• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেদাৰনাথৰ সৈতে আছে বিশেষ সংযোগ! ৰামৰ এই মূৰ্তিয়েই স্থাপিত হ’ব অযোধ্যাৰ মন্দিৰত

কেদাৰনাথৰ সৈতে আছে বিশেষ সংযোগ! ৰামৰ এই মূৰ্তিয়েই স্থাপিত হ’ব অযোধ্যাৰ মন্দিৰত

2 years ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

8 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

9 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

10 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

11 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

12 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

13 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

14 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

14 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

15 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

16 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

1 day ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেদাৰনাথৰ সৈতে আছে বিশেষ সংযোগ! ৰামৰ এই মূৰ্তিয়েই স্থাপিত হ’ব অযোধ্যাৰ মন্দিৰত

editor by editor
January 2, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কেদাৰনাথৰ সৈতে আছে বিশেষ সংযোগ! ৰামৰ এই মূৰ্তিয়েই স্থাপিত হ’ব অযোধ্যাৰ মন্দিৰত
0
SHARES
426
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম জন্মভূমি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে মন্দিৰত ৰামৰ কোনটো মূৰ্তি প্ৰতিষ্ঠা হ’ব সেই মূৰ্তিৰ নিৰ্বাচন প্ৰক্ৰিয়া অৱশেষত সম্পন্ন হৈছে। ৰাম মন্দিৰ কমিটিৰ কেইবাগৰাকীও সদস্যৰ সন্মতিক্ৰমে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত ট্ৰাষ্টে মূৰ্তি চিনাক্ত কৰি উলিয়াইছে। ৰামৰ মূৰ্তিটোক শিশু ৰাম হিচাপেই কল্পনা কৰা হৈছে। এই মুৰ্তিটোৰ হাতত কি কি থাকিব সেই বিষয়েও জনাইছে কমিটিয়ে।

শিশু ৰামৰ বিশেষ মূৰ্তিটোৰ হাতত থাকিব তীৰ-ধনু। কৰ্ণাটকৰ প্ৰখ্যাত ভাস্কৰ অৰুণ যোগীৰাজে এই মূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে। অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে কেইবাটাও মূৰ্তি নিৰ্মাণ কৰা হৈছিল। এই আটাইকেইটা মূৰ্তিৰ মাজত গৰ্ভগৃহত স্থাপন কৰিবলৈ অৰুণ যোগীৰাজৰ মূৰ্তিটোহে চিনাক্ত কৰা হৈছে। বিগত শুক্ৰবাৰ অৰ্থাৎ ২৯ ডিচেম্বৰত মূৰ্তি চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ট্ৰাষ্টৰ সদস্য বিমলেন্দ মোহন প্ৰতাপ মিশ্ৰই জনোৱা অনুসৰি সেইদিনটোত এখন বিশেষ বৈঠক ট্ৰাষ্টে অনুষ্ঠিত কৰিছিল। তাতেই মন্দিৰৰ বাবে মূৰ্তি বাচনি কৰা হয়।

https://x.com/JoshiPralhad/status/1741868129289138340?s=20

সোমবাৰে পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা হৈছে মূৰ্তিৰ ছবি। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে মূৰ্তিৰ ফটো শ্বেয়াৰ কৰি লিখিছে, ‘মহীশূৰৰ শিল্পী অৰুণ যোগীৰাজৰ এই মূৰ্তিয়েই অযোধ্যাৰ মন্দিৰত স্থাপন কৰা হ’ব।’ এক্স হেণ্ডেলত লিখা পোষ্টত মন্ত্ৰীগৰাকীয়ে লগতে লিখিছে, ‘য’তেই ৰাম, তাতেই হনুমান। অযোধ্যত ভগৱান ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ বাবে মূৰ্তি নিৰ্বাচন চূড়ান্ত হৈছে। আমাৰ দেশৰ প্ৰখ্যাত ভাস্কৰ শ্ৰী অৰুণ যোগীৰাজে তৈয়াৰ কৰা ভগৱান ৰামৰ এই মূৰ্তিয়েই অযোধ্যাত স্থাপন কৰিম। এই ৰামৰ মূৰ্তিয়ে ৰাম-হনুমানৰ অদম্য সম্পৰ্কৰ এক উদাহৰণ ফুটাই তুলিবলৈ সক্ষম হৈছে। ইফালে আপোনালোকে জানেই কৰ্ণাটকটো হনুমানৰেই দেশ।’

মূৰ্তি চিনাক্তকৰণৰ পাছতেই ভাস্কৰ্যশিল্পী অৰুণ যোগীৰাজে সংবাদসংস্থা পিটিআইৰ আগত দিয়া সাক্ষাৎকাৰত কৈছে যে, তেওঁ তৈয়াৰ কৰা মূৰ্তিটো ৰাম মন্দিৰ ট্ৰাষ্টে বাছনি কৰাৰ কথা এতিয়াও তেওঁ আনুষ্ঠানিকভাৱে গম পোৱা নাই। দেশক তিনিজন ভাস্কৰ্যশিল্পীক ৰামৰ মূৰ্তি তৈয়াৰ কৰাৰ বাবে নিৰ্বাচন কৰা হৈছিল। তাৰমাজতেই তেওঁক চিনাক্ত কৰাৰ খবৰ যদি সত্য তেন্তে এয়া ভাললগাৰেই কথা বুলি কৈ অৰুণ যোগীৰাজে কয়, ‘মোক বাছনি কৰাৰ খবৰটো যদি সত্য, তেন্তে মোৰবাবে ইয়াতকৈ আনন্দৰ খবৰ কি হ’ব পাৰে! মই নিৰ্মাণ কৰা ৰামৰ মূৰ্তিটো শিশু ৰামৰ। কাৰণ এইটো ঈশ্বৰৰ অৱতাৰৰ মূৰ্তি। মূৰ্তিটো দেখি মানুহৰ মনত দেৱত্বৰ অনুভৱ আহিব বুলি মই ভাৱো। সন্তানসদৃশ মুখৰ ওপৰিও ঐশ্বৰিক দিশটো মূৰত ৰাখিব লাগিব। মই প্ৰায় ৬-৭ মাহ আগতেই নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলো। মোৰ মূৰ্তি নিৰ্বাচিত নহ’লেও জনতাই যদি এই মূৰ্তি দেখি ভালপায় তেন্তে তাতেই মই সুখী।’

উল্লেখ্য যে ইয়াৰ পূৰ্বে অৰুণ যোগীৰাজে কেদাৰনাথৰ আদি শংকৰাচাৰ্যৰ মূৰ্তি আৰু দিল্লীৰ ইণ্ডিয়া গেটৰ কাষত থকা সুভাষচন্দ্ৰ বসুৰ মূৰ্তিও তৈয়াৰ কৰিছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য
জীৱনশৈলী

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

January 29, 2026
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য
জীৱনশৈলী

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

January 29, 2026
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?
জীৱনশৈলী

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

January 29, 2026
Next Post
দেশজুৰি আৰম্ভ হৈছে কাৰ্ডলেছ ATM! UPIৰে কেনেকৈ ATMৰ পৰা ধন উলিয়াব? শিকি থওক সবিশেষ

দেশজুৰি আৰম্ভ হৈছে কাৰ্ডলেছ ATM! UPIৰে কেনেকৈ ATMৰ পৰা ধন উলিয়াব? শিকি থওক সবিশেষ

নৱবৰ্ষ জাপানত কটাবলৈ গৈছিলো কিন্তু… ভয়াৱহ ভূমিকম্পৰ মাজত জাপানত আৱদ্ধ জুনিয়ৰ এন টি আৰ বৰ্তমান কেনে আছে?

নৱবৰ্ষ জাপানত কটাবলৈ গৈছিলো কিন্তু... ভয়াৱহ ভূমিকম্পৰ মাজত জাপানত আৱদ্ধ জুনিয়ৰ এন টি আৰ বৰ্তমান কেনে আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.