নৰ্থইষ্ট ইজ চেণ্ট্ৰেলি ইনক্লাইনড… ৰাজনৈতিক বিশ্লেষকৰ সচৰাচৰ ধাৰণা যে দিল্লী যাৰ হাতত উত্তৰপূবো তেওঁৰেই হাতত। কিন্তু সেই চিন্তা সলনি হৈছে। এইবাৰ লোকসভা নিৰ্বাচনত ফুঁটি উঠিছে অন্য এখন ছবি। নৰ্থইষ্টত মোদীক উভতি চাব খোজা নাই সাধাৰণ ভোটাৰে। অসমে যেনেতেনে সন্মান ধৰি ৰাখিলেও উত্তৰপূৰ্বত চূড়ান্তভাৱে বিফল হৈছে মোদী মডেলৰ লগতে হিমন্ত মডেলো।
ডেৰমাহ ধৰি চলা ভোটযুদ্ধৰ অন্তত ওলোৱা ৰিজাল্টত উত্তৰ পূবত ভৱাধৰণৰ ফল লাভ নকৰিলে মোদীৰ দলে। জাতি সংঘাতে কোঙা কৰা মণিপুৰত ফুলাব নোৱাৰিলে পদুম। মণিপুৰৰ দুয়োখন আসনেই লাভ কৰিলে কংগ্ৰেছ দলে। মেঘালয়ৰ দুখন ছীটৰ ভিতৰত মধ্য তুৰা আসনত আগুৱাই আছে কংগ্ৰেছ প্ৰাৰ্থী সালেং এ চাংমা। ইফালে নাগালেণ্ডৰ একমাত্ৰ আসনত জয়ী হৈছে কংগ্ৰেছ দল। মিজোৰামৰ একমাত্ৰ আসনখন দখল কৰিছে সদ্য ভূমিষ্ঠ আঞ্চলিক দল জোৰাম পিপলছ মুভমেণ্টে। অৱশ্যে অৰুণাচলৰ দুখন আসনতেই বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত হৈ পৰিছে। ত্ৰিপুৰাতো পদুমেই ফুলিছে। আনহাতে অসমত মুখ্য়মন্ত্ৰীয়ে দাবী কৰাধৰণে ১৪খন আসনৰ ১১ খন বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই।
অসমত পদ্মশিৱিৰে আগবাঢ়ি আছে ৮খন আসনত। অসমৰ ৩খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে। ইয়াৰে যোৰহাট আসনত গৌৰৱ গগৈয়ে বৃহত ব্যৱধানত জয়লাভো কৰিছে। ধুবৰীত ৰকিবুল হুছেইন আৰু নগাঁওত প্ৰদ্যুৎ বৰদলৈ আগুৱাই আছে। সকলোবোৰ মিলি উত্তৰপূবৰ ২৪ আসনৰ মাজত অভাৱনীয়ভাৱে কংগ্ৰেছ দল আগুৱাই আছে ৭খন আসনত। এই ট্ৰেণ্ডে পদ্মশিৱিৰক লজ্জাৰ মুখত পেলোৱা বুলিও একাংশই দাবী কৰিছে।
কংগ্ৰেছ দলে ৭খন আসন লাভ কৰাৰ দিশেৰে আগবাঢ়োতেই বহুতে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী একেবাৰেই মিছা প্ৰমাণিত হল। মুখ্য়মন্ত্ৰীয়ে দাবী কৰিছিল উত্তৰ পূৱৰ ২৪ আসনৰ ২২ আসনেই গেৰুৱা শিৱিৰৰ। ছেভেন চিষ্টাৰৰ চানক্য় আখ্যা পোৱা হিমন্ত বিশ্বৰ শৰ্মাৰ এই দাবী একেবাৰেই মিছা প্ৰমাণিত কৰি কংগ্ৰেছে লাভ কৰিলে ৭খন আসন।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে মেইতেই আৰু কুঁকি সংঘাতত মণিপুৰত ধাক্কা খাইছে বিজেপিয়ে। ৰাজ্যৰ শাসকসকলৰ প্ৰতি বিৰূপ মনোভাৱে গা কৰি উঠিছে সেই ৰাজ্যৰ জনতাৰ মনত। মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ প্ৰশাসনিক ব্যৰ্থতাৰ অভিযোগ মণিপুৰবাসীয়ে বাৰে বাৰে কৰিয়েই আহিছে। আচৰিতধৰণে বিজেপিৰ ভোটবেংক মেইতেইয়েই প্ৰতাৰণা কৰিলে পদ্মশিৱিৰক। অসমতো মুছলমান ভোট কংগ্ৰেছৰ ভোটবেংক সেই কথা প্ৰমাণ হলেও এইবাৰ আন এক দল এআইইউডিএফ প্ৰধানে মুখথেকেচা খোৱাত আচৰিত হৈ পৰিছে সকলো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















