অসম লাইভ ২৪ঃ আপোনাৰ জন্ম অক্টোবৰতেই নেকি? অক্টোবৰত জন্মলাভ কৰা ব্যক্তিসকলৰ আছে বিশেষ কিছু বিশেষত্ব। অক্টোবৰ, উৎসৱৰো সময়। দুৰ্গাপূজা, লক্ষীপূজা, দীপাৱলী, ভাইফোট, জগদ্ধাত্ৰী পূজা সকলো অক্টোবৰতেই হয়। এই উৎসৱৰ মাহত জন্মলাভ কৰা ব্যক্তিসকল পৃথক বুলি শাস্ত্ৰতো উল্লেখ আছে। অক্টোবৰত জন্মলাভ কৰা ব্যক্তিসকলৰ বিশেষত্ব কি কি?
অক্টোবৰত জন্মলাভ কৰা ব্যক্তিসকল সৎ প্ৰকৃতিৰ। তেওঁলোকে কেতিয়াও মিছাৰ আশ্ৰয় নলয়। তেওঁলোকে সদায় সত্যৰ পক্ষত থিয় দিয়ে। তেওঁলোকৰ সন্মুখত অন্য কোনোৱে মিছা কতা ক’লে তেওঁলোকে সহজেই ধৰা পেলাব পাৰে।
এইসকল লোক শান্তিপ্ৰিয়ও। অক্টোবৰত জন্মলাভ কৰা ব্যক্তিয়ে শান্ত পৰিবেশ পছন্দ কৰে। এই মাহত জন্ম ব্যক্তিয়ে সাধাৰণতে কাজিয়া-পেচালৰ পৰা আঁতৰি থাকে। সৰল প্ৰকৃতিৰ হোৱা বাবে এওঁলোকে যিকোনো বিষয়কে জটিলকৈ ল’ব নিবিছাৰে।
এই মাহত জন্ম হোৱা লোকসকল ৰোমাণ্টিকো হয়। সংগী হিচাপে অত্যন্ত ভাল হয় এই মাহত জন্ম হোৱা লোকসকল। এওলোকে প্ৰেমৰ সম্পৰ্কক সুন্দৰ ৰূপত চলাই ৰখাৰ পক্ষপাতী হয়। এওলোকৰ জীৱনত প্ৰেম আৰু আৱেগে প্ৰত্যেক সময়তে ক্ৰিয়া কৰি থাকে।
অক্টোবৰত জন্ম হোৱা ব্যক্তি সাধাৰণতে বুদ্ধিমান হয়। কেৱল বুদ্ধিয়কেই নহয় এইসকল ব্যক্তিৰ আছে সৃজনশীলতাও। প্ৰচলিত ধ্যান-ধাৰণাৰ বাহিৰেও এওলোকে সকলো কথাকেই নিজা ধৰণেৰে চিন্তা কৰিব পাৰে। সামান্য কোনো বস্তুকো এই মাহত জন্ম হোৱা ব্যক্তিয়ে সুন্দৰৰূপত সজাই তুলিব পাৰে।
এই মাহত জন্ম ব্যক্তিয়ে চেলেঞ্জ গ্ৰহণ কৰিও ভালপায়। সন্মুখত যিয়েই নাহক কিয় সহজে হাৰ নামানে এই মাহত জন্ম ব্যক্তিয়ে। ইয়াৰোপৰি অক্টোবৰত জন্ম ব্যক্তি সদায়ে আশাবাদী হয়। এদিন ভালদিন আহিবই বুলি যিকোনো সমস্যাৰে মোকাবিলা কৰিবলৈ এইসকল লোক সদা প্ৰস্তুত।
উল্লেখ্য যে এইসকল লোক অত্যন্ত খৰচিও। এইসকল লোকে অতিমাত্ৰা ধন খৰছ কৰে লগতে ব্ৰেণ্ডেড সামগ্ৰী ক্ৰয়ৰ বাবে সদায়ে অজস্ৰ ধন খৰচ কৰে। ইয়াৰোপৰি এওঁলোকে কেতিয়াৱা মুখৰ বাবেই বিপদতো পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ