জৰ্জিয়াৰ বাসিন্সা ক্ৰিষ্টেনা মাৰে৷ তেওঁ এটা ফাৰ্টিলিটি ক্লিনিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে সন্তানৰ গাৰ বৰণৰ বাবেই৷ কিয় ক’লা হ’ল সন্তান উত্তৰ লাগে ক্ৰিষ্টেনাক৷ আই ভি এফ পদ্ধতিত তেওঁ এটি সন্তানৰ জন্ম দিছে৷ যি তেওঁৰ জৈৱিক সন্তান নহয়৷ ২০২৩ চনৰ ডিচেম্বৰত এটা শিশুপুত্ৰৰ জন্ম দিছিল৷ কিন্তু জন্মৰ পাছত বুজিব পাৰে যে সন্তানটো তেওঁৰ নহয়৷ ক্ৰিষ্টেনাই এজন শ্বেতাংগ স্পাৰ্ম ডনাৰ বাছি লৈছিল কিন্তু এই প্ৰক্ৰিয়াৰ মাজত যি সন্তান জন্ম হ’ল সেই সন্তানক দেখা মাত্ৰকেই ক্ষোভত ফাটিছে ক্ৰিষ্টেনা৷ বগা সন্তান বিচাৰিছিল কিন্তু কেনেকৈ ক’লা হ’ল এই সন্তান?
বিষয়টোক লৈ ক্ষোভিত হৈ ফাৰ্টিলিটি ক্লিনিকৰ বিৰুদ্ধে গোচৰো তৰে৷ শেষত ক্ৰিষ্টেনাই ডাঙৰ কৰা শিশুটিৰ প্ৰকৃত জৈৱিক পিতৃ মাতৃ চিনাক্ত হোৱাত সন্তানটিক তেওঁ সেই পিতৃ মাতৃৰ হাতত তুলি দিয়ে৷ এই ঘটনাৰ পাছতেই ভাঙি পৰিছে ক্ৰিষ্টেনা৷ তেওঁৰ মত ক্লিনিকৰ ভুলে তেওঁ জীৱনক নৰক কৰি দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















