কোন হ’ব কানাডাৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী, তালিকাৰ শীৰ্ষত ভাৰতীয় অনিতা আনন্দ
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ পদত্যাগৰ পিছত তেওঁৰ উত্তৰাধিকাৰীক লৈ এক জল্পনা-কল্পনাৰ আৰম্ভ হৈছে। খবৰ অনুসৰি ভাৰতীয় মূলৰ নেত্ৰী অনিতা আনন্দ প্ৰধানমন্ত্ৰী পদৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী। লিবাৰেল পাৰ্টিৰ নেতা আৰু প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে জাষ্টিন ট্ৰুডোৱে। অৱশ্যে লিবাৰেল পাৰ্টিৰ নতুন নেতা নিৰ্বাচিত নোহোৱালৈকে তেওঁ প্ৰধানমন্ত্ৰীৰ পদত থাকিব।
অনিতা আনন্দ বৰ্তমান কানাডাৰ পৰিবহণ আৰু আভ্যন্তৰীণ বাণিজ্য মন্ত্ৰী। অনিতা ইন্দিৰা আনন্দৰ জন্ম হৈছিল নোভা স্কটিয়াৰ কেণ্টভিলত। তেওঁৰ পিতৃ-মাতৃ ভাৰতীয় চিকিৎসক আছিল। তেওঁৰ পিতৃ তামিলনাডুৰ আৰু মাক পঞ্জাৱৰ।
কেৰিয়াৰৰ হিচাপে কবলৈ গলে অনিতাই ২০১৯ চনত প্ৰথমবাৰৰ বাবে অকভিলৰ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০১৯ চনৰ পৰা ২০২১ চনলৈ তেওঁ লোকসেৱা আৰু ক্ৰয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কোষাগাৰ ব’ৰ্ডৰ সভাপতি আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। জনসেৱা আৰু ক্ৰয় মন্ত্ৰী হিচাপে আনন্দই ক’ভিড-১৯ মহামাৰীৰ সময়ত কানাডাৰ লোকসকলৰ বাবে ভেকচিন, ব্যক্তিগত সুৰক্ষা সঁজুলি আৰু দ্ৰুত পৰীক্ষাৰ বাবে ঠিকাভিত্তিক আলোচনাৰ নেতৃত্ব দিছিল।
অনিতা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী হোৱাৰ সময়ত সেনাবাহিনীত যৌন অসৎ আচৰণৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছিল। ৰুছ-ইউক্ৰেইন যুদ্ধৰ সময়ত তেওঁ কিয়েভক ব্যাপক সামৰিক সাহায্য প্ৰদান কৰাৰ লগতে ইউক্ৰেইনৰ সৈন্যৰ প্ৰশিক্ষণৰ বাবে কৰ্মীও প্ৰদান কৰিছিল। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত অনিতা আনন্দক ট্ৰেজাৰী ব’ৰ্ডৰ অধ্যক্ষ পদৰ উপৰিও পৰিবহণ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ