ভাৰতত গল্ড লোন অত্যন্ত আকৰ্ষণীয়, কাৰণ এয়া সহজেই পোৱা যায়৷ ইয়াত ডকুমেণ্টেছন প্ৰচেছ নূন্যতম আৰু খুব দ্ৰুত অনুমোদনো পোৱা যায়৷ সাধাৰণভাৱে ক্ৰেডিট সম্পৰ্কে চিন্তা কৰাৰ সময়ত গল্ড লোনে কেনেকৈ ক্ৰেডিট স্কৰক প্ৰভাৱিত কৰিব পাৰে সেই বিষয়ে জানি থোৱা খুবেই প্ৰয়োজন৷
গল্ড লোন কি?
ঋণগ্ৰহীতাই কেৱল সোণৰ বিপৰীয়ে সুৰক্ষিত ঋণৰ লাভ কৰে৷ অৰ্থাৎ সহজ ভাষাত সোণ বন্ধকত লৈ ঋণ লোৱা৷ বেংক আৰু এন বি এফ চিৰ দৰে আৰ্থিক প্ৰতিষ্ঠাসমূহতো এই ঋণৰ সুবিধা দিয়া হয়৷ গল্ড লোণ জনপ্ৰিয় কাৰণ ই সহজেই অনুমোদিত আৰু খুব দ্ৰুত হয়৷ সুদৰ হাৰ কম আৰু সেই কাৰণেই বহুতে এই ঋণ গ্ৰহণ কৰে৷
ক্ৰেডিট স্কোৰ
ক্ৰেডিট স্কোৰ ক্ৰেডিটযোগ্যতাৰ এটা গুৰুত্বপূৰ্ণ পৰিমাপ৷ ক্ৰেডিট স্কোৰ ৩০০ৰ পৰা ৯০০ ৰ ভিতৰত হয় আৰু কোনে কিমান শতাংশ ক্ৰেডিট ব্যৱহাৰ কৰিছে ঋণৰ ইতিহাস, পৰিশোধনৰ ধৰণ আৰু বকেয়া ঋণৰ ওপৰত ভিত্তি কৰি সেয়া নিৰ্ধাৰণ কৰা হয়৷ সাধাৰণভাৱে কবলৈ গলে ৭৫০ বা তাতকৈ বেছি স্কোৰ মানে আপোনাৰ ক্ৰেডিট স্কোৰ ভাল৷
গল্ড লোনে ক্ৰেডিট স্কোৰক কেনেকৈ প্ৰভাৱিত কৰে?
ইতিবাচক প্ৰভাৱ
- আৰ্থিক শৃংখলা প্ৰদৰ্শনৰ মাধ্যমেৰে সময়মতে ঋণ পৰিশোধ কৰি ক্ৰেডিট স্কোৰ উন্নত কৰা৷
- বিশেষকৈ প্ৰথমবাৰ ঋণ লোৱাসকলে এনেকৈ ঋণ লব পাৰে৷
- এই ঋণে ঋণদাতাসকলৰ আস্থা তৈয়াৰত সহায়তা কৰাৰ বাবে এক সুৰক্ষিত ক্ৰেডিট লাইন যোগ কৰে৷
নেতিবাচক প্ৰভাৱ
- যেতিয়া কোনো অৰ্থপ্ৰদানৰ তাৰিখ মিছ কৰে তেতিয়া EMI বা বুলেট পেমেণ্টৰ ক্ৰেডিট ব্যুৰো ৰিপৰ্টিঙত নেতিবাচক প্ৰভাৱ পৰে৷
- যেতিয়া সম্পূৰ্ণ নিষ্পত্তিৰ পৰিবৰ্তে ঋণ নিষ্পত্তিৰ বিকল্প বাচি লোৱা হয় তেতিয়া এটা এটা স্পষ্ট ইংগিত দিয়ে যে ব্যক্তি আৰ্থিক চাপৰ মাজত থাকিব পাৰে৷
- ঋণৰ বাবে আপোনাৰ সোণৰ সম্পদ বাজেয়াপ্ত হোৱাৰ কাৰণেও নেতিবাচকভাৱে প্ৰভাৱ পৰি পাৰে৷
বেংক বিশেষজ্ঞৰ মতে এটা গল্ড লোনে ক্ৰেডিট স্কৰত ইতিবাচক আৰু নেতিবাচক উভয় প্ৰভাৱেই পেলায়৷ কোনোবাই গল্ড ঋণ ললে ঋণদাতাই ক্ৰেডিট ৰিপৰ্ট তন্নতন্নকৈ পৰীক্ষা কৰে৷ যাৰ ফলত কাৰোবাৰ স্কোৰত সামান্য অস্থায়ী হ্ৰাসো ঘটিব পাৰে৷ কিন্তু কোনোৱে সময়ত গল্ড ঋণ পৰিশোধ নকৰিলে দীৰ্ঘস্থায়ী প্রভাৱ পেলায়৷ সময়ৰ ভিতৰত EMI পৰিশোধ ক্ৰেডিট ইতিহাসক উন্নত কৰি আৰু সময়ৰ সৈতে ক্ৰেডিট স্কোৰ বৃদ্ধিতো অবদান ৰাখে৷
গল্ড ঋণৰ অসুবিধাসমূহ কি কি?
- সোণ ক্ষতিৰ সম্ভাৱনাঃ কোনোৱে যদি ঋণ পৰিশোধ নকৰে তেন্তে ঋণদাতাই বন্ধক ৰখা অলংকাৰ নিলামো কৰিব পাৰে৷
- স্বল্পম্যাদীঃ বেছিভাগ সোণৰ ঋণৰ ম্যাদ ৬ৰ পৰা ২৬ মাহৰ মাজত থাকে আৰু কিছু লোকৰ বাবে এয়া অস্বস্তিকৰ হব পাৰে৷
- বুলেট পৰিশোধৰ ওপৰত সুদঃ বুলেট পৰিশোধৰ ধৰণ বাচি লৈ কোনোৱে উচ্চ সুদৰ হাৰো দিব পাৰে৷
- দীৰ্ঘম্যাদি ঋণৰ ইতিহাসৰ মূল্য নাইঃ ম্যাদ সংক্ষিপ্ত, সেয়ে দীৰ্ঘম্যাদি ঋণৰ ইতিহাস তৈয়াৰৰ বাবে ই খুব এটা কাৰ্যকৰী নহব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ