সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিত্ত মন্ত্ৰণালয়ৰ এক নিৰ্দেশনা পত্ৰ৷ পত্ৰখনত কোৱা হৈছে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ মৰগীয়া ভাত্তা অৰ্থাৎ ডিএ ৩৪ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধি কৰিছে৷ ভাইৰেল হোৱা এই নিৰ্দেশ সম্বলিত পত্ৰখন আৰু এই বাতৰিটো সত্য নে?
পিআইবিৰ ফেক চেকে নিজৰ টুইটাৰ হেণ্ডেলত ইয়াৰ এটা কপি শ্বেয়াৰ কৰি কয় যে এই নিৰ্দেশনা পত্ৰখন সত্য নহয়, ভুৱাহে৷ পিআইবিৰ মতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে এনে কোনো নিৰ্দেশনা জাৰি কৰা নাই৷
লগতে পঢ়ক সমাধিৰ সময়ত কফিনত জী উঠিল ৩ বছৰীয়া কন্যা! কেইঘণ্টামানৰ পিছত আকৌ মৃত্যু
উল্লেখ্য যে ভাইৰেল হোৱা নিৰ্দেশনাত কোৱা হৈছিল যে বিত্ত মন্ত্ৰণালয়ে কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰগীয়া ভাত্তা ৩৪ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধি কৰিছে৷ উক্ত নিৰ্দেশনাটোৰ মতে ১ জুলাইৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ’ব৷
কিন্তু কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে তেনে কোনো নিৰ্দেশনা জাৰি কৰা নাই৷ ভুৱা নিৰ্দেশ সম্বলিত পত্ৰখন ২৩ আগষ্ট ২০২২ তাৰিখত প্ৰকাশ কৰা দেখুওৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ