অৱসৰপ্ৰাপ্ত আৰক্ষী অফিচাৰ ৰমেছানে নিজৰ ঘৰৰ জালুক গছত জালুক পাৰিবলৈ উঠিছিল৷ কিন্তু হঠাৎ জালুক বগোৱা গছজোপাৰ এটা ডাল ভাঙি পৰে৷ ভাৰসাম্য হেৰুৱাই বৃদ্ধগৰাকী গছৰ কাষতে থকা দ’ কুঁৱাত পৰি যায়৷ কুঁৱাটো প্ৰায় ৪০ ফুট গভীৰ, কুৱাটোত প্ৰায় ৫ ফুটলৈকে পানী আছিল৷
https://x.com/timesofindia/status/1887361829862613486
স্বামীক কুঁৱাত পৰি যোৱা দেখি পত্নীও ৰৈ নাথাকিল৷ স্বামী পৰি যোৱা কুঁৱাত জাপ দিয়ে ৫৬ বছৰীয়া পত্নী পদ্মমেও৷ স্বামীক উদ্ধাৰ কৰিবলৈকে কুঁৱাত জপিয়াই দিয়ে পদ্মম৷ কিন্তু এই গভীৰ কুঁৱাৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰিব স্বামীক? চুবুৰীয়াই বিষয়টো প্ৰত্যক্ষ কৰি লগে লগেই উদ্ধাৰকাৰী দলক খবৰ দিয়ে৷ এই ঘটনা কেৰালাৰ পিৰাভম পৌৰসভাৰ ইলানজিক্কাভিলৰ৷
দেখা যায় যে পদ্মমে তেওঁৰ স্বামীৰ সৈতে কুঁৱীৰ দেৱালত হেলান দি কোনোমতে থিয় দি আছিল৷ কিছুসময় পাছতেই উদ্ধাৰকাৰী দল উপস্থিত হয় ঘটনাস্থলীত৷ স্বামী স্ত্ৰী দুয়োকে বিশেষ জাল ব্যৱহাৰ কৰি ওপৰলৈ উঠোৱা হয়৷ ইয়াৰ পাছতেই উভয়কে হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















