নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে সঁচাকৈয়ে কংগ্ৰেছত যোগদান কৰিব নেকি? শনিবাৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব ছোনিয়া গান্ধী, ৰাহুল আৰু কেচি বেণুগোপালৰ সৈতে এখন বৈঠকত অংশ গ্ৰহণ কৰিব বুলি ৰাজনৈতিক মহলত জল্পনা-কল্পনা চলি আছে।
চলিত বছৰতে গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইফালে ২০২৪ চনত অনুষ্ঠিত হ’ব লোকসভাৰ সাধাৰণ নিৰ্বাচন।
ইফালে ইটোৰ পিছত সিটো নিৰ্বাচনত শোচনীয় প্ৰদৰ্শন অব্যাহত ৰখাৰ পিছতে কংগ্ৰেছ দলৰ মাজতে বিদ্ৰোহৰ উকমুকনিৰ সৃষ্টি হৈছে৷ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কংগ্ৰেছক সংকটৰ পৰা উদ্ধাৰৰ কৰিবলৈ বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিলেও সেয়া কাৰ্যক্ষেত্ৰত ব্যৰ্থ হৈছে৷
লগতে পঢ়ক শিশুৰ মোবাইলাতাংক! কেনেকৈ শিশুৰ মোবাইল মেনিয়া দূৰ কৰিব?
তেনে অৱস্থাত, দুই ৰাজ্যৰ আগন্তুক বিধানসভা আৰু ২০২৪ৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে বিজেপিক প্ৰতিহত কৰিবলৈ এতিয়া প্ৰশান্ত কিশোৰ শৰণাপন্ন হোৱাৰ বাহিৰে যেন অন্য পথ নাইকিয়া হৈছে৷
উল্লেখ্য যে যোৱা বছৰ প্ৰশান্ত কিশোৰে ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকাৰ গান্ধীৰ সৈতে কে’বাখনো বৈঠকত মিলিত হৈছিল। তেতিয়াও প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও মূৰকত সেয়া হৈ নুঠিল৷
প্ৰশান্ত কিশোৰৰ এক ঘণিষ্ঠ সূত্ৰৰ মতে যদিও কংগ্ৰেছে দাবী কৰিছে যে দলটোৱে মুখ্যতঃ গুজৰাট নিৰ্বাচন সন্দৰ্ভত পিকেৰ সৈতে আলোচনা কৰিছে৷ কিন্তু কংগ্ৰেছ নেতৃত্বই ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ওপৰতো এতিয়াৰে পৰা গুৰুত্ব দিবলৈ বিচাৰিছে।
লগতে পঢ়ক বিবাহ মঞ্চত কইনাক উপেক্ষা দৰাৰ! কি কাণ্ড সংঘটিত কৰিলে কইনাই?
ইফালে কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰা মতে কংগ্ৰেছ নেতৃত্বই পিকেৰ সৈতে সেই নিৰ্বাচনৰ ৰূপৰেখা সম্পৰ্কেও আলোচনা কৰিছে। কংগ্ৰেছৰ মতে প্ৰশান্ত কিশোৰে কেৱল গুজৰাট নিৰ্বাচনৰ বাবেহে কাম কৰিবলৈ বিচাৰিছিল।
সংবাদ মাধ্যমত প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিব বুলিও চৰ্চা লাভ কৰিলেও সেয়া এতিয়া স্পষ্ট হোৱা নাই৷ কিন্তু প্ৰশান্ত কিশোৰে গুজৰাট নিৰ্বাচনত কংগ্ৰেছৰ হৈ ৰণনীতি প্ৰস্তুত কৰবিলৈ কংগ্ৰেছ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিলেও চলিত বছৰতে ভগ্নপ্ৰায় কংগ্ৰেছ দলটোক গুজৰাটত প্ৰশান্ত কিশোৰে পুনৰুজ্জীৱিত কৰিবলৈ সক্ষম হ’ব নে নাই সেয়া লক্ষণীয় হ’ব৷
উল্লেখ্য যে ২০১৭ চনত উত্তৰ প্ৰদেশ নিৰ্বাচনত প্ৰশান্ত কিশোৰে কংগ্ৰেছৰ ৰণনীতি প্ৰস্তুত কৰিলে নিৰ্বাচনত কংগ্ৰেছে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ