ভাৰতবৰ্ষত কোভিড মহামাৰীক লৈ শিথিলতা আৰম্ভ হোৱাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে এক ভয়াৱহ তথ্য৷ WHOৰ তথ্য অনুসৰি বৰ্তমানেও অন্ত পৰা নাই কোভিড মহামাৰীৰ৷ কোভিডক লৈ শংকাহীন হোৱাৰ পৰিস্থিতি বৰ্তমানেও আহি পৰা নাই৷ সমগ্ৰ বিশ্বজুৰি প্ৰতি সপ্তাহে মৃত্যুবৰণ হৈছে ৭০ হাজাৰ কোভিড ৰোগীৰ৷ এনে পৰিস্থিতিত প্ৰযোজনীয় সতৰ্কতা গ্ৰহণ নকৰিলে বিশ্ববাসী পুনৰ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷
আফ্ৰিকাৰ দৰে দেশসমূহত পুনৰ দ্ৰুতগতিত আৰম্ভ হৈছে কোভিডৰ সংক্ৰমণ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কোভিডৰ নতুন নতুন ভেৰিয়েণ্ট চিনাক্ত কৰাত একপ্ৰকাৰ ব্যৰ্থ হৈছে বিশ্ব স্বাস্থ্য সংস্থা৷ তদুপৰি যোৱা সপ্তাহত বিশ্বজুৰি কোভিডৰ নতুন সংক্ৰমণৰ ঘটনা ১৯ শতাংশ হ্ৰাস পাইছে যদিও ৭-১৩ ফেব্ৰুৱাৰী পৰ্যন্ত বিশ্বত ১৬ মিলিয়নৰ অধিক সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে আৰু ৭৫ হাজাৰ কোভিডৰ ৰোগীৰ মৃত্যু হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ