ৰাজ্যৰ এখন আগশাৰী মহাবিদ্যালয় অধ্যক্ষৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ উক্ত অভিযোগৰ ভিত্তিতে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীক অপসাৰণৰ দাবীও কৰা হৈছে৷
উত্তৰ লখিমপুৰ স্বায়ত্ত শাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়াই ফেচবুকৰ মেচেঞ্জাৰত কোনো যুৱতীৰে অশ্লীল তথা যৌনগন্ধী বাৰ্তালাপ কৰাৰ স্ক্ৰীণশ্বট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
ইফালে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে যৌন কেলেংকাৰিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি তৎকালে অপসাৰণৰ দাবী উঠিছে৷
লগতে পঢ়ক ১০০ সংখ্যক জন্মদিনত গ্ৰেপ্তাৰ হ’ল মহিলা! কাৰণ জানিলে আপুনি হ’ব হতভম্ব!
অধ্যক্ষগৰাকীক অপসাৰণ আৰু তদন্তৰ দাবীত বৃহস্পতিবাৰে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত অধ্যক্ষ গৰাকীৰ পুত্তলিকা দাহ কৰে।
ইপিনে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে এই ঘটনাটো তদন্ত কৰা বুলি শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে টুইট কৰিছে ৷ ইপিনে উচিত তদন্তৰ খাটিৰত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হয়।
আনহাতে অধ্যক্ষগৰাকীয়ে তেওঁৰ ফেচবুক আই ডি হেক কৰি, ভুৱা ৱাটছএপত আই ডিৰে কোনো দুষ্ট চক্ৰই এই কাৰ্য সংঘটিত কৰা বুলি দাবী কৰি লখিমপুৰৰ আৰক্ষী অধিক্ষকক ওচৰত লিখিত অভিযোগ দাখিল কৰা বুলি প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ