১১ বছৰ পূৰ্বে মৃত্যু হৈছে স্বামীৰ। কিন্তু বিগত ১১ বছৰ ধৰি তেওঁ পত্নীৰ সপোনত আহি আছে। সপোনত একেলগে খাই, একেলগে শুৱে, কথা পাতে ইত্যাদি ইত্যাদি। সেই মৃত স্বামীয়ে তেওঁৰ গৰ্ভত এটি সন্তান উপহাৰো দিছে। সম্প্ৰতি সেই সন্তানৰ জন্মও হৈছে। শুনিবলৈ অদ্ভুত লাগিলেও এই দাবীকেই কৰিছে মহিলাগৰাকীয়ে।
এগৰাকী মহিলাৰ এটা ভিডিঅ সামাজিক মাধ্যমত খুবেই ভাইৰেল। ভিডিঅক লৈ বহুতেই ৰসিকতাও কৰিছে। এই ঘটনাটো কোনে কেমেৰাবন্দী কৰিছে সেই সম্পৰ্কে জ্ঞাত নহয় অসম লাইভ ২৪। কেৱল ভাইৰেল ভিডিঅৰ আধাৰতেই এই নিউজ লিখা হৈছে।
https://x.com/AnilYadavmedia1/status/1897129365701611589
ভাইৰেল বিশেষ ভিডিঅটোত মহিলাগৰাকীয়ে জনাইছে যে তেওঁৰ স্বামী ১১ বছৰ পূৰ্বেই মৃত্যুৰ মুখত পৰিছে। কিন্তু ১১ বছৰ ধৰি প্ৰায়েই স্বামীয়ে তেওঁক দেখা দিয়ে। সপোনতো স্বামী আহি থাকে। মহিলাই লগতে দাবী কৰিছে যে সপোনত স্বামীয়ে জীৱিত ব্যক্তিৰ দৰে আচৰণ কৰে। তেওঁৰ সৈতে নিশা জাগি থাকি কথা পাতে কিন্তু সুৰ্যোদয়ৰ আগতেই তেওঁৰ স্বামী অদৃশ্য হৈ পৰে। বিগত ১১ বছৰ ধৰি তেওঁৰ সৈতে এই ঘটনা ঘটি আহিছে।মহিলাই লগতে দাবী কৰিছে যে তেওঁৰ স্বামীয়ে তেওঁৰ গৰ্ভত এটি সন্তানো উপহাৰ হিচাপে দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ