চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ এদিনৰ পিছত সমাধিস্থ কৰাৰ সময়তে কফিনৰ ভিতৰত জী উঠে এগৰাকী তিনিবছৰীয়া কন্যা শিশু৷ কিন্তু জী উঠাৰ কেইটামান ঘণ্টাৰ পিছতে পুনৰ মৃত্যুক আকোৱালি লয় কন্যা শিশুটিয়ে৷ এই ঘটনাটো মেক্সিকোৰ৷
স্থানীয় সংবাদ পত্ৰ এল ইউনিভাৰ্চেলৰ মতে, ১৭ আগষ্টত মেক্সিকোত সংঘটিত হৈছিল এই ঘটনা। ইতিমধ্যে কন্যা শিশুটিৰ মাতৃ কেমিলা ৰ’ক্সানা মাৰ্টিনেজ মেণ্ডোজাই চিকিৎসকৰ গাফিলতিৰ বাবে তেওঁৰ কন্যাৰ মৃত্যু হোৱা বুলি অভিযোগ কৰি আৰক্ষীৰ ওচৰত গোচৰ দাখিল কৰিছে৷
প্ৰকাশিত খবৰ মতে শিশুটিৰ পেটৰ বিষ, বমি আৰু জ্বৰৰ সন্মুখীন হোৱাৰ পিছত পৰিয়ালটোৱে শিশুটিক চিকিৎসালয়লৈ লৈ যায়। স্থানীয় শিশু চিকিৎসকে শিশুটিৰ মাতৃ মেৰী জেন মেণ্ডোজাক উন্নত চিকৎসাৰ এখন উন্নত চিকিৎসালয়লৈ নিয়াৰ বাবে পৰামৰ্শ দিয়ে। কিন্তু সেই সময়ত তিনি বছৰীয়া শিশুটিক ডিচচাৰ্জৰ সময়ত চিকিৎসকে পেৰাচিটামলৰ প্ৰেছক্ৰিপচনো দিছিল।
লগতে পঢ়ক ধৰ্ষিতাক বিয়া কৰাবলৈ কাৰাগাৰৰ পৰা ওলাল ধৰ্ষণকাৰী, তাৰ পিছত কি হ’ল?
মাতৃগৰাকীয়ে এল ইউনিভাৰ্চেলক জনোৱা মতে, কন্যা কেমিলাৰ অৱস্থাৰ অৱনতি ঘটি থাকিল আৰু তাৰ পিছত তেওঁ আন এজন চিকিৎসকৰ ওচৰলৈ লৈ যায়। তেওঁ বেলেগ ঔষধ এটা লিখি দিলে আৰু মাকক শিশুটিক ফল-মূল আৰু পানী খোৱাবলৈ পৰামৰ্শ দিয়ে।
শিশুটিৰ স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাত পৰিয়ালে ততাতৈয়াকৈ ছোৱালীজনীক এখন চিকিৎসালয়ৰ জৰুৰীকালীন কক্ষলৈ লৈ যায়।
নিউয়ৰ্ক পোষ্টে মাতৃগৰাকীৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি চিকিৎসালয়ৰ কৰ্মচাৰীসকলে শিশুটিক অক্সিজেন দিবলৈ বহু সময় লৈছিল। প্ৰায় ১০ মিনিটৰ পিছত শিশুটিৰ চেলাইন দি সেইটো শেষ হোৱাৰ পিছত এৰুৱাই চিকিৎসকে জিৰণি ল’বলৈ দিয়ে৷ কিন্তু ইয়াৰ পিছতে চিকিৎসকে ডিহাইড্ৰেচনৰ কাৰণে শিশুটিৰ মৃত্যু ঘটা বুলি মৃত্যুৰ আনুষ্ঠানিক ঘোষণা কৰে।
লগতে পঢ়ক ১০০ সংখ্যক জন্মদিনত গ্ৰেপ্তাৰ হ’ল মহিলা! কাৰণ জানিলে আপুনি হ’ব হতভম্ব!
পিছদিনা অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত মাতৃয়ে শিশুটি কফিনত থকা কাঁচৰ পেনেল এটা ধুঁৱলী হৈ পৰা লক্ষ্য কৰিলে। পোষ্টে জনোৱা মতে, শোকত ভাগি পৰা লোকসকলে প্ৰথমতে মাতৃৰ মতিভ্ৰম হোৱা বুলি দাবী সেয়া নস্যাৎ কৰে।
কিন্তু আইতাকে পুনৰ শিশুটিৰ চকু দুটা লৰচৰ কৰা দেখা পাই থতমত খাই সকলোৱে নাড়ী পৰীক্ষা কৰি নিশ্চিত হয় যে তাই তেতিয়াও জীয়াই আছে।
প্ৰতিবেদনত কোৱা হৈছে যে শিশুটিক পুনৰ এম্বুলেঞ্চেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়৷ এইবাৰ চিকিৎসকে চিকিৎসা কৰিবলৈ গৈ চেৰিব্ৰেল ইডিমাৰ বাবে শিশুটিৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ