অসম লাইভ২৪ঃ প্ৰেমিকৰ সৈতে মাতৃক এৰি বিদেশলৈ গৈছিল যুৱতী। প্ৰেমিকৰ ওপৰত অগাধ বিশ্বাস প্ৰেয়সীৰ। কিন্তু বিশেষ এটা খবৰে যুৱতীগৰাকীক সকলো সম্পৰ্কৰ ওপৰত বিশ্বাস হেৰুৱাবলৈ বাধ্য কৰাইছে। এইয়া কেনেকৈ হ’ব পাৰে! মাতৃ অন্তঃসত্তা হোৱাৰ খবৰ তাকো জীয়াৰীৰ প্ৰেমীকৰ সৈতে এইয়া কেনেকৈ হ’ব পাৰে! ঘটনাৰ স্থান আমেৰিকা। কিছু মাহৰ বাবে আমেৰিকা এৰি বিদেশলৈ গৈছিল যুৱতীগৰাকী। মাতৃ অকলশৰীয়া হ’ব বুলিয়েই বিশ্বাসেৰে প্ৰেমিকক মাতৃৰ কাষত থৈ গৈছিল যুৱতীগৰাকীয়ে।
যুৱতী ভেনেছাই প্ৰকাশ কৰা অনুসৰি জন নামৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ভেনেছাৰ। সম্পৰ্ক ভালেই চলিছিল। প্ৰেমিকক এৰি হঠাৎ ভেনেছা মেক্সিকো যাবলগীয়াত পৰে। মেক্সিকো যোৱাৰ সময়ত ভেনেছাই মাক অকলশৰীয়া হ’ব বুলি তেওঁৰ অনুপস্থিতিত প্ৰেমিকক ঘৰত মাতৃত সংগ দিবৰ বাবে এৰি থৈ যায়। মাতৃতকৈনো বেছি ভৰষা কাক কৰা যায়? সন্দেহৰ কোনো অৱকাশ নৰখাকৈয়ে ভেনেছাই প্ৰেমিক আৰু মাতৃক এৰি মেক্সিকোলৈ উৰা মাৰে। কিন্তু ভেনেছা মেক্সিকোত থকা কালতে প্ৰেমিক জনৰ সৈতে মাতৃৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল।
ভেনেছা মেক্সিকোত থকাৰ সময়তে আমেৰিকাত ঘোষণা হোৱা এটা ৰায়ে মাতৃ আৰু জনক চিন্তিত কৰি তোলে। আমেৰিকাত চলি থকা পুৰণি বিবাদ, ‘ৰো বনাম ওয়েড’-ৰ ৰায়দান দিয়ে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে। ৰায়ত উচ্চতম ন্যায়ালয়ে আমেৰিকাত গৰ্ভপাত বেআইনী ঘোষণা কৰে। ইয়াৰোপৰি এনেদৰে বেআইনী কাৰ্যকলাপ কৰাৰ চেষ্ঠা কৰা লোকক উচিত শাস্তিও দিয়া হ’ব বুলি ঘোষণা কৰে। ভেনেছাক এই খবৰ ফোনযোগে দিবলৈ গৈ হঠাৎ কান্দোনত ভাঙি পৰে মাতৃয়ে। ভেনেছাই মাতৃক কন্দাৰ কাৰণ সোধাত তেওঁ ৩ মাহৰ অন্তঃসত্তা হোৱা বুলি ভেনেছাৰ আগত প্ৰকাশ কৰে। ভেনেছাই মাতৃৰ কথাত হতভম্ব হৈ পৰে। সেই কথা নিজেই টিকটক ভিডিঅ যোগে প্ৰকাশ কৰিছে ভেনেছাই।
মূৰত সৰগ ভাঙি পৰা ভেনেছাই এই বিষয়টোক লৈ প্ৰেমিকেৰেও আলোচনাত বহে। প্ৰেমিকেও সকলো কথা স্বীকাৰ কৰিছে। প্ৰেমিকৰ স্বীকাৰোক্তিৰ পিছতেই সকলো কথা মানি ল’ব পৰা নাই ভেনেছাই। ইমান আপোন মানুহৰ পৰা এনে বিশ্বাসঘাতকতা সহ্য কৰা নাযায়। ভাঙি পৰা ভেনেছাই এতিয়া টিকটক যোগেই এই কাৰ্যকলাপৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ