কপিল শৰ্মাৰ কমেডি শ্ব’ হঠাতে কিয় ত্যাগ কৰিছিল নৱজোৎ সিং সিদ্ধুৱে, ৫ বছৰৰ পাছত কৰিলে সদৰি
‘থোকো তালি’ বুলি কোৱাৰ লগতে নিতৌ ন ন শ্বায়েৰী কৈ কপিল শৰ্মাৰ লগতে দৰ্শকৰ মন জয় কৰা নৱজোৎ সিং সিদ্ধুৱে কিয় হঠাতে ত্যাগ কৰিছিল কপিল শৰ্মাক শ্ব’। সেই ৫ বছৰৰ মূৰকত খোলোচা কৰে। লগতে পুনৰ কপিলৰ অনুষ্ঠানত নৱজোৎ সিং সিদ্ধুক আকৌ এবাৰ দেখা যাব বুলি খবৰ ওলাইছে।
কিন্তু, এইবাৰ তেওঁক শ্ব’টোত বিচাৰক হিচাপে নহয় অতিথি হিচাপেহে দেখা যাব। ২০১৯ চনত হঠাতে শ্ব’টো এৰি দিছিল সিদ্ধুৱে। সেই তেতিয়াৰ পাছত এতিয়াহে দেখা যাব সিদ্ধুক।
পাছে ২০২৯ চনত কপিলৰ অনুষ্ঠান এৰাৰ আঁৰৰ কাৰণ আজিলৈকে প্ৰকাশ হোৱা নাছিল। কিন্তু এতিয়া প্ৰায় ৫ বছৰ পাৰ হোৱাৰ পিছত সিদ্ধুৱে ইয়াৰ আঁৰৰ কাৰণ উদঙাই দিছে।
নৱজোত সিং সিদ্ধুৱে দ্য কপিল শৰ্মা শ্ব’ এৰি যোৱাৰ কাৰণ হিচাপে কিছু ৰাজনৈতিক বুলি উল্লেখ কৰে যদিও এই বিষয়ত কোনো সবিশেষ সদৰি কৰিবলৈ অস্বীকাৰ কৰে। নৱজোৎ সিং সিদ্ধুৱে ‘দ্য গ্ৰেইন টক শ্ব’’ত কয়, ‘ইয়াৰ আঁৰত কিছু ৰাজনৈতিক কাৰণ আছিল। কিছুমান ব্যক্তিগত কাৰণো আছিল বুলি উল্লেখ কৰে।
কথা-বতৰাত তেওঁ কপিল শৰ্মাৰ সৈতে কাম কৰাৰ স্মৃতি আৰু অধিক ব্যক্ত কৰে আৰু কমেডিয়ানগৰাকীৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। সিদ্ধুৱে কয় যে তেওঁ আৰম্ভণিৰে পৰাই কপিলৰ শ্ব’ৰ বহু ছিজনৰ সৈতে জড়িত হৈ আছে, যেতিয়া কপিলে প্ৰথমবাৰৰ বাবে ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’ত স্বীকৃতি লাভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ