অসম লাইভ২৪ঃ ‘তুমি অবিহনে মই এটি চুঙা।’ পৃথিৱীত এনে মানুহ কম ওলাব যিয়ে বৰ্তমান কোনো ধৰণৰ সামাজিক মাধ্যম ব্যৱহাৰেই নকৰে। ইউটিউব, ফেছবুক, ইনষ্টাগ্ৰাম, টুইটাৰ ইউজাৰকাৰীৰ সংখ্যা পৃথিৱীত কোটি কোটি। তাৰমাজতেই সৰ্বাধিক মানুহেই সহজ মাধ্যম হিচাপে লয় ইউটিউব আৰু ফেছবুককেই। শেহতীয়াভাৱে ইউটিউবে নিজাববীয়াকৈ ফেছবুকক টেগ কৰি দিয়া এটা প’ষ্ট সমগ্ৰতে ভাইৰেল হৈ পৰিছে।
বিশেষ পষ্টটোত ইউটিউবৰ কৰ্তৃপক্ষই ফেছবুকক টেগ কৰি লিখিছে, ‘without you i’m just “Tube”. ফেছবুক আৰু ইউটিউবৰ মাজৰ সম্বন্ধৰ কথাকেই এই প’ষ্টটোৰ জৰিয়তে বুজোৱা হৈছে৷ বহুসংখ্যৰ ইউজাৰকাৰীয়ে প’ষ্টটোত হাঁহিৰ খোৰাক পালেও এটা কথা ঠিক যে ফেছবুকৰ সৈতে ইউটিউবৰ দৰে প্লেটফৰ্মসমূহো লাভাম্বিত হৈছে৷ একোজন ইউটিওবাৰক বিচাৰি পোৱাৰো সহজ মাধ্যমেই হৈছে ফেছবুক৷ পোনতে ফেছবুকত বিচৰাৰ পাছতেই ইউটিউবত গৈ ব্যক্তি একোজনে ইউটিউবাৰগৰাকীক বিচাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ