• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দলত্যাগ নহয়, কংগ্ৰেছৰ পৰা বহিষ্কাৰহে! কাৰ বাবে স্থান নাই কংগ্ৰেছত?

দলত্যাগ নহয়, কংগ্ৰেছৰ পৰা বহিষ্কাৰহে! কাৰ বাবে স্থান নাই কংগ্ৰেছত?

4 years ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

6 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

7 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

8 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

9 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

10 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

10 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

11 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

11 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

12 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

13 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

দলত্যাগ নহয়, কংগ্ৰেছৰ পৰা বহিষ্কাৰহে! কাৰ বাবে স্থান নাই কংগ্ৰেছত?

editor by editor
June 1, 2022
in অসম, ৰাজনীতি
0
দলত্যাগ নহয়, কংগ্ৰেছৰ পৰা বহিষ্কাৰহে! কাৰ বাবে স্থান নাই কংগ্ৰেছত?
0
SHARES
285
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ যোৱা সময়ছোৱাত নবীন-প্ৰবীণ বহু নেতাই কংগ্ৰেছ দল ত্যাগ কৰিছে৷ আৰু অন্য ৰাজনৈতিক দলত নতুন সমীকৰণ আৰম্ভ কৰিছে৷ এই সংবাদ এতিয়া অসমত বা সামগ্ৰিকভাৱে সমগ্ৰ দেশতে বহুল প্ৰচাৰিত৷ কংগ্ৰেছ দলৰ সাংগঠনিক ব্যৰ্থতা অথবা দুৰ্বলতাৰ বাবে এচাম লোকে দল ত্যাগ কৰা বুলিও চৰ্চা চলিছে৷ ঠিক সেই সময়তে আৰু এচামে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ নকৰাকৈ থকা নাই৷ তেনে এচাম নেতাই সংবাদ মাধ্যমৰ ওচৰত ৰাজহুৱাভাৱে আৰু মুকলিকৈ নেতৃত্ব ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে৷

এনে উদাহৰণ অসমতো কম নহয়৷ প্ৰসংগক্ৰমে ইয়াকো উল্লেখ কৰি থোৱা ভাল হ’ব যে যিসকলে কংগ্ৰেছ দল ত্যাগ কৰি অন্য ৰাজনৈতিক দলত নতুন সমীকৰণ ৰচনা কৰিব বিচাৰিছে, সেইসকল নেতাৰ মূল অভিযোগটো হ’ল যে কংগ্ৰেছৰ বৰ্তমানৰ নেতৃত্বৰ বিজেপিৰ আগ্ৰাসী ৰাজনীতিক প্ৰতিহত কৰিব নোৱাৰে৷ অৰ্থাৎ দলত্যাগী নেতাসকলে একপক্ষীয়ভাৱে কংগ্ৰেছ নেতৃত্ব আৰু কংগ্ৰেছৰ সাংগঠনিক দুৰ্বলতাকে জগৰীয়া কৰিছে৷

অতি সম্প্ৰতি এই ধাৰণাটো ৰাইজৰ মাজতো প্ৰতিষ্ঠিত হৈছে৷ কিন্তু প্ৰকৃত তথ্য দৰাচলতে অন্যহে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৰাজনৈতিক আৰু সাংগঠনিক আগ্ৰাসনৰ বাবে ২০১৪ চনৰ পাছত সমগ্ৰ দেশতে কংগ্ৰেছ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়৷ পৰিণতিত ২০১৪ চনৰ পাছত বহু কেইটা গুৰুত্বপূৰ্ণ নিৰ্বাচনত দলটো শোচনীয় ধৰণে পৰাজিত হৈছে৷ এই পৰাজয় ইমানেই ব্যাপক আৰু সৰ্বমুখী হৈ উঠিছে যে কংগ্ৰেছ একপ্ৰকাৰ বিধ্বস্তপ্ৰায়৷

লগতে পঢ়ক আলফা(স্বা)ৰ ওচৰত ক্ষমা ভিক্ষা মন্ত্ৰীৰ, মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীক কি সকীয়নি দিলে?

বৰ্তমান ৰাজনৈতিক আৰু সাংগঠনিকভাৱে তীব্ৰ সংকটত কংগ্ৰেছ দল৷ সংকট মোচনৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে শীৰ্ষ বৈঠকো বহুবাৰ অনুষ্ঠিত কৰে৷ বৈঠকসমূহত বিভিন্ন ৰণকৌশল লোৱাও হয়৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ৰচনা কৰে ন ন ৰাজনৈতিক সমীকৰণ৷ বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে বিভিন্ন দলৰে নিৰ্বাচনী মিত্ৰতাও কৰা হয়৷ কিন্তু তাৰ পাছতো প্ৰত্যাহ্বানক কংগ্ৰেছে নেওচিব নোৱাৰিলে৷

শেহতীয়াভাৱে ৰাজস্থানৰ উদয়পুৰত কংগ্ৰেছ দলে নৱ সংকল্প শিবিৰ অনুষ্ঠিত কৰে৷ এই শিবিৰত উপস্থিত থাকে দেশৰ আটাইকেইখন ৰাজ্যৰ প্ৰদেশ সভাপতিসহ অন্য বহু শীৰ্ষ নেতা৷ যোৱা ১৪, ১৫ আৰু ১৬ মে’ত অনুষ্ঠিত হোৱা সংকল্প শিবিৰত কংগ্ৰেছে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই সিদ্ধান্তৰ বাবে কংগ্ৰেছ দলৰ বহু নেতাৰ ৰাজনৈতিক ভৱিষ্যৎ ৰুদ্ধ হোৱাটো নিশ্চিত হৈছে৷ সেইসকল নেতাই এতিয়া নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি কংগ্ৰেছ দল ত্যাগ কৰিছে৷ কিন্তু কি সেই প্ৰত্যাহ্বানপূৰ্ণ সিদ্ধান্ত?

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ এক শীৰ্ষ সূত্ৰৰ পৰা সম্ভেদ পোৱা অনুসৰি সংকল্প শিবিৰত ৫ টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে৷ প্ৰথম সিদ্ধান্ত— কংগ্ৰেছ দলৰ কোনো নেতাই ৫ বছৰোধিক কাল দলীয় পদত থাকিব নোৱাৰিব৷ দ্বিতীয় সিদ্ধান্ত— কোনো নেতাই কংগ্ৰেছ দল অথবা চৰকাৰত দুটা পদ দখল কৰিব নোৱাৰিব৷ তৃতীয় সিদ্ধান্ত— কংগ্ৰেছ দল আৰু চৰকাৰৰ ৫০ শতাংশ পদবী ৫০ বছৰ বয়সতকৈ কম বয়সৰ নেতা–কৰ্মীৰ বাবে সংৰক্ষিত থাকিব৷ চতুৰ্থ সিদ্ধান্ত— দলীয় পদবী আৰু প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত মহিলা, অনুসূচীত জাতি, অনুসূচীত জনজাতি, অন্যান্য পিছপৰা জাতি আৰু সংখ্যালঘু সম্প্ৰদায়ৰ নেতা–কৰ্মীক অগ্ৰাধিকাৰ দিয়া হ’ব৷ পঞ্চম সিদ্ধান্ত— কংগ্ৰেছত জিলা পৰ্যায়ৰ পৰা মণ্ডল পৰ্যায়লৈ সকলো পদবী নিৰ্বাচিত প্ৰতিনিধিয়েহে দখল কৰিব পাৰিব৷

লগতে পঢ়ক জুন মাহত কোন কোন ৰাশিৰ ওপৰত পৰিব মা লক্ষ্মীৰ কৃপাৰ বৰষুণ?

এই ৫ টা সিদ্ধান্তৰ উপৰিও একদফীয় অৰ্থাৎ একমাত্ৰ ৰাজনৈতিক উদ্দেশ্য আৰু সমীকৰণেৰে কংগ্ৰেছ দলে দেশত পূৰ্ণ তৎপৰতা চলাব৷ আৰু দলৰ সেই একমাত্ৰ এজেণ্ডাটো হৈছে কেৱল বিজেপিক ৰাজনৈতিক আৰু সাংগঠনিকভাৱে পৰাজিত কৰাৰ৷ দৰাচলতে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ২০২০ চনতে এই নীতি মানি চলিবলৈ দলৰ শীৰ্ষ নেত্ৰীবৃন্দক আহ্বান জনাইছিল৷ কিন্তু সেই আহ্বান বিশেষভাৱে কাৰ্যকৰী হোৱা নাছিল৷

গতিকে, যোৱা মে’ মাহত নৱ সংকল্প শিবিৰ অনুষ্ঠিত কৰি ৫ টা সিদ্ধান্ত দলে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে৷ এই সিদ্ধান্তৰ বাবে কংগ্ৰেছত বহু নেতাৰ ৰাজনৈতিক যাত্ৰা যটি পৰাতো নিশ্চিত হৈ পৰে৷ বহু নেতাই এই সিদ্ধান্তসমূহৰ উমান প্ৰায় পূৰ্বেই কংগ্ৰেছ দল ত্যাগ কৰিছে৷ দৰাচলতে দলত্যাগ কৰিবলৈ সেইসকল নেতা বাধ্য হৈছে অথবা দলে তেওলোকক বাধ্য কৰিছে৷

কংগ্ৰেছৰ এনে পৰীক্ষামূলক কঠোৰ সিদ্ধান্তৰ বাবে আগন্তুক সময়ত অসমতো কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বহু জ্যেষ্ঠ নেতা সাংসদ-বিধায়ক-প্ৰাক্তন মন্ত্ৰী বাধ্য হ’ব৷ কিন্তু কোন তেওঁলোক? ইয়াৰ পৰৱৰ্তী লেখাত আমি উল্লেখ কৰিম কাৰ বাবে স্তব্ধ হৈ পৰিব কংগ্ৰেছত ৰাজনৈতিক যাত্ৰা?  অন্য অৰ্থত বহু নেতা-কৰ্মীৰ বাবে হয়তো  স্থান নাথাকিব কংগ্ৰেছ দলত৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AICCAPCCasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCongress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
Next Post
কেনেকৈ মৃত্য হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ? মৃত্যুৰ পূৰ্বে কি কৈছিল কে কে-এ?

কেনেকৈ মৃত্য হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ? মৃত্যুৰ পূৰ্বে কি কৈছিল কে কে-এ?

জীৱনৰ অন্তিম দিনা কি গানেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গ’ল কে কে-এ?

জীৱনৰ অন্তিম দিনা কি গানেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গ’ল কে কে-এ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.