হিন্দু ধৰ্মত প্ৰায় সকলো দেৱ-দেৱীৰেই নিজস্ব বাহন আছে৷ কোনোবা নহয় কোনোবা পশু বা পক্ষীয়েই দেৱতাসকলৰ বাহন৷ দেৱতাসকলৰ আৰাধনাত বিশেষ মাহাত্ম্য আছে এই বাহনসমূহৰো৷ দূৰ্গা পুজালৈ মাজত এমাহ থাকোতেই আৰম্ভ হৈছে এই সকলোবোৰৰ চৰ্চা৷ আমি সকলোৱে জানো মা দুৰ্গাৰ বাহন হৈছে সিংহ৷ কিন্তু কিয় দুৰ্গাই নিজৰ বাহন হিচাপে সিংহকেই বাছি ল’লে?
শিৱ পুৰাণ অনুসৰি মহিষাসুৰক বধ কৰিবলৈ যোৱাৰ সময়ত দেৱীক সিংহ দান কৰিছিল ব্ৰহ্মাই৷ সিংহ হৈছে প্ৰচণ্ড শক্তি, প্ৰৱল খং আৰু আক্ৰমণাত্মক মনোভাৱৰ লগতে ৰাজকীয় আচৰণৰ প্ৰতীক৷ মহিষাসুৰক বধ কৰোতে দেবীয়ে চামুণ্ডাৰ ৰূপ লৈছিল৷ সিংহৰ শক্তি, খং আৰু আক্ৰমণৰ সৈতে মিলি গৈছিল দেৱীৰ চামুণ্ডা ৰূপো৷ সিংহৰ ওপৰত দহোখন হাতেৰে দশভূজা হৈ দুৰ্গা দেৱী প্ৰত্যেকবাৰেই মৰ্ত্যলৈ আহে৷ শাৰদীয় এই সময়ৰ শুভা বঢ়াই দেৱী মৰ্ত্যলৈ নামে৷ দেৱী মৰ্ত্যলৈ অহাৰ উদ্দেশ্য এয়াই যে মৰ্ত্যৰ সমস্ত পাপ আৰু অন্ধকাৰ বিনাশ কৰা৷ সিংহৰ শক্তি, সাহস আৰু নেতৃত্বতেই মৰ্ত্যলৈ আহে দেৱী৷ মহিষাসুৰৰ বিৰুদ্ধে দেৱীৰ জয় সহজ নাছিল৷ প্ৰচণ্ড যুদ্ধত তেৱোঁ ক্ষত-বিক্ষত হৈ পৰিছিল৷ কিন্তু তেওঁ যুদ্ধত পিছুৱাই নগৈ পৰাক্ৰমেৰে যুদ্ধ জয় কৰিলে৷ বিশ্ব ব্ৰহ্মাণ্ডক ৰক্ষা ভাৰ নিজৰ হাতত তুলি লৈছিল দেৱীয়ে৷ শৰীৰত তেজ বিৰিঙি উঠিলেও নিজৰ কৰ্মত তেওঁ অবিচল আছিল৷ তেওঁৰ সাহস আৰু নেতৃত্বৰ বাবেই যুগে যুগে শক্তিৰ দেৱী হিচাপেও তেওঁ পুজিত হৈ আহিছে৷ ইয়াৰোপৰি তেওঁৰ বাহন সিংহইয়ো দেৱীৰ সমানেই পৰাক্ৰম প্ৰদৰ্শন কৰিছিল বাবেই দেৱীৰ সৈতে সিংহকো পৰাক্ৰমী বুলি পুজা আগবঢ়াই আহিছে ভক্তগণে৷
উল্লেখ্য যে, তথাকথিত ধাৰণাত নাৰী মানেই কোমল প্ৰকৃতিৰ৷ শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ৷ এই ধাৰণাক কিন্তু নস্যাৎ কৰিছিল দেৱী দুৰ্গাই৷ মুখামুখীকৈ যুদ্ধ কৰি পুৰুষ পৰাক্ৰমক ধৰাসায়ী কৰিছিল দুৰ্গাই৷ সিংহৰ পিঠিত আহি মা দুৰ্গাৰ অৱস্থানে সাহস আৰু পূৰ্ণতা বুজায়৷ আন এক কাহিনী অনুসৰি শিৱক স্বামী হিচাপে লাভ কৰি দেৱী পাৰ্বতীয়ে ১০০০ বছৰ ধৰি তপস্যা কৰিছিল৷ এই প্ৰৱল তপস্যাতেই দেৱীয়ে শিৱক স্বামী হিচাপে লাভ কৰে৷ বিবাহৰ পাছতেই শিৱই পাৰ্বতীক কালি বুলি সম্বোধন কৰাত মনৰ দুখত কৈলাশ ত্যাগ কৰে দেৱীয়ে৷ দেৱীয়ে কৈলাশৰ পৰা উভতি আহি আকৌ তপস্যাত বহে৷ দেৱীয়ে এনেদৰে তপস্যা কৰি থাকোতেই এটা ক্ষুধাৰ্ত সিংহই দেৱীক আক্ৰমণ কৰিবলৈ আগুৱাই আহে৷ কিন্তু সিংহটোৱে কাষ চাপি আহিও দেৱীক আক্ৰমণ নকৰিলে৷ তাৰ সলনি দেৱীৰ তপস্যা ভংগলৈ অপেক্ষা কৰি থাকিল সিংহটোৱে৷ দেৱীৰ কাষতেই সিংহটো শুই পৰিল৷ এনেকৈ কেইবাবছৰো পাৰ হৈ যায়৷ সিংহটোৱেও স্থান সলনি নকৰি দেৱীৰ কাষতেই তেনেদৰে ৰৈ থাকিল৷
দেৱীৰ এই তপস্যা ভংগ হোৱাৰ পাছত দেৱী কলাৰ পৰা গৌৰবৰ্ণা হৈ পৰিল৷ সিংহটোৱেও দেৱীক এই ৰূপত দেখি হতচকিত হৈ পৰিল৷ তাৰপিছতেই দেৱীয়ে কাষতে থকা সেই সিংহকেই বাহন কৰে৷ যিটো সিংহই দেৱীক ভক্ষণ কৰিবলৈ আহিছিল সেই বাহনেই দেৱীৰ বাহন হৈ পৰিল৷ সিংহটোৱেও দেৱীৰ একান্ত ব্যাধ্য হৈ পাছলৈ দেৱীৰ কাষে কাষে থাকিবলৈ লয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ