহাতে শিক্ষিতৰ তালিকাত দ্বিতীয় স্থানত আছে জাপান৷ জাপানত ৫২.৬৮ শতাংশ মানুহেই শিক্ষিত৷ তৃতীয় স্থানত আছে লুক্সেমবাৰ্গ৷ শিক্ষিতৰ তালিকাত আমেৰিকা আছে ৬ নম্বৰত৷ ব্ৰিটেইন আছে ৮ নম্বৰ স্থানত৷ শিক্ষিতৰ দৌৰত আমেৰিকাৰ আগত আছে চাউথ কোৰিয়া৷ শিক্ষিত দেশৰ তালিকাত চাউথ কোৰিয়া ৪ নম্বৰত আছে৷ ইজৰাইল আছে ৫ নম্বৰত৷ ৭ নম্বৰত আছে আয়াৰলেণ্ড৷
শিক্ষিত দেশৰ তালিকাত ভাৰতৰ স্থান কিমান নম্বৰত?
পৃথিৱীৰ শিক্ষিত ১০ খন দেশৰ মাজত ভাৰতে স্থান পোৱা নাই৷ OECD-ৰ ৰিপৰ্টমতে ভাৰতৰ মুঠ ১৩০ কোটি জনতাৰ মাত্ৰ ২০.৪ শতাংশ মানুহে স্কুল-কলেজৰ সৈতে জড়িত৷ অৰ্থাৎ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা লোকৰ সংখ্যা ভাৰতত মাত্ৰ ২০.০৪ শতাংশ৷ ভাৰতৰ ৭ খন ৰাজ্যত শিক্ষিতৰ হাৰ অতি কম৷ আনহাতে দেশৰ শিক্ষিত ৰাজ্যৰ তালিকাত প্ৰথমেই আছে কেৰালা৷ সমগ্ৰ বিশ্বৰ শিক্ষিতৰ পৰিসংখ্যা যদি চাওঁ তেন্তে পৃথিৱীৰ মাত্ৰ ৩৯ শতাংশ মানুহেহে বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ত অধ্যয়ন কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ