জৈছ এ মহম্মদ মহিলা শাখা, ‘জামাত উল মমিনত’ৰ ভাৰতীয় শাখাৰ দায়িত্বত আছিল ডাঃ শ্বাহিন শাহিদ৷ এইগৰাকী মানৱসেৱাত কৰ্মৰত এগৰাকী মহিলাই এক নৃশংস ঘাতক হৈ ঘাপটোযে মেৰিব সেয়া ভাৱিব পৰা নাছিল কোনোৱে৷ শ্বাহিন ছাহিদ লক্ষ্ণৌৰ লালবাগ এলেকাৰ বাসিন্দা৷ ফৰিদাবাদত জৈছৰ সন্ত্ৰাসবাদী নেটৱৰ্ক ধৰা পৰাৰ পাছতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে৷ আৰক্ষীয়ে তেওঁৰ বাহনৰ পৰা এটা এছল্ট ৰাইফলো উদ্ধাৰ কৰিছে৷ জনা গৈছে যে কানপুৰৰ জিএছভিএম মেডিকেল কলেজৰ সৈতে তেওঁৰ দীৰ্ঘদিনৰ সম্পৰ্ক আছিল৷ শ্বাহিনে তাতেই বহু বছৰ ধৰি বসবাস কৰি অহাৰ লগতে কামো কৰি আহিছিল৷ গ্ৰেপ্তাৰৰ পাছতেই তেওঁৰ সংস্থাসমূহৰ লগতে তেওঁৰ জীৱনৰ প্ৰতিটো দিশেই এতিয়া চালিজাৰি চাইছে তদন্তকাৰী বিষয়াই৷
চাকৰি আৰু শিক্ষা
২০০৬ৰ পৰা ২০১৩ চন পৰ্যন্ত শ্বাহিনে ফাৰ্মাকোলজি বিভাগৰ লেকচাৰাৰ হিচাপে কাম কৰে৷ আগষ্ট ২০০৬ চনত তেওঁৰ চাকৰি পাব্লিক ছাৰ্ভিচ কমিছনৰ দ্বাৰা অনুমোদিত হয়৷ ২০০৯-১০ চনত ছমাহৰ বাবে তেওঁ কনৌজ মেডিকেল কলেজত কাম কৰে৷ তাৰপিছতেই জিএছভিএম কলেজলৈ আহে৷ কিন্তু ২০১৩ চনত হঠাৎ তেওঁ বিনা নটিছত বিভাগ এৰি দিয়ে৷ ২০২১ চনত চৰকাৰে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰে৷
জিএছভিএমৰ নথি অনুসৰি ডাঃ শ্বাহিন মূলত লক্ষ্ণৌৰ বাসিন্দা৷ তেওঁ লালবাগ গাৰ্লছ ইণ্টাৰ কলেজত পঢ়াশুনা কৰিছে৷ ২০০৩ চনত সেই প্ৰয়াগৰাজ মেডিকেল কলেজৰ পৰা MBBS সম্পন্ন কৰে আৰু ২০০৫ চনত এম ডি ডিগ্ৰি লাভ কৰে৷ প্ৰায় ৮ বছৰ ধৰি লেকচাৰাৰ হিচাপে কাম কৰাৰ সময়ত বিভিন্ন বিতৰ্কৰ খবৰো শিৰোনামত আছিল৷
ব্যক্তিগত জীৱন
ডাঃ শ্বাহিনে কলেজৰ এল ব্লকৰ ২৯ নম্বৰ ঘৰত আছিল৷ বিয়া হৈছিল মহাৰাষ্ট্ৰৰ চিকিৎসক জাফৰ হায়াতৰ সৈতে৷ ২০১৫ চনত তেওঁৰ বিবাহ বিচ্ছেদ হয়৷ তাৰপিছতেই শ্বাহিন ফৰিদাবাদলৈ যায়৷ ইয়াতেই তেওঁৰ আকৌ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে মোজাম্মিলৰ সৈতে৷ শ্বাহিনৰ হাতত ধৰিয়েই তেওঁৰ প্ৰেমিক সন্ত্ৰাসবাদী গোষ্ঠীত সোমাই পৰে৷ শ্বাহিনে সেই কলেজত কাম কৰিলেও নিজ বিভাগৰ বাহিৰে অন্য বিভাগৰ অধ্যাপকসকলৰ সৈতে বিশেষ ঘনিষ্ঠ সম্পৰ্ক নাছিল৷
শ্বাহীনে উদাৰ মনস্কতাৰ পৰিচয় দিছিল৷ মিঠামুখীয়া আছিল শ্বাহিন৷ লগতে ভাল ৰান্ধনীও আছিল৷ বিশেষকৈ বিৰিয়ানি ৰন্ধাৰ বাবে তেওঁৰ বিশেষ নাম আছিল৷ ইয়াৰোপৰি শ্বাহিনে ভাল বন্দুকো চলাইছিল৷
কামত অনুপস্থিতি
তেওঁ কাম কৰা কলেজৰ প্ৰায়সংখ্যক সহকৰ্মীয়ে জনাইছে যে শ্বাহিন প্ৰায়েই কলেজত অনুপস্থিত আছিল৷ সেয়ে চৰকাৰে তেওঁক বৰ্খাস্ত কৰিছে৷ কলেজৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি অন্যান্য অধ্যাপক পৰ্যন্ত তেওঁ কাৰোৰে সৈতেই যোগাযোগ ৰখা নাছিল৷ কলেজৰ কৰ্মী আৰু প্ৰতিবেশীসকলেও তেওঁৰ বিষয়ে কোনো কথাই ক’ব খোজা নাই৷
শ্বাহিনৰ পিতৃৰ প্ৰতিক্ৰিয়া
ডাঃ শ্বাহিনক ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে৷ ইয়াৰ পাছতেই আৰক্ষীয়ে তেওঁৰ লক্ষ্ণৌৰ লালবাগনৰ ঘৰ আৰু দালিগঞ্জৰ পুৰণি ঘৰলৈ যায়৷ তেওঁৰ পিতৃয়ে এতিয়াও সেই কথা মানি ল’ব পৰা নাই৷ পিতৃয়ে কয়, ‘মোৰ কন্যা এগৰাকী চিকিৎসক৷ সমগ্ৰ জীৱন মানুহৰ সেৱা কৰিছে৷ মই বিশ্বাস নকৰো, এনে সন্ত্ৰাসবাদী কাৰ্যকলাপত তাই যুক্ত থাকিব পাৰে৷’
দিল্লীৰ লালকিল্লাৰ বিস্ফোৰণ
সোমবাৰে পুৱা দিল্লীৰ কাষত ফৰিদাবাদত বিপুল পৰিমাণে বিস্ফোৰক পোৱা গৈছে৷ সেইদিনা সন্ধিয়াবেলা লালকিল্লাৰ মেট্ৰো ষ্টেচনৰ কাষতেই এক বিস্ফোৰণত ১৩ গৰাকীৰ মৃত্যু হয় আৰু ২০জন গুৰুতৰভাৱে আহত হয়৷ ঘটনাৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগেই আৰক্ষীয়ে ডাঃ শ্বাহিনক ঘটনাৰ সৈতে সম্পৰ্কিত বুলি গ্ৰেপ্তাৰ কৰিছে৷ তেওঁৰ বাহনৰ পৰা উদ্ধাৰ কৰিছে এটা একে-৪৭ ৰাইফল৷ তদন্তত জনা গৈছে বিস্ফোৰণত ব্যৱহৃত অস্ত্ৰ আৰু বিস্ফোৰক সৰবৰাহত তেওঁৰ বাহন ব্যৱহাৰ হৈছিল৷
মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে যোগাযোগ
ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা ডাঃ শ্বাহিনক জৈছৰ মহিলা শাখা ভাৰতত গঠন কৰাৰ দায়িত্ব দিয়া হৈছিল৷ সেই ধৃত সন্ত্ৰাসী চিকিৎসক ডাক্তৰ আছিল মুজাম্মিলৰ প্ৰেয়সী৷ পাছলৈ জনা যায় যে জৈছ প্ৰধান মাছুদ আজহাৰৰ ভনীয়েক ছাদিয়া আজহাৰৰ সৈতে যোগাযোগ ৰাখিছিল৷ তেওঁৰ নিৰ্দেশতেই শ্বাহিনে ভাৰতৰ মহিলাসকলক লৈ এটা সন্ত্ৰাসবাদী দল তৈয়াৰ কৰি আছিল৷ তেওঁ জৈছৰ জামাত-উল-মোমিনাত সংগঠনৰ সদস্য আছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















