অসম লাইভ ২৪ঃ সমগ্ৰ দেশবাসীৰ বাবে এটা ক’লা দিন হৈ ধৰা দিলে ৮ ডিচেম্বৰৰ দিনটো। হয়টো যেতিয়াই মনত পেলোৱা হ’ব তেতিয়াই ইতিহাস ৮ ডিচেম্বৰৰ দিনটো ভাৰতবাসীৰ বাবে ক’লা দিন হিচাপেই মনত পৰিব। সপোনটো ভাৱিব নোৱাৰা বিমান দুৰ্ঘটনাৰ দৰে এক জটিল ঘটনাত দেশৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য ব্যক্তিজন যে হেৰাই যাব সেইয়া হ’য়টো সপোনটো কোনোৱে ভৱা নাছিল। CDS বিপিন ৰাৱাটৰ মৃত্যুৰ লগে লগে সকলো দেশবাসীয়ে শোকত ম্ৰিয়মাণ হৈ পৰিছে বিপিন ৰাৱাট আৰু মৃত্যুৰ খবৰক লৈ। আমি সকলোৱে জানো দেশৰ বাবে বিপিন ৰাৱাট কোন আছিল। কিন্তু আমি কিমানে জানো যে নিজৰ ব্যক্তিত্বৰে উজ্জলি উঠা পত্নী মধুলীকা ৰাৱাট কোন আছিল। মধ্যপ্ৰদেশৰ ৰজাৰ বংশত জন্ম গ্ৰহণ কৰা মধুলীকা ৰাৱাট এগৰাকী সমাজ কৰ্মী হিচাপে বিশেষ শ্ৰেণীৰ মানুহৰ মাজত এটা চিনাকী নাম আছিল। ভাৰতীয় সেনাত কৰ্মৰত সেনা জোৱান শ্বহীদ হ’লে সেই শ্বহীদ জোৱানসমূহৰ পত্নীৰ পৰা আৰাম্ভ কৰি সন্তান আৰু পৰিয়ালৰ লৈকে প্ৰায়বোৰ দায়িত্ব গ্ৰহণ কৰি আহিছিল মধুলীকা ৰাৱাটৰ নেতৃত্ব আৰাম্ভ হোৱা স্বেচ্ছাসেৱী সংগঠন defence Wives Welfare associationএ। আনহাতে এই বিশেষ সংগঠনটোৰ সভাপতিৰ দায়িত্বত আছিল খোদ মধুলীকা ৰাৱাট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ